শুৱালকুছিত স্বাস্থ্য শিবিৰ উদ্বোধন হেমন্ত চৌধুৰীৰ
বিশেষ বাৰ্তা, ১০ ছেপ্টেম্বৰঃ বস্ত্ৰনগৰী শুৱালকুছিত আজি এটি বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিৱিৰ এটা অনুস্হিত হয়৷ শুৱালকুছি জ্ঞানদ্বীপ ইংলিছ স্কুলৰ উদ্যোগত আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ সহযোগত অনুস্হিত স্বাস্থ্য পৰীক্ষাা শিৱিৰটি আনুস্থানিকভাবে মুকলি কৰে মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীয়ে ৷ শিৱিৰটি মুকলি কৰি তেওঁ কয় যে প্ৰতিগৰাকী নাগৰিকে স্বাস্থ্যৰ প্ৰতি সদা সচেতন হোৱাৰ প্ৰয়োজন৷ স্বাস্থ্যৰ প্ৰতি যি সকল লোক সদায় সাধৱান তেওঁলোক বিপদত পৰাৰ সম্ভৱনা কম থাকে৷ গ্ৰামাঞ্চলত হোৱা বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিৱিৰ সমুহে বহুত গৰীৱ লোকক স্বাস্থ্য পৰীক্ষা কৰাৰ সুযোগ দিয়ে৷ সেয়েহে সেই লোক সকলে এনে সুবিধা গ্ৰহণ কৰি নিজৰ নিজৰ স্বাস্থ্য সমুহ পৰীক্ষা কৰি ললে বহুত উপকৃত হব পাৰে বুলি মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীয়ে উল্লেখ কৰে৷ তেওঁ চিকিৎসা শিৱিৰটি জ্ঞানদ্বীপ ইংলিছ স্কুলে অনুস্হিত কৰাত বিদ্যালয় কৰ্তৃপক্ষক ধন্যবাদ জ্ঞাপন কৰে৷ উদ্বোধনী অনুস্হানত শুৱালকুছি মহাত্মা গান্ধী এফ আৰ ইউ চিকিৎসাৰ উপ অধীক্ষক ডা°কাৰ্ত্তিক চন্দ্ৰ মেধি, মহকুমা স্বাস্থ্য বিষয়া ডা°দীপক চন্দ্ৰ দাস, মুখ্যমন্ত্ৰীৰ ব্যক্তিগত সহায়ক দিগন্ত শৰ্মা, বিদ্যালয়ৰ মুৰব্বী প্ৰাণজিৎ দাস প্ৰমুখ্যে কেবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷ প্ৰায় তিনি শতাধিক লোকে স্বাস্থ্য পৰীক্ষা কৰা শিৱিৰটিত চিকিৎসা প্ৰদান কৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ চিকিৎসক ক্ৰমে পি বৰুৱা, ডা° এ গগৈ, ডা° চুমন শৰ্মা আৰু জয়া ঠাকুৰীয়াই৷ বিদ্যালয়খনে এনে বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিৱিৰ অনুস্হিত কৰি স্হানীয় গৰীৱ নিচলা লোক সকলক সুবিধা দিয়াত স্হানীয় ৰাইজে বিদ্যালয়ৰ কৰ্তৃপক্ষ ভূয়সী প্ৰশংসা কৰিছে৷ স্বাস্থ্য শিৱিৰত বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰী আৰু বিভিন্নজনে সহযোগিতা আগবঢ়ায় ৷
প্ৰেৰক দিলীপ মেধি