কামৰূপৰ লোহাৰঘাট মজলীয়া বিদ্যালয়ত স্বাস্থ্য শিবিৰ
নিয়মীয়া বাৰ্তা, ১৬ ডিচেম্বৰঃ কামৰূপ জিলাৰ পলাশবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত অসম মেঘালয় সীমান্তৱৰ্তী লোহাৰঘাটৰ চৰকাৰী মজলীয়া বিদ্যালয়ত আজি এটি স্বাস্থ্য শিবিৰ সম্পন্ন হৈ যায়৷ পিএমশ্ৰী লোহাৰঘাট চৰকাৰী মজলীয়া বিদ্যালয়খনৰ উদ্যোগত তথা ৰামপুৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সহযোগত আয়োজন কৰা উক্ত স্বাস্থ্য শিবিৰটোত বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলৰ স্বাস্থ্য পৰীক্ষা কৰাৰ উপৰি ঔষধ পাতি প্ৰদান কৰা হয়৷ আনহাতে, বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰী তথা কৰ্মচাৰীসকলৰ সহযোগত শিক্ষক ভাস্কৰজ্যোতি দাসে আঁত ধৰা এটি সজাগতামূলক অনুষ্ঠানত প্ৰধান শিক্ষক ধীৰাজ চন্দ্ৰ দাসে ছাত্ৰ ছাত্ৰীসকল সুস্বাস্থ্যৰ অধিকাৰী হোৱাৰ ক্ষেত্ৰত গ্ৰহণ কৰিবলগীয়া বিভিন্ন দিশ সম্পৰ্কে পৰামৰ্শ আগবঢ়াই৷ আনকি উক্ত শিবিৰত সেৱা আগবঢ়োৱা মৈথেলী কাকতী, মীনা কুমাৰী তালুকদাৰ,অনন্ত ফুকন, অংকুৰজ্যোতি দাসকে ধৰি কেইবাগৰাকীও চিকিৎসকে নিজ নিজ বক্তব্যত ৰোগমুক্ত হৈ থকাৰ হেতু মানি চলিবলগীয়া কেতবোৰ গুৰুত্বপূৰ্ণ নিয়ম আৰু খাদ্যৰ যতন সম্পৰ্কেও ছাত্ৰ ছাত্ৰী সকলোক সাৱলীলভাৱে বুজাই দিয়ে৷
প্ৰেৰক নুৰুল ইছলাম