নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধাৰাসাৰ বৰষুণ : ঘৰৰ ওপৰত পৰিল ওখ টিলাৰ মাটি

🔹 মৰ্মান্তিক : কৰিমগঞ্জত একেটা পৰিয়ালৰ ৫জন মৃত্যু

নিয়মীয়া বাৰ্তা, ১৯ জুন : ধাৰাসাৰ বৰষুণৰ ফলত কৰিমগঞ্জত ভয়ংকৰ ঘটনা। ভয়ংকৰ ভূমিস্খলনৰ ফলত কৰিমগঞ্জ জিলাৰ বদৰপুৰত একেটা পৰিয়ালৰ ৫জন লোকৰ মৃত্যু হয়। বদৰপুৰৰ বেণ্ডাৰগোল এলেকাৰ তাজুৰতল গাঁৱত সংঘটিত হয় এই ভয়ংকৰ ঘটনা। ভূমিস্খলনৰ ফলত আব্দুল কৰিমৰ পৰিয়ালৰ ৫জন লোকৰ মৃত্যু হয়। ঘটনাস্থলীত উপস্থিত হৈ বদৰপুৰ আৰক্ষী আৰু SDRF-এ উদ্ধাৰ কাৰ্য চলাই মাটিৰ তলৰ পৰা মৃতদেহকেইটা উদ্ধাৰ কৰে। নেৰানেপেৰা বৰষুণৰ ফলত সংঘটিত হয় এই ভয়ংকৰ ভূমিস্খলনৰ ঘটনা। নিশা প্ৰায় ১২ বজাত প্ৰকাণ্ড শব্দেৰে কাষৰ ওখ টিলা খহি পৰে আব্দুল কৰিমৰ ঘৰৰ ওপৰত। একেখন বিছনাত শুই থকা নাতিসহ পৰিয়ালৰ পাঁচজন সদস্যৰ কৰুণ মৃত্যু হয়। চিঞৰ-বাখৰ শুনি ওলাই আহে স্থানীয় ৰাইজ। খবৰ দিয়া হ‌য় আৰক্ষী আৰু SDRF বাহিনীক। প্ৰায় তিনি ঘণ্টাৰ প্ৰচেষ্টাত মাটিৰ তলৰ পৰা উদ্ধাৰ কৰা হয় মৃতদেহকেইটা। ভূমিস্খলনৰ ফলত মৃত্যুবৰণ কৰা লোককেইজন হ’ল আব্দুল কৰিম, পত্নী ৰাইমুন নেছা, কন্যা সাহেদা খানম, জাহেদা খানম, হামিদা খানম আৰু নাতি মেহেদি হাছান ।

প্ৰেৰক অসীম দেব

You might also like