নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত হিৰোয়িন জব্দ- ধৃত এক

- দক্ষিণ শালমাৰাৰ পৰা নদীপথেদি ধুবুৰীলৈ অনাৰ পথত যোগমায়া পাৰঘাটত জব্দ ড্ৰাগচখিনি

নিয়মীয়া বাৰ্তা, ২৬ ডিচেম্বৰ: আজি ধুবুৰী আৰক্ষীৰ অভিযানত আনুমানিক প্ৰায় পাঁচ লক্ষাধিক টকা বজাৰ মূল্যৰ সন্দেহজনক হিৰোয়িন নামৰ মাৰাত্মক ড্ৰাগচসহ এজন ব্যক্তিৰ কৰায়ত্ব কৰা বুলি জানিব পৰা গৈছে। ঘটনা সন্দৰ্ভে জানিব পৰা মতে, বৰলুইতৰ সিপাৰৰ দক্ষিণ শালমাৰাৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগচসহ এজন লোক নদীপথে দিয়ে ধুবুৰীলৈ আহি থকাৰ এক তথ্য লাভ কৰিছিল আৰক্ষীয়ে। সেই তথ্যৰ ভিত্তিত ধুবুৰী নগৰ পৰিদৰ্শক হিৰকজ্যোতি দাসৰ নেতৃত্বত আৰক্ষীৰ এটি দলে আজি আবেলিৰ পিনে ধুবুৰীৰ চহৰৰ বৰলুইতৰ যোগমায়া পাৰঘাটত অকষ্মাতে এক অভিযান চলাইছিল। আৰক্ষীৰ সেই অভিযানত দক্ষিণ শালমাৰাৰ পৰা ভূটভূটীৰে পাৰঘাটটোত আহি উপস্থিত হোৱা ব্যক্তি এজনৰ পৰা ১০টাকৈ চাবোনৰ বাকচভৰ্তি সন্দেহজনক হিৰোয়িন জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। ফ্লিপকাৰ্টৰ জোতাৰ বাকচত লুকুৱাই অনা জব্দকৃত ১২৭.১৬ গ্ৰাম ওজনৰ সেই সন্দেহজনক হিৰোয়িনখিনিৰ বজাৰ মূল্য প্ৰায় পাঁচ লাখ টকা মান হ’ব বুলি অনুমান কৰা হৈছে। দক্ষিণ শালমাৰা আৰক্ষী থানাৰ অন্তৰ্গত ছৈখোৱা গাওঁৰ বাসিন্দা মিনহাজুল হ’ক নামৰ ধৃত ড্ৰাগচ সৰবৰাহকাৰীক বৰ্তমানে জেলা চলাই আছে অৰক্ষীয়ে। মিনহাজুলে মেঘালয়ৰ পৰা হিৰোয়িনখিনি সংগ্ৰহ কৰা বুলি সন্দেহ কৰা হৈছে আৰু বিষয়টোলৈ চলাই থকা তদন্তৰ পিছত সকলোখিনি পোহৰলৈ অহিব বুলি জনাইছে আৰক্ষীয়ে।

অমিতাভ চক্ৰৱৰ্তী, ধুবুৰী

You might also like