নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰী সাহিত্য সভাৰ গৌৰৱজ্বল শতবৰ্ষ – ধুবুৰীৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত শতবৰ্ষৰ শুভাৰম্ভণী অনুষ্ঠান

নিয়মীয়া বাৰ্তা, ২৬ ডিচেম্বৰ: আজি ধুবুৰীৰ মাজমজিয়াৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত অনুষ্ঠিত হয় ধুবুৰী সাহিত্য সভাৰ গৌৰৱজ্বল শতবৰ্ষৰ শুভাৰম্ভণী শীৰ্ষক এক অনুষ্ঠান। উল্লেখ্য যে, ধুবুৰীৰ স্বনামধন্য ব্যক্তি তথা “সীমান্ত প্ৰহৰী” খ্যাত প্ৰয়াত প্ৰমথনাথ চক্ৰৱৰ্তীকে ধৰি সেই সময়ৰ আন কেইবা গৰাকী বৰেণ্য ব্যাক্তিৰ আশাশুধীয়া প্ৰচেষ্টাত ১৯২৩ চনত স্থাপিত হৈছিল ধুবুৰী সাহিত্য সভাৰ। ধুবুৰী সাহিত্য সভাই ২০২৩ বৰ্ষত বৰ্ণিল যাত্ৰা সামৰি শতবৰ্ষ অতিক্ৰম কৰিব আৰু তাৰেই সৈতে সংগতি ৰাখি অনুষ্ঠিত হ’য় শতবৰ্ষৰ শুভাৰম্ভণী অনুষ্ঠান। পুৱা ৯টা বজাত ধুবুৰী সাহিত্য সভাৰ সভাপতি উদয়ন চক্ৰৱৰ্তীৰ নেতৃত্বত ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত অসম সাহিত্য সভাৰ ১০০ খন পতাকা উত্তোলনেৰে শতবৰ্ষৰ শুভাৰম্ভণী কাৰ্য্যসূচীৰ শুভাৰম্ভ ঘটে। অসম সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি উদয়ন চক্ৰৱৰ্তী, ধুবুৰী জিলাৰ উপায়ুক্ত তথা ধুবুৰী সাহিত্য সভাৰ শতবৰ্ষ উদযাপন সমিতিৰ সভাপতি দিবাকৰ নাথ, ধুবুৰী পৌৰসভাৰ অধ্যক্ষ ডাঃ দেৱময় সান্যাল, ধুবুৰী গৌৰীপুৰ উন্নয়ন প্ৰাধীকৰণৰ অধ্যক্ষ দীপক কুমাৰ সাহা প্ৰমুখ্যে বহু মান্যগণ্য ব্যক্তি পতাকা উত্তোলন কাৰ্য্যসূচীত অংশ লয়। ইয়াৰ পিছত, অনুষ্ঠিত হয় স্মৃতি তৰ্পণ কাৰ্য্যসূচী। সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি পাচু গোপাল চক্ৰৱৰ্তীয়ে এই কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰে।স্মৃতি তৰ্পণ কাৰ্য্যসূচীৰ অন্তত খেলপথাৰখনৰ পৰা উলিওৱা হ’য় বৰ্ণ্যাঢ্য এক সাংস্কৃতিক শোভাযাত্ৰা। ধুবুৰী জিলাৰ আৰক্ষী অধীক্ষক অপৰ্ণা নটৰাজনে সেই শোভাযাত্ৰাটোৰ আনুষ্ঠানিক শুভাৰম্ভ কৰে। বিয়লি ৫টা বজাত পতাকা অৱনমন আৰু ধুবুৰী সাহিত্য সভা ভৱনত বন্তি প্ৰজ্জ্বলনেৰে ধুবুৰী সাহিত্য সভাৰ আজিৰ শতবৰ্ষৰ শুভাৰম্ভণী কাৰ্য্যসূচীৰ অন্ত পৰে। উল্লেখ যে, ২০২৩ বৰ্ষত ধুবুৰী সাহিত্য সভাই ইয়াৰ শতবাৰ্ষিকী অনুষ্ঠানৰ বৰ্ষজোৰা কাৰ্যসূচীও গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে ।

You might also like