নগাঁৱত ৮৫ লাখ টকা মূল্যৰ হিৰইন জব্দঃ মহিলাসহ চাৰিজনক গ্ৰেপ্তাৰ
নিয়মীয়া বাৰ্তা ২০ অক্টোবৰঃ নগাঁও আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি আজি পুৱতি নিশা নগাঁও জিলাৰ চাপৰমুখ ৰে’ল জংচনত অভিযান চলাই বৃহৎ পৰিমাণৰ হিৰইন জব্দ কৰিবলৈ সক্ষম হয়। এই সন্দৰ্ভত নগাঁও আৰক্ষীয়ে এগৰাকী মহিলাসহ চাৰিজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
নগাঁও আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাৰ নেতৃত্বত যোৱা আৰক্ষী দলে লিডু এক্সপ্ৰেছ ৰে’ল গাড়ীখন চাপৰমুখ ৰে’লৱে জংচনত ৰখোৱাৰ পিছতে এই অভিযান চলাই। অভিযানৰ সময়ত আৰক্ষীয়ে ১০টা চাবোনৰ বাকচত ১২০ গ্ৰাম হিৰইন উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে হিৰইন সৰবৰাহকাৰী দলৰ পৰা ১১,০০০ টকা জব্দ কৰিবলৈ সক্ষম হোৱাৰ লগতে আন কেতবোৰ সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয়।
আৰক্ষীয়ে এই সন্দৰ্ভত জিলাখনৰ বটদ্ৰবা থানাৰ অন্তৰ্গত ভেৰভেৰীৰ চিতাৰা বেগম (৪০), মাইনুল হক্(৩২), ধনীয়া ভেটিৰ ৰচিদুল হক্(২৫) আৰু কচুৱা আৰক্ষী থানাৰ অন্তৰ্গত লংজাপ পদুমনিৰ ওৱাদিকুল হক(৩২)ক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে অধিক তথ্য আহৰণৰ বাবে হিৰইন সৰবৰাহকাৰী এই চাৰিজন লোকক জেৰা অব্যাহত ৰাখিছে।
নগাঁও আৰক্ষী সূত্ৰই জনোৱা মতে ধৃত এই লোক কেইজনে ডিমাপুৰৰ পৰা এই হিৰইন সমূহ ৰে’ল গাড়ীখনত গুৱাহাটীত বিক্ৰী কৰিবৰ বাবে আনিছিল। এই হিৰইনখিনিৰ মূল্য প্ৰায় ৮৫ লাখ টকা। উল্লেখ যে ইয়াৰে মাইনুল হক্ এজন পলাতক আছামী বুলি জানিব পৰা গৈছে। এই ড্ৰাগছ সৰবৰাহকাৰী দলটোৱে দীৰ্ঘদিন ধৰি ডিমাপুৰ আদিৰ পৰা হিৰইনকে ধৰি বিভিন্ন নিচাযুক্ত সামগ্ৰী সৰবৰাহ কৰি আহিছিল।