নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্ৰুগড়ত হেৰইন জব্দ : ছজনক গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা, ৭ফেব্ৰুৱাৰী : ডিব্ৰুগড়ত ৩৫ গ্ৰাম হেৰইনসহ ছয়জনক আজি গ্ৰেপ্তাৰ কৰে ডিব্ৰুগড় আৰক্ষীয়ে। সোমবাৰে সন্ধিয়া আৰক্ষীৰ ড্ৰাগছবিৰোধী অভিযানৰ অংশস্বৰূপে উপ-আৰক্ষী অধীক্ষক আৰ্চুয্য জীৱন বৰুৱাৰ নেতৃত্বত বৰবৰুৱা আৰক্ষী আৰু চিআৰপিএফ ১৭১ বেটেলিয়নৰ এটা দলে অভিযান চলাই ৩৫ গ্ৰাম হেৰইন জব্দ কৰাৰ লগতে ছয় জনক গ্ৰেপ্তাৰ কৰিছে। বগীবিল দলঙৰ সমীপত জব্দ কৰাৰ লগতে আৰক্ষীয়ে চাৰিখন মটৰচাইকেল,সাতটা মোবাইল ফোনসহ আপত্তিজনক সামগ্ৰী জব্দ কৰিছে।

জব্দ কৰা হেৰইনখিনিৰ মূল্য প্ৰায় দহ লাখৰো অধিক হব।আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ এন ডি পি এছ আইনৰ ২১(বি)/২৩(বি)/২৭/২৯ৰ অধীনত ১৭/২০২২ নং গোচৰ পঞ্জীয়ন কৰি প্ৰাণজিৎ কোঁৱৰ, সাগৰ সোণোৱাল, মাইকেল পেগু, কৌশিক সোণোৱাল, ভাইটি দলে আৰু জৰ্নি বৰুৱা নামৰ ছয়জন যুৱকক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে। অৱশ্যে বৃহৎ মূল্যৰ হেৰইনখিনি কৰ পৰা আৰু কলৈ নিছিল অধিক তদন্তৰ পাছতহে জানিব পৰা যাব। উল্লেখ্য যে বিগত দিনকেইটাত ডিব্ৰুগড় আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে যদিও বৰ্তমান একাংশই আৰক্ষীৰ চকুত ধূলি দি নিষিদ্ধ ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলাই গৈছে।
প্ৰেৰক বিভাস দুৱৰা

You might also like