ডিব্রু–চৈখোৱাত ৭ স্থানত হাইড্রকার্বন খননত হাইক’ৰ্টৰ স্থগিতাদেশ
নিয়মীয়া বাৰ্তা, ৮ ডিচেম্বৰঃ ডিব্রু–চৈখোৱা ৰাষ্ট্রীয় উদ্যানৰ ৭ স্থানত হাইড্রকার্বন প্রকল্পৰ খননত স্থগিতাদেশ জাৰি কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে৷ এই সন্দর্ভত দাখিল হোৱা এখন ৰাজহুৱা স্বার্থজড়িত আবেদনৰ শুনানি গ্রহণ কৰি ভাৰপ্রাপ্ত মুখ্য ন্যায়াধীশ এন কে সিং আৰু ন্যায়াধীশ মনীষ চৌধুৰীৰ খণ্ড বিচাৰপীঠে হাইড্রকার্বন প্রকল্পৰ খননত স্থগিতাদেশ জাৰি কৰে৷
বিশেষকৈ উচ্চতম ন্যায়ালয়ৰ নির্দেশনা অনুসৰি জৈৱ–বৈচিত্র্যৰ প্রভাৱ–পৰীক্ষণ অধ্যয়ন নকৰাকৈয়ে অইল ইণ্ডিয়াই খনন চলোৱাৰ বাবে উচ্চ ন্যায়ালয়ে স্থগিতাদেশ জাৰি কৰিছে৷ উল্লেখ্য যে ডিব্রু–চৈখোৱা ৰাষ্ট্রীয় উদ্যান খননৰ পূর্বে স্থানীয় ৰাইজৰ সৈতে কোনোধৰণৰ আলোচনা কৰা নাছিল৷ যিটো বিধি অনুযায়ী বাধ্যতামূলক৷ একেদৰে ৰাষ্ট্রীয় উদ্যানখনত খননৰ বাবে ভাৰত চৰকাৰৰ বন আৰু পৰিৱেশ মন্ত্রালয়ে দিয়া অনুমোদনকো প্রত্যাহ্বান জনোৱা হৈছিল এই গোচৰটোৰ জৰিয়তে৷ তদুপৰি শেহতীয়াকৈ কেন্দ্রীয় চৰকাৰে ই আই এত সংশোধনী ঘটাই এ শ্রেণীৰ প্রকল্পসমূহক বি–২ প্রকল্প হিচাপে শ্রেণীভুক্ত কৰিবলৈ লোৱা পৰিকল্পনাৰ বিষয়েও উচ্চ ন্যায়ালয়ত দাখিল কৰা আবেদনখনত উল্লেখ কৰা হৈছে৷ ইয়াৰ পূর্বে গোচৰটোৰ শুনানি গ্রহণ কৰি উচ্চ ন্যায়ালয়ে অইল ইণ্ডিয়াক শপতনামা দাখিল কৰিবলৈ নির্দেশ দিছিল৷
এই শপতনামাৰ জৰিয়তে খননৰ পূর্বে অইলে জৈৱ–বৈচিত্র্যৰ প্রভাৱ–পৰীক্ষণ–ধ্ কৰিছিলনে নাই সেয়া সদৰী কৰিবলৈ নির্দেশ দিছিল৷ তদুপৰি আন কেইবাটাও বিষয়ত অইল ইণ্ডিয়া লিমিটেডক তেওঁলোকৰ স্থিতি সদৰী কৰিবলৈ নির্দেশ দিয়া হৈছিল৷ কিন্তু জৈৱ–বৈচিত্র্যৰ প্রভাৱ–পৰীক্ষণ–ধ্ প্রতিবেদন তেওঁলোকে দাখিল কৰাত ব্যর্থ হয়৷ যাৰ পৰিপ্রেক্ষিতত উচ্চ ন্যায়ালয়ে এই সন্দর্ভত ৰুজু হোৱা কেইবাটাও গোচৰৰ শুনানি গ্রহণ কৰি ৭ স্থানত হাইড্রকার্বন প্রকল্পৰ খননত স্থগিতাদেশ জাৰি কৰে৷