নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰৰ হাইলাইটৰ বিজুতি সন্দৰ্ভত ধুবুৰী পৌৰসভাৰ উদাসীনতা

নিয়মীয়া বাৰ্তা, ১০ অক্টোবৰঃ যি সময়ত সাধাৰণ গ্ৰাহকে বিদ্যুতৰ বিলক লৈ ত্ৰাহি মধুসূদন সুঁৱৰিব ল’গা হৈছে সেই সময়ত ধুবুৰী চহৰৰ মাজমজিয়াৰ খেলপথাৰ এখনৰ ‘হাই লাইট’ এটা বিগত প্ৰায় ৪৮ ঘন্টা দিনে নিশাই প্ৰজ্বলিত হৈ থকাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা পোৱা গৈছে প্ৰতিক্ৰিয়াৰ। অৱশ্যে আজি দুপৰীয়ালৈ প্ৰজ্বলিত হৈ থকা সেই হাই লাইটটো পিছলৈ গৈ নুমুৱা পোৱা যায়। প্ৰত্যক্ষদৰ্শীৰ দাৱীনুসৰি, যোৱা শনিবাৰৰ সন্ধিয়া ধুবুৰীৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰখনত প্ৰজ্বলিত হোৱা এটা হাই লাইট যোৱাকালি দিনৰ ভাগতো জ্বলি থকা প্ৰত্যক্ষিত হোৱাৰ অনুৰূপে আজিও দিনতো জ্বলি থকা দেখা গৈছিল সেইটো। উল্লেখ্য যে, ধুবুৰী পৌৰসভা এলেকাৰ ৱাৰ্ড নম্বৰ ১ত থকা সেই খেলপথাৰৰ চাৰি কোণত আছে চাৰিটাকৈ সুউচ্চ হাই লাইট। ধুবুৰী পৌৰসভাই স্থাপন কৰা সেই হাই লাইট কেইটা প্ৰথমাৱস্থাত ঠিকেই আছিল। কিন্তু পিছলৈ গৈ সেই হাইলাইট কেইটাৰ দুটাৰ স্বয়ংক্ৰিয় ‘টাইমাৰ’ বেয়া হোৱা বুলিয়েই প্ৰকাশ। পিছে বিগত কিছু দিনৰ পৰাই সেই হাই লাইট চাৰিটাৰ এটা নজলাৰ বিপৰীতে অইন এটা বিগত ৪৮ ঘন্টাই প্ৰজ্বলিত অৱস্থাত থকা দেখা গৈছে। ফলত স্বাভাৱিক ভাৱেই সেই ‘হাই লাইট’ দুটাৰ ‘টাইমাৰ’ ঠিক কৰাৰ বাবে পৌৰসভা কৰ্তৃপক্ষই ব্যৱস্থা নোলোৱাৰ কাৰণ কি বুলি উত্থাপিত হৈছে প্ৰশ্নৰো। তাৎপৰ্যপূৰ্ণ যে, সেই খেলপথাৰখনৰ সমীপতে আছে ধুবুৰী পৌৰসভাৰ কাৰ্য্যালয়। আনকি ঘটনাটো লৈ সামাজিক মাধ্যম ফেচবুকতো ব্যপক ভাৱে চৰ্চিত হ’বলৈ ধৰাও পোৱা গৈছে। পিছে সেই ফ্লাড লাইট দুটা ঠিক কৰোৱাৰ বাবে কোনো পৌৰসভা কৰ্তৃপক্ষই কোনো ধৰণৰ পদক্ষেপেই লোৱা দেখা যোৱা নাই। ফলত স্বাভাৱিক ভাৱেই কৰৰূপে সংগ্ৰহিত ধনৰ পৰাই বিদ্যুৎ বিভাগৰ বিল পৰিশোধ কৰা হোৱা হেতুকেই বিষয়টো লৈ পৌৰসভা কৰ্তৃপক্ষ তথা তাৰ বিষয়া–কৰ্মচাৰীৰ গা ল’ৰা নাই নেকি বুলি এক গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপিত হোৱাৰ সমান্তৰালকৈ এইদৰে অবাবত চৰকাৰী ধনৰ শৰাধ ঘটাৰ বিষয়টো লৈ জনমানসক বিৰূপ প্ৰতিক্ৰিয়াৰো সৃষ্টি হোৱা পোৱা গৈছে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like