হিন্দু–মুছলমান–শিখ্ প্রচেষ্টাত স্বাধীন হৈছিল ভাৰত
জুৰীয়াত কংগ্রেছৰ সভাত ছত্তিশগড়ৰ মুখ্যমন্ত্রী ৱাঘেল
নিয়মীয়া বাৰ্তা ২০ ফেব্ৰুৱাৰীঃ ভাৰত কাৰো পৈতৃক সম্পত্তি নহয়৷ হিন্দু–মুছলমান–শিখ্ সকলোৰে প্রচেষ্টাত ভাৰত স্বাধীন হৈছিল৷ কিন্তু বিজেপিয়ে আজি সমাজখন ভাগ ভাগ কৰিছে৷’–এই অভিযোগ ছত্তিশগড়ৰ মুখ্যমন্ত্রী ভূপেশ ৱাঘেলৰ৷ শুকুৰবাৰে জুৰীয়া বগৰীগুৰি হাইমাদ্রাছা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত এক জনসভাত এইদৰে মন্তব্য কৰে ছত্তিশগড়ৰ মুখ্যমন্ত্রীগৰাকীয়ে৷ সভাত মুখ্য অতিথি ৰূপে অংশগ্রহণ কৰি মুখ্যমন্ত্রীগৰাকীয়ে লগতে কয়– আজি ৯০ দিন ধৰি দিল্লীত কৃষকে আন্দোলন কৰিছে, বহু কৃষকৰ মৃত্যু হৈছে৷ তৎসত্ত্বেও শাসনৰ গাদীত থকা চৰকাৰখনে কোনো গুৰুত্ব দিয়া নাই৷
মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ভাষ্যক কটাক্ষ কৰি ছত্তিশগড়ৰ মুখ্যমন্ত্রী ৱাঘেলে কয়–‘এতিয়া অসমৰ ক’তো আনন্দ নাই৷ কেৱল কয়লা ছিণ্ডিকেট, তামোল ছিণ্ডিকেটকে ধৰি বিভিন্ন ছিণ্ডিকেটৰ লগত জডিতসকলৰহে আনন্দ হৈছে৷ সর্বসাধাৰণৰ পৰা আনন্দ বহুত দূৰত বুলিও তেওঁ ভাষণ প্রসংগত উল্লেখ কৰে৷ কেইবাসহস্র লোক উপস্থিত থকা সভাখনত প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই কয়– ‘এনআৰচিৰ নামত দীর্ঘদিন ধৰি সংখ্যালঘু ৰাইজৰ মাজত বিভিন্ন ধৰণেৰে ভীতি প্রদর্শন কৰি আহিছিল৷ এনআৰচি প্রকাশ কৰাৰ পাছতো ২০১৯ চনৰ পৰা শাসকীয় বিজেপি দল ৰহস্যজনকভাৱে মৌন হৈ আছে৷ কংগ্রেছ শাসনলৈ আহিলে এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকক এনআৰচিত অন্তর্ভুক্ত কৰা হ’ব৷ কংগ্রেছৰ দিনত ‘ডি’ ভোটাৰৰ সমস্যাৰ সমাধান কৰাৰ লগতে বিজেপিৰ নতুন ভূমি নীতিক নাকচ কৰি চৰ–চাপৰিত জৰীপৰ জৰিয়তে সকলো ভূমিহীন লোকক ভূমি প্রদান কৰা হ’ব৷ আনহাতে, কংগ্রেছ দলৰ প্রভাৱশালী প্রাক্তন মন্ত্রী তথা চামগুৰিৰ বিধায়ক ৰকিবুল হুছেইনে বিজেপি চৰকাৰৰ এগৰাকী মন্ত্রীক আক্রমণৰ লক্ষ্য কৰি লয়৷ সভাখনত স্থানীয় বিধায়ক নুৰুল হুদায়ো ভাষণ প্রদান দি বিজেপি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে৷ সভাখনত কেইবাগৰাকী জ্যেষ্ঠ কংগ্রেছ নেতা উপস্থিত থাকে৷