নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হর্ছ ট্রেডিংঃ মানাহত বিপিএফৰ প্রার্থী–পাৰিষদ

নিয়মীয়া বার্তা, ২৬ এপ্রিলঃ কংগ্রেছৰ পাছত এইবাৰ চলিছে বিপিএফৰ হোটেল ৰাজনীতি৷ এই হোটেল ৰাজনীতিৰ পৰিপ্রেক্ষিততে আজি বিপিএফৰ সাধাৰণ সম্পাদক তথা বিধানসভা নির্বাচনত বৰমা সমষ্টিৰ প্রার্থী প্রবীণ বড়োৰ ঘোষণা যে শীঘ্রেই বিটিএডিত বিজেপি–ইউপিপিএল মিত্রজোঁটৰ পৰা কেইবাগৰাকীও পাৰিষদে ওলাই আহি সমর্থন জনাব বিপিএফৰনেতা হাগ্রামা মহিলাৰীক আৰু বিটিএডিত হ’ব এক মহা পৰিৱর্তনৰ নতুন সমীকৰণ৷ অসম বিধানসভা নির্বাচনৰ ফলাফলৰ পাছতো অসমৰ ৰাজনীতিত অনুৰূপ ঘটনা দেখিবলৈ পোৱা যাব বুলি মন্তব্য কৰে প্রবীণ বডোৱে৷ বিপিএফ নেতাগৰাকীৰ এই মন্তব্যই স্বাভাৱিকতে যথেষ্ট তাৎপর্য বহন কৰিছে৷ উল্লেখ্য যে বিদেশৰ পৰা আহি মানস ৰাষ্ট্রীয় উদ্যানস্থিত দুখনকৈ ৰিজ’টত বিপিএফৰ প্রার্থী আৰু পাৰিষদে বাহৰ পাতি থকা খবৰ সংবাদ মাধ্যমৰ জৰিয়তে বিয়পি পৰাৰ পাছতে আজি ৰিজ’ট দুখনত তীব্র চাঞ্চল্যৰ সৃষ্টি হয়৷

বিশেষকৈ মানস ৰাষ্ট্রীয় উদ্যানৰ সমীপত থকা ‘মুচা’ আৰু ‘চিখিৰী’ নামৰ ৰিজ’ট দুখনত দুদিন পূর্বেই বিপিএফৰ ১০গৰাকী প্রার্থী আৰু কেইবাজনো পাৰিষদে বাহৰ পাতে৷ তাৰ পাছতে অতি কৌশলেৰে যোৱানিশা আৰু আজি পুৱাই বিপিএফৰ বহুকেইজন নেতাই ঠিকনা সলনি কৰে৷ ইতিমধ্যে সোমবাৰে ৰিজ’ৰ্ট দুখনত বহু নেতা–কর্মী আৰু গাড়ী থকা সময়ত সংবাদ মাধ্যমৰ প্রৱেশত বাধা প্রদান কৰে ৰিজ’ট কর্তৃপক্ষই৷ তদুপৰি প্রৱেশদ্বাৰত তলা ওলোমাই দিয়ে ৰিজ’ট কর্তৃপক্ষই৷ উল্লেখ্য যে বিপিএফ নেতা খাম্পা বৰগয়াৰী হৈছে মুচা ৰিজ’টৰ স্বত্বাধিকাৰী৷ ইয়াৰ পাছতে সময় যোৱাৰ লগে লগে তাত বহু সাংবাদিকৰ আগমন ঘটে যদিও বিপিএফৰ কোনো নেতা–কর্মীয়ে আবেলি পর্যন্ত তাত কি হৈ আছে মুখ খোলাৰ পৰা বিৰত থাকে৷ গোটেই দিনটোত আজি বাছ আৰু ব্যক্তিগত বাহনেৰে বিপিএফৰ বহু নেতা–কর্মীৰ সঘন অহা–যোৱা চলাও পৰিলক্ষিত হয়৷

এই সূত্র অনুসৰি সোমবাৰে তাত বিপিএফৰ জ্যেষ্ঠ নেতা হিতেশ বসুমতাৰী, থানেশ্বৰ বসুমতাৰী, প্রবীণ বড়োকে আদি কৰি বহুকেইগৰাকী বিধায়ক প্রার্থী উপস্থিত হয়৷ বিশেষ সূত্রে আজি বিপিএফ দলে বিটিএডিৰ চাৰিখন জিলাত থকা বিপিএফৰ ১০খনকৈ জিলা সমিতিৰ প্রতিনিধিৰ সৈতে পৃথকভাৱে গুৰুত্বপূর্ণ বৈঠকত মিলিত হয়৷ বৈঠকত হাগ্রামা মহিলাৰী নিজেই উপস্থিত থকা বুলি বিপিএফৰ এক সূত্রই প্রকাশ কৰে৷ তথ্য বিচাৰি সাংবাদিকসকলে দিনটো অপেক্ষা কৰি থকাৰ অন্তত বিপিএফৰ সাধাৰণ সম্পাদক প্রবীণ বডোৱে আগুৱাই আহি সংবাদ মাধ্যমৰ আগত বক্তব্য ৰাখি তাৎপর্যপূর্ণ মন্তব্য আগবঢ়ায়৷ তেওঁ যিকোনো মুহূর্তত বিটিএডিৰ পাৰিষদীয় চৰকাৰ সলনি হ’ব বুলি দাবী কৰাৰ লগতে মুছা আৰু চিখৰী ৰিজ’ৰ্টত হোৱা বিপিএফৰ গোপন বৈঠক সন্দর্ভতো মুখ খোলে৷ প্রবীণ বড়োৱে কয় যে দুই ৰিজ’টত হর্ছ ড্রেডিং সন্দর্ভত কোনো শংকা বা আলোচনা হোৱা নাই আৰু এই বৈঠকত হাগ্রামা মহিলাৰী অনুপস্থিত বুলি মন্তব্য কৰে যদিও এক বিশেষ সূত্রই মহিলাৰী ভিতৰত থকাটো নিশ্চিত কৰিছে৷ বড়োৱে জানিবলৈ দি কয় যে বিপিএফৰ নেতা–কর্মীসকলে হর্ছ ড্রেডিঙৰ ভয়ত এনেদৰে লগ হোৱা নাই, কাৰণ বিপিএফে বিজেপিৰ হর্ছ ড্রেডিঙক ভয় নকৰে৷ বিপিএফ নেতাগৰাকীৰ মতে এইবাৰ ৰাজ্যত হেনো নিশ্চিতভাৱে মহাজোঁটৰ চৰকাৰ হ’ব আৰু বিপিএফে নিজেই ১০খন আসন লাভ কৰিব৷

You might also like