নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লকডাউনঃ বাংলাদেশত আবদ্ধ উত্তৰ–পূবৰ ১৫ শিক্ষার্থী

নিয়মীয়া বার্তা, ২৬ এপ্রিলঃ অসমসহ উত্তৰ–পূর্বাঞ্চলৰ ১৫জনীয়া চিকিৎসা বিজ্ঞানৰ শিক্ষার্থীৰ দল এটা বাংলাদেশত আবদ্ধ হৈ পৰাত শিক্ষার্থীসকলৰ লগতে তেওঁলোকৰ পৰিয়ালৰ মাজত হাহাকাৰ সৃষ্টি হৈছে৷ উল্লেখ্য যে দক্ষিণ শালমাৰা–মানকাচৰ জিলাৰ খাৰুৱাবান্ধা গাঁৱৰ খলিলুৰ ৰহমানৰ পুত্র এছ এম জামিনুৰ ৰহমান, হাজী জয়নাল আবেদিনৰ পুত্র আবু তালেব, মানকাচৰৰ মিঞাপাৰা গাঁৱৰ আব্দুল্লা আবেদিনৰ জীয়েক আৰবিনা আহমেদ, কামৰূপৰ হাতীগাঁৱৰ মজিহৰ ৰহমানৰ পুত্র মোকলেজুৰ ৰহমান, আব্দুল কাদেৰৰ পুত্র ইউছুফ আলী আহমেদ, বৰপেটা জিলাৰ নিচুখা গাঁৱৰ আহমেদ আলীৰ পুত্র ছেমিম আহমেদ, কাকধুৱা গাঁৱৰ ওমৰ আলীৰ পুত্র ছাইফুল আলী, কালাভাংগা গাঁৱৰ সুকুল মিঞাৰ জীয়েক মেহেজবিন ইয়াছমিনসহ তিনিজন, দৰং জিলাৰ ১নং পুনিয়া গাঁৱৰ মহাম্মদ আলীৰ পুত্র মোকলেছুৰ ৰহমান, ধুবুৰী জিলাৰ বিলাসীপাৰা গাঁৱৰ আহমেদ আলীৰ পুত্র ৱাছিও আহমেদসহ মুঠ ১৫জনীয়া শিক্ষার্থী দলটো পৰীক্ষা সমাপ্ত কৰি যোৱানিশা ঘৰলৈ ৰাওনা হয়৷

বাংলাদেশৰ ইউনিভার্ছিটী অৱ ছায়েন্স এণ্ড টেকন’লজী চট্টগ্রাম, চমুকৈ ইউ এছ টি চিত অধ্যয়নৰত শিক্ষার্থীকেইজন যোৱা ২২ এপ্রিলত চূড়ান্ত পৰীক্ষা সমাপ্ত কৰি ২৪ তাৰিখে নিজ দেশলৈ ৰাওনা হয়৷ শিক্ষার্থীকেইজন ক’ভিড পৰীক্ষা কৰি নিজ দেশলৈ অহাৰ বাবে ত্রিপুৰাৰ ভাৰত–বাংলাদেশ সীমান্তত থকা বাংলাদেশৰ কাঁইটীয়া তাৰৰ বেৰৰ সিপাৰে আখউৰাত উপস্থিত হয় আজি পুৱাৰ ভাগত৷ কিন্তু বাংলাদেশ চৰকাৰে ইতিমধ্যে দেশজুৰি ১৪ দিনৰ বাবে লকডাউন ঘোষণা কৰাত তেওঁলোক আখউৰা সীমান্তত আবদ্ধ হৈ পৰিছে৷

মন কৰিবলগীয়া বিষয় এয়া যে এইদৰে বাংলাদেশত শিক্ষার্থীকেইজন আবদ্ধ হৈ পৰাত মানকাচৰৰ শিক্ষার্থীকেইজনৰ পৰিয়ালৰ মাজত হাহাকাৰ সৃষ্টি হৈছে৷ পৰিয়ালকেইটা চিন্তিত হৈ পৰাৰ লগতে চৰকাৰে শিক্ষার্থীকেইজনক উদ্ধাৰ কৰি অনাৰ বাবে কাতৰ অনুৰোধ জনাইছে৷ লক্ষণীয় বিষয় এয়া যে শিক্ষার্থীকেইজন ইতিমধ্যে উভয় দেশৰ কমিছনাৰৰ লগত আলোচনা কৰি ঘৰলৈ অনাৰ দাবী জনাইছে যদিও এই পর্যন্ত কোনো ধৰণৰ ব্যৱস্থা হাতত লোৱা হোৱা নাই বুলি জানিব পৰা গৈছে৷ আনহাতে, উত্তৰ–পূর্বাঞ্চলৰ এই শিক্ষার্থীকেইজনৰ লগতে ভাৰতৰ কেইবাখনো ৰাজ্যৰ আন প্রায় ২০–২৫জনীয়া শিক্ষার্থীৰ দলো বাংলাদেশত আবদ্ধ হৈ পৰা বুলি জানিব পৰা গৈছে৷

You might also like