ধুবুৰীত আজিৰে পৰা আৰম্ভ হ’ল ‘চিলাৰায় মাল্টি স্পেচিয়েলিটি হাস্পতাল’
নিয়মীয়া বাৰ্তা, ২৮ নৱেম্বৰ: ধুবুৰীৰ ৰাইজৰ দীৰ্ঘদিনীয়া অভাৱ পূৰণ হ’ল। ধুবুৰী–গৌৰীপুৰ সংযোগী জি.টি.বি. ৰোডৰ পাৰ্শ্বৱৰ্তী ঝগৰাৰপাৰত অঞ্চলত আজিৰ পৰা আৰম্ভ হ’ল ব্যক্তিগতখণ্ডৰ এটি অত্যাধুনিক চিকিৎসালয়। ‘চিলাৰায় মাল্টি স্পেচিয়েলিটি হস্পিটাল’ নামৰ এই চিকিৎসালয়খনৰ আজি আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰে ধুবুৰী জিলাৰ উপায়ুক্ত অন্বামুথন এম. পিয়ে।
উল্লেখ্য যে, সমগ্ৰ ধুবুৰী জিলাত আইচিইউৰ সুৱিধা উপলব্ধ হ’বলগীয়া প্ৰথমটো এই চিকিৎসালয়ত অত্যাধ্যুনিক লেপ্ৰোস্কোপি বিভাগ, হাড়ৰ আধুনিক চিকিৎসা ব্যৱস্থা, স্নায়ৱিক চিকিৎসা বিভাগ, প্ৰসূতি বিভাগকে ধৰি অন্যান্য বিভিন্ন ৰোগৰ চিকিৎসা সেৱা প্ৰদান কৰা হ’ব বুলি জানিব পৰা গৈছে। তাৰোপৰি অত্যাধ্যুনিক চিকিৎসা সেৱা প্ৰদানৰ সমান্তৰালকৈ এই চিকিৎসালয়খনত ৰোগ চিনাক্তকৰণৰ বাবে অত্যাধুনিক ‘‘ডায়াগন’ষ্টিক’’ বিভাগো নিৰ্মাণ কৰা হোৱা বুলি প্ৰকাশ। ‘‘চিলাৰায় মাল্টি স্পেচিয়েলিটি হস্পিটাল’’ নামৰ এই ব্যক্তিগত খণ্ডৰ চিকিৎসালয়খনৰ আজিৰ শুভাৰম্ভ অনুষ্ঠানত জিলা উপায়ুক্ত অন্বামুথন এম পিকে ধৰি জিলাখনৰ যুঁটীয়া স্বাস্থ্য সঞ্চালক ডা৹ ইমদাদ উল্লাহ, জিলাখনৰ স্বাস্থ্য বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত, জিলা বিজেপিৰ সভাপতি ডা৹ দেৱময় সান্ন্যাল, ধুবুৰীৰ বহু কেইগৰাকী প্ৰতিষ্ঠিত চিকিৎসক, গণ্যমান্য ব্যক্তি আৰু ৰাইজ উপস্থিত আছিল।
উল্লেখনীয় যে, ধুবুৰীৰ প্ৰতিষ্ঠিত অস্থি চিকিৎসক ডা৹ ডি. জে. নাথকে ধৰি অইন কেইবাগৰাকী প্ৰতিষ্ঠিত চিকিৎসকৰ নিৰলস প্ৰয়াসৰ ফলতেই আজি জন্ম লভিল ব্যক্তিগত খণ্ডৰ এই চিকিৎসালয়খনৰ।