নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰাক–ব্রহ্মপুত্র উপত্যকাৰ মাজত চলিছে বিভেদ অনাৰ চেষ্টা

নিয়মীয়া বাৰ্তা, ২৮ নৱেম্বৰঃ অসমবিদ্বেষী বক্তব্যৰে বৰাকৰ বাঙালী নেতা প্রদীপ দত্ত ৰয়ে সৃষ্টি কৰা অশান্তিক লৈ আজি সৰৱ হৈ পৰিল বিশিষ্ট চিন্তাবিদ হীৰেন গোহাঁই৷ চিন্তাবিদগৰাকীৰ মন্তব্য– একাংশই বৰাক আৰু ব্রহ্মপুত্র উপত্যকাৰ মাজত এক বিভেদৰ বীজ সিঁচাৰ বাবে চেষ্টা চলাই আছে৷ এয়া কোনো নতুন কথা নহয়৷ আজি এখন সংবাদ মেল সম্বোধন কৰি প্রদীপ দত্ত ৰয়ৰ বক্তব্যক লৈ সৃষ্টি হোৱা প্রতিক্রিয়া সন্দর্ভত তেওঁ কয় যে প্রদীপ দত্ত ৰয় কোনো গুৰুত্বপূর্ণ লোক নহয়৷ তেওঁৰ মন্তব্যক লৈ প্রতিক্রিয়াৰ সৃষ্টি কৰাৰ প্রয়োজন নাই৷ শেহতীয়াকৈ অসমবিৰোধী মন্তব্য প্রকাশ কৰাৰ বাবে যি প্রতিক্রিয়াৰ সৃষ্টি হৈছে, তাৰ কোনো প্রয়োজন নাই৷ দৰাচলতে ৰাজ্যত শেহতীয়াকৈ একাংশই এনেধৰণৰ এক অৰাজকতা সৃষ্টি কৰাৰ চেষ্টা চলাই আছে৷ হিন্দু–মুছলমানৰ মাজত জাত–পাতৰ ৰাজনীতি চলিছে৷ ইয়াৰ ফলত কোনেও উপকৃত হোৱা নাই, ধর্মৰো উন্নয়ন হোৱা নাই, জাতিৰো উন্নয়ন হোৱা নাই৷ এয়া দুষ্ট শক্তিৰ পৰিকল্পিত ষড়যন্ত্র৷ এইক্ষেত্রত আমি মাৰবান্ধি থিয় দিয়া উচিত৷ ইফালে, ‘কা’ক লৈ সৰৱ হৈ বিশিষ্ট চিন্তাবিদগৰাকীয়ে কয়– শক্তিৰ জোৰেৰে ‘কা’ বলৱৎ কৰিব বিচাৰিছে৷ সদনত বিৰোধীক কথা ক’বলৈ সুবিধা দিয়া নহ’ল৷ কিন্তু ‘কা’ৰ প্রাসংগিকতা এতিয়াও শেষ হোৱা নাই আৰু নহয়৷ আমি এচামেহে ইয়াৰ প্রাসংগিকতা নাইকিয়া কৰিলোঁ৷ আইনৰ বিৰোধিতাৰে প্রথমে কিছু গৰম গৰম কথা আৰু ভাষণ দিলোঁ আৰু পিছত গৈ বিজেপিৰ গঁৰালত সোমালোঁ৷ এনেদৰে এটা আন্দোলন কেতিয়াও ফলপ্রসূ নহয়৷ যাৰ বাবে আজি ‘কা’ আন্দোলনটো নিঃশেষ হৈ গ’ল বুলি সকলোৱে অনুভৱ কৰিছে৷ এয়া পৰিতাপৰ বিষয়৷

You might also like