কংগ্রেছে সাম্প্রদায়িক ৰাজনীতিৰে সমাজত সংঘাতৰ সৃষ্টি কৰি আহিছে
নিয়মীয়া বাৰ্তা, ১৮ নৱেম্বৰঃ সাম্প্রদায়িক মেৰু বিভাজন কৰাই কংগ্রেছৰ লক্ষ্য৷ কংগ্রেছে ধর্মৰ নামত, ভাষাৰ নামত, জাতিৰ নামত, সম্প্রদায়ৰ নামত সংঘাত সৃষ্টি কৰি ৫৫ বছৰ শাসন কৰিলে৷ উন্নয়নৰ কামেৰে সমাজখনক আগুৱাই নিব নোৱাৰিলে৷ –এই মন্তব্য মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ৷
বৰপেটা জিলাৰ হাউলীৰ ৰাষ্ট্রীয় ঘাইপথৰ দাঁতিত এখন আদৰণী তোৰণৰ আধাৰশিলা স্থাপন, নৱনির্মিত শ্বহীদ বেদী উন্মোচন আৰু নৱনির্মিত চণ্ডী বৰুৱা ভৱন উদ্বোধন কৰি সংবাদ মাধ্যমৰ সৈতে হোৱা বার্তালাপত মুখ্যমন্ত্রীয়ে এনেদৰে কয়৷ মুখ্যমন্ত্রীয়ে কয় যে ২০২১ চনৰ নির্বাচনত পুনৰ বিজেপি নেতৃত্বাধীন মিত্রজোঁটে চৰকাৰ গঠন কৰিব৷ বিজেপি চৰকাৰ গঠনৰ ক্ষেত্রত অসমৰ ৰাইজে মিত্রজোঁটক হিয়া উজাৰি সমর্থন দিব৷ কংগ্রেছ, এ আই ইউ ডি এফ আৰু অন্যান্য দলবিলাকে এটা হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে, কিন্তু মানুহৰ হূদয়ত প্রৱেশ কৰিব নোৱাৰে৷ কাৰণ কংগ্রেছে ৫৫ বছৰকাল সুযোগ পোৱাৰ পিছতো মানুহৰ হূদয়ত সদ্ভাৱনা তৈয়াৰ কৰিব নোৱাৰিলে, বিশ্বাসযোগ্যতাৰ সৃষ্টি কৰিব নোৱাৰিলে৷ কিন্তু আমাৰ চৰকাৰে সততা–নিষ্ঠাৰে কাম কৰাৰ বাবে অসমৰ ৰাইজে এইখন চৰকাৰক আস্থা আৰু বিশ্বাসেৰে আঁকোৱালি লৈছে৷ আমি ৰাইজৰ প্রতি শ্রদ্ধাশীল হৈ সততা–নিষ্ঠাৰে কাম কৰিছোঁ৷ মুখ্যমন্ত্রীয়ে কয়, বিজেপি নেতৃত্বাধীন মিত্রজোঁটৰ চৰকাৰখনে অসমৰ প্রতিটো পৰিয়ালক আস্থা আৰু বিশ্বাসত লৈ উন্নয়নৰ মহাযাত্রাত দৃঢ়তাৰে আগবাঢ়িছোঁ৷ সেইবাবে কম সময়ৰ ভিতৰতে বৰাক–ব্রহ্মপুত্র–প্ ৩৬খন জিলাত উন্নয়নৰ ক্ষেত্রত উল্লেখযোগ্য সফলতা লাভ কৰিবলৈ আমি সক্ষম হৈছেছা৷ ৰাজ্যখনৰ দুখীয়া পৰিয়ালৰ হিতাধিকাৰীৰ বাবে লোৱা বিভিন্ন আঁচনি সম্পর্কত মুখ্যমন্ত্রীয়ে কয়, বৃদ্ধপেন্সন, ঘৰে ঘৰে বিদ্যুৎ যোগান, মহিলাসকলক ৰন্ধন গেছৰ যোগান, ছাত্র–ছাত্রীসকলৰ বিনামূলীয়া নামভর্তি, বিনামূলীয়া পাঠ্যপুথি যোগান, ইউনিফর্ম যোগান ধৰাৰ ক্ষেত্রতে হওক বা হোষ্টেলৰ মাচুল সকাহ দিয়াৰ ক্ষেত্রতে হওক আৰু মেধাসম্পন্ন ছাত্র–ছাত্রীসকলক উচ্চ শিক্ষাৰ ঋণ পৰিশোধ কৰাৰ ক্ষেত্রত সকাহ দিয়াৰ বাবে পঞ্চাশ হাজাৰ টকাকৈ ৰাজসাহায্য দিয়াৰ ক্ষেত্রতে হওক, খেতিয়কৰ বাবে ড্রেক্টৰ যোগান, পানী যোগান ধৰাৰ ক্ষেত্রতে হওক সকলো দিশতে এই চৰকাৰখনে সফলতাৰে কাম কৰিছে৷ অতি চমু কার্যকালৰ ভিতৰতে ইয়াক সম্পন্ন কৰি যিখিনি দৃষ্টান্তমূলক কাম কৰা হৈছে, সেয়া অসমৰ ৰাইজে উপলব্ধি কৰিছে৷ সেইবাবে অসমৰ ৰাইজে বেলেগ দলৰ কথাত পতিয়ন নাযায়৷ বেলেগ দলৰ মানুহে ভুল তথ্যৰে ৰাইজক বিভ্রান্ত কৰি আহিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয়, অসমৰ ৰাইজ ৰাজনৈতিকভাৱে সজাগ আৰু সচেতন৷ অসমৰ ৰাইজক মিছা কথাৰে এতিয়া আভুৱা–ভাঁৰিব নোৱাৰি৷ আজি অসমৰ ৰাইজে বুজি পাইছে বিজেপিয়ে যি কথা কয় সেয়া কৰি দেখুৱায়৷ আমি দুর্নীতিৰ বিৰুদ্ধে নিৰন্তৰ অভিযান চলাই আছেছা৷ সন্ত্রাসবাদমুক্ত, প্রদূষণমুক্ত অসম গঢ়াত সফল হৈছেছা৷ আমি কামৰ জৰিয়তে অসমৰ ৰাইজৰ হূদয় জয় কৰিবলৈ সক্ষম হৈছেছা৷
ইপিনে কংগ্রেছৰ বিধায়ক ৱাজেদ আলী চৌধুৰীয়ে পুনৰ বিজেপি চৰকাৰ আহিলে মুছলমানসকল হিন্দুু হ’ব লাগিব, মছজিদত নামাজ পঢ়া বন্ধ কৰা হ’ব বুলি ৰাজহুৱাভাৱে অনা অভিযোগৰ প্রসংগত প্রত্যুত্তৰ দি মুখ্যমন্ত্রীয়ে কয়, এইবোৰ ভিত্তিহীন কথা৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ সবকা সাথ সবকা বিকাশ সবকা বিশ্বাসৰ যি সার্বজনীন নীতি, সেই নীতিৰ দ্বাৰা কেন্দ্রীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ পৰিচালিত হৈছে৷ আমাৰ চৰকাৰৰ দিনত আমি সকলো সম্প্রদায়ৰ লোকক মর্যাদা দিছেছা৷ সকলো আঁচনিৰ সুবিধা প্রদান কৰিছোঁ৷ ইপিনে, চণ্ডী বৰুৱা ভৱন উদ্বোধন কৰাৰ পিছতে ৰাজহুৱা সভাত ভাষণ প্রদান কৰি মুখ্যমন্ত্রীয়ে কয় যে অসমৰ প্রতিটো জনগোষ্ঠীৰ স্বাভিমান ৰক্ষা কৰাৰ বাবে আমাৰ চৰকাৰে বিভিন্ন ধৰণৰ প্রকল্প আঁচনি হাতত লৈছে৷ কিন্তু এই স্বাভিমান ৰক্ষা কৰাৰ বাবে আমি সকলোৱে সচেতন হ’ব লাগিব৷ আমাৰ অস্তিত্বৰ সংকট কোন শ্রেণীয়ে সৃষ্টি কৰিছে সেয়া আমি জানিব লাগিব৷ আমাৰ মাটিৰ ওপৰত আমাৰ অধিকাৰ ৰক্ষা কৰাৰ সংকল্প ল’ব লাগিব৷ আপোনালোকে সংঘাতৰ মাজলৈ নাযাব৷ কিন্তু শক্তিশালী ৰূপত নিজৰ অস্তিত্ব ৰক্ষা কৰিব লাগিব৷ শিক্ষাৰ জৰিয়তে জ্ঞান আহৰণ কৰি আমাৰ ছাত্র–ছাত্রীসকল উন্নতিৰ শিখৰত উঠিব লাগিব৷ একবিংশ শতিকাত আমি প্রতিযোগিতাত অৱতীর্ণ হ’ব লাগিব৷ অসমক ভাৰতৰ অন্যতম শ্রেষ্ঠ ৰাজ্য হিচাপে গঢ়ি তুলিব লাগিব৷ আমাৰ চৰকাৰে সকলো জিলাকে সমানে গুৰুত্ব দিছে৷ কংগ্রেছ, বাঁওপন্থী আৰু পূর্বৰ চৰকাৰৰ সময়ত ভাষাৰ নামত, ধর্মৰ নামত ৰাজনীতি কৰিছিল৷ বহু অশুভ শক্তিয়ে ধর্মৰ নামত, ভাষাৰ নামত সংঘাত সৃষ্টি কৰাৰ প্রয়াস কৰিছে৷ পূর্বৰ চৰকাৰে নামনি অসমক গুৰুত্ব প্রদান কৰা নাছিল৷ কংগ্রেছৰ কার্যকালত অৱহেলা কৰা নামনি অসমত আমি বিভিন্ন ধৰণৰ উন্নয়নমূলক কাম হাতত লৈছোঁ৷ ব্রহ্মপুত্রৰ উত্তৰ পাৰক জাকতজিলিকা কৰি তোলাৰ বাবে আমাৰ চৰকাৰে সংকল্প লৈছে বুলিও মুখ্যমন্ত্রীয়ে ভাষণ প্রসংগত উজ্ঝেখ কৰে৷