নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰাক উজলালে ছিনম জাইফাবি-ঋতজা-দীক্ষিতা-সুকন্যাই

নিয়মীয়া বাৰ্তা, ২২ মে’ : হাইস্কুল শিক্ষান্ত পৰীক্ষাত আজি ঘোষিত ফলাফলত চমক দিলে বৰাক উপত্যকাৰ পৰীক্ষাৰ্থীয়ে। এজন বা দুজন নহয়। এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত মেধা তালিকাত চাৰিজনে স্থান লাভ কৰে। বৰাক উপত্যকাৰ মান ৰাখিছে দুই জিলাৰ চাৰিজনী ছাত্ৰীয়ে । চাৰি কন্যাৰ বাবে বৰাক গর্বিত। ছিনম জাইফাবি চানু, ঋতজা দেব, দীক্ষিতা ভট্টাচার্য ও সুকন্যা দাস৷ কাছাৰৰ তিনিগৰাকী আৰু কৰিমগঞ্জৰ এগৰাকী ছাত্ৰীয়ে মেধা তালিকাত নিজৰ স্থান দখল কৰে। দুখন জিলাৰ প্ৰদৰ্শন ভাল হ’লেও বৰাকৰ আন জিলা হাইলাকান্দিৰ কোনো এজনেই মেধা তালিকাত স্থান পোৱা নাই। কাছাৰ জিলাৰ কাবুগঞ্জ হলিক্ৰছ স্কুলৰ ছিনাম জাইফাবি চানুৱে সৰ্বোত্তম ফলাফল লাভ কৰিছে। ৬০০ৰ ভিতৰত ৫৯১ নম্বৰ লাভ কৰি মেধা তালিকাত চতুৰ্থ স্থান দখল কৰে ছিনামে। ছিনামে ছ’খন বিষয়তে লেটাৰ নম্বৰ লাভ কৰিছে। শিলচৰ কলেজিয়েট স্কুলৰ ঋতজা দেৱে ৫৮৬ নম্বৰ লাভ কৰি নৱম স্থান দখল কৰে। শিলচৰ হলিক্ৰছ স্কুলৰ দীক্ষিতা ভট্টাচাৰ্যই সমান নম্বৰ লাভ কৰি মেধা তালিকাত নৱম স্থান লাভ কৰে। দীক্ষিতাৰ বিজ্ঞানী হোৱাৰ সপোন।কাছাৰৰ লগতে কৰিমগঞ্জৰ এজনে মেধা তালিকাত স্থান পায়। তেওঁ হৈছে ৰ’নাল্ডছ মেম’ৰিয়েল হাইস্কুলৰ সুকন্যা দাস। তেওঁ ৫৮৬ নম্বৰেৰে নৱম স্থান লাভ কৰে।সুকন্যাৰ চিকিৎসক হোৱাৰ সপোন। উল্লেখ্য, বৰাক উপত্যকাৰ তিনিওখন জিলাৰ ভিতৰত হাইলাকান্দি জিলাৰ উত্তীৰ্ণৰ হাৰ ৭৯.২ শতাংশ , কাছাৰ জিলাৰ ৬৩.৯৯ শতাংশ আৰু কৰিমগঞ্জ জিলাৰ ৬৯.৯২ শতাংশ ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছে। হাইস্কুল শিক্ষান্ত পৰীক্ষাত শীৰ্ষ দহৰ ভিতৰত চতুৰ্থ স্থান লাভ কৰে সোণাইৰ বেৰাবাক তৃতীয় খণ্ডৰ ছিনাম জাইফাবি চানুৱে। কাবুগঞ্জ হলিক্ৰছ স্কুলৰ এইগৰাকী ছাত্ৰী কাছাৰ জিলাৰ লগতে বৰাকৰ মুখ উজ্জ্বল কৰিছে। মুঠ ৬০০ নম্বৰৰ ভিতৰত ৫৯১ নম্বৰ লাভ কৰে ছিনাম জাইফাবি চানুৱে। এইগৰাকী প্ৰতিভাৱান ছাত্ৰীৱে ভৱিষ্যতে পঢ়া-শুনা কৰি ছফটৱেৰ ইঞ্জিনিয়াৰ হ’ব বিচাৰে। মন কৰিবলগীয়া যে এইগৰাকী ছাত্ৰী চান্দপুৰৰ প্ৰাক্তন সভাপতি জিপি ইবোচা সিনহাৰ কন্যা। ছিনাম জাইফাবি চানুৱে প্ৰত্যেক দিনাই সাত কিলোমিটাৰ চাইকেল চলাই স্কুললৈ গৈছিল। ছিনামে সাধাৰণ বিজ্ঞান আৰু ঐচ্ছিক গণিতত ১০০ৰ ভিতৰত ১০০ নম্বৰ লাভ কৰে। ইয়াৰ উপৰিও তেওঁ মণিপুৰীত ৯৭, ইংৰাজীত ৯৮, সাধাৰণ গণিতত ৯৮ আৰু সমাজ বিজ্ঞানত ৯৮ লাভ কৰে। তেওঁৰ এই সফলতাই বৰাক উপত্যকাত জিলিকি উঠিছে। শিলচৰ কলেজিয়েট স্কুলৰ ঋতজা দেৱে ৫৮৬ নম্বৰ লাভ কৰি নৱম স্থান দখল কৰে। ৰীতাজা ভবিষ্যতত চিভিল ইঞ্জিনীয়াৰ হ’ব বিচাৰে।

প্ৰেৰক গৌতম তালুকদাৰ

You might also like