নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মেট্ৰিকৰ ফলাফল : স্থান দখল ডিব্ৰুগড়ৰ দেৱাংগনা-বনশ্ৰী-স্বাতী কিৰণ-অক্ষয়ৰ

বিশেষ বাৰ্তা, ২২ মেঃ আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ৪ কৃতি ছাত্ৰ-ছাত্ৰীয়ে ৰাজ্যখনৰ ভিতৰতে স্থান দখল কৰি জিলাখনলৈ গৌৰৱ কৰিয়াই আনিব সক্ষম হৈছে।ডিব্ৰুগড়ৰ লিটিল ফ্লাৱাৰ স্কুলৰ ছাত্ৰী দেৱাংগনা ডেকা (৫৯১) আৰু বনশ্ৰী গগৈয়ে(৫৮৬) ক্ৰমে চতুৰ্থ আৰু নৱম স্থান লাভ কৰাৰ বিপৰীতে ডিব্ৰুগড়ৰ ডনবক্স স্কুলৰ অক্ষয় কয়েলে (৫৮৯) ষষ্ঠ স্থান আৰু জিলাখনৰ দুলীয়াজান চেইন্ট জেভিয়াৰচ স্কুলৰ স্বাতী কিৰণ গগৈয়ে (৫৯১) চতুৰ্থ স্থান লাভ কৰিবলৈ সক্ষম হয়। ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজৰ পেথ’লজি বিভাগৰ চিকিৎসক ডাঃ ৰাচাধৰ ডেকা আৰু পল্টন বজাৰ হিন্দী হাইস্কুলৰ শিক্ষয়িত্ৰী বিনিতা ডেকাৰ কন্যা দেৱাংগনা ডেকাই ইতিমধ্যেই ডিব্ৰুগড়ৰ ৰাধা কৃষ্ণণ জুনিয়ৰ কলেজত বিজ্ঞান শাখাত নাম ভৰ্তি কৰি নিয়মীয়াকৈ পাঠ গ্ৰহণ কৰি থকাৰ বিষয়ে জানিবলৈ দি সংবাদ মাধ্যমক কয়-আশা কৰিছিলো যদিও ইমান ভাল স্থান পাম বুলি ভবা নাছিল।ভৱিষ্যতে এগৰাকী সুচিকিৎসক হোৱাৰ পৰিকল্পনা থকা কৃতি ছাত্ৰী গৰাকীয়ে ৮/১০ ঘন্টা সময় নিয়মীয়াকৈ অধ্যয়ন কৰাৰ লগতে ঘৰুৱা শিক্ষকৰ সহায় লৈছিল।অধ্যয়নৰ উপৰিও সংগীত,আৰ্ট আৰু গান গোৱাত বিশেষ ধাউতি আছিল আৰু কেউটা অধ্যয়নৰ লগতে সমান্তৰালকৈ চলাই নিছিল।প্ৰশ্ন কাকত ফাদিল হোৱাত,অধ্যয়নত বিশেষ প্ৰভাৱ পেলোৱা নাছিল বুলি কৈ দুগুণ উৎসাহৰে অধ্যয়ন কৰা বুলিহে জানিব দিয়ে। আনহাতেদি ডিব্ৰুগড়ৰ জীৱন ফুকন নগৰৰ নিৱাসী বিশিষ্ট ব্যৱসায়ী তথা সমাজকৰ্মী ৰক্তিম গগৈ আৰু লনি গগৈৰ কন্যা বনশ্ৰী গগৈয়ে লিটিল ফ্লাৱাৰ স্কুলৰ পৰা নৱম স্থান লাভ কৰা কৃতি ছাত্ৰীগৰাকীয়ে সকলোৰে আৰ্শীবাদত এনে ফলাফল লাভ কৰিবলৈ সক্ষম হোৱা বুলি উল্লেখ কৰি এনেদৰে স্থান লাভ কৰিব বুলি আশা কৰা নাছিল।বৰ্তমানে ডিব্ৰুগড়ৰ ৰাধা কৃষ্ণণ জুনিয়ৰ কলেজত বিজ্ঞান শাখাত নাম ভৰ্ত্তি কৰি ভবিষ্যতে এগৰাকী চিকিৎসক হোৱাৰ সপোন পুহিছে।পিতৃ-মাতৃৰ লগতে বিদ্যালয়ৰ শিক্ষকসকলেও যথেষ্ট সহায় কৰাৰ কথা উল্লেখ কৰা ছাত্ৰী বনশ্ৰীয়ে পঢ়াৰ সমান্তৰালকৈ টেবুল টেনিছ,নৃত্য আৰু চিত্ৰকলাত বিশেষ পাৰ্গত আছিল।ডিব্ৰুগড়ৰ মাৰোৱাৰীপট্টীৰ ব্যৱসায়ী কৈলাস কয়েল আৰু প্ৰীতি কয়েলৰ সুযোগ্য সন্তান অক্ষয় কয়েলে ডনবস্ক স্কুলৰ পৰা ৰাজ্যৰ ভিতৰত ষষ্ঠ স্থান লাভ কৰা নিজ পিতৃ-মাতৃ তথা শিক্ষাগুৰুৰ আৰ্শীবাদ ৰোমন্থন কৰি কয় যে স্থান লাভ কৰিব বুলি আশা কৰা নাছিল যদিও ৰিজাল্ট ভাল হব বুলি ভাবিছিল।দৈনিক ৪/৫ ঘন্টাকৈ অধ্যয়ন কৰা কৃতি ছাত্ৰ গৰাকীয়ে অধ্যয়নৰ লগতে নিয়মিত কৰা কামসমূহ যেনে খেলা-ধুলা,চিনেমা চোৱা ইত্যাদিবোৰ কৰি থাকিবও লাগে বুলিও সদৰী কৰে।বাণিজ্য শাখাত নাম ভৰ্তি কৰি ভবিষ্যতে একাউণ্টেছিত অধ্যয়ন কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে।বিগত বৰ্ষতকৈ,চলিত বৰ্ষৰ ডিব্ৰুগড়ৰ ফলাফলে বৌদ্ধিক মহলক উদিগ্ন কৰি তুলিছে।

প্ৰেৰক বিভাস দুৱৰা

You might also like