নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাহৰীঘাটত অবৈধ গেছ চিলিণ্ডাৰৰ বিৰুদ্ধে মৰিগাঁও জিলা যোগান বিভাগৰ অভিযান

নিয়মীয়া বাৰ্তা, ১০ ছেপ্টেম্বৰ : অবৈধ গেছ চিলিণ্ডাৰৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে মৰিগাঁও জিলা অসামৰিক যোগান বিভাগে। আজি অবৈধ গেছ চিলিণ্ডাৰৰ বিৰুদ্ধে মৰিগাঁও জিলা যোগান বিভাগে অভিযান চলায়। জিলা যোগান বিভাগৰ সহকাৰী সঞ্চালক মতিনুৰ ৰহমানৰ নেতৃত্বত অহা যোগান বিভাগৰ এটি দলে লাহৰীঘাটৰ দাতিয়ালবড়ী তিনিআলিত অভিযান চলাই বহু পৰিমাণৰ অবৈধ চিলিণ্ডাৰ জব্দ কৰে। ফাইজুৰ ৰহমানৰ বাসস্থানৰ পৰা অবৈধভাৱে মজুত ১৬টাকৈ খালী ঘৰুৱা গেছ চিলিণ্ডাৰ জব্দ কৰে। ফাইজুৰ ৰহমানে ঘৰতেই গেলামালৰ দোকান খুলি ঘৰুৱা চিলিণ্ডাৰ আৰু পেট্ৰলৰ অবৈধ ব্যৱসায় চলাই গৈছিল। লাহৰীঘাটৰ শান্তি গেছ এজেন্সীয়ে ফাইজুৰ ৰহমানৰ ওচৰত অধিক মুনাফাৰ বাবে অবৈধভাৱে যোগান দিয়ে।শান্তি গেছ এজেন্সীয়ে লাহৰীঘাটৰ বিভিন্ন ঠাইত ঘৰুৱা চিলিণ্ডাৰ কলা বজাৰত বিক্ৰী কৰাৰ বাবে অবৈধভাৱে যোগান দিয়ে। শান্তি গেছ এজেন্সীয়ে মুকলি বজাৰত অধিক দামত বিক্ৰীৰ বাবে যোগান দিয়ে। পূৰ্বৰে পৰা শান্তি গেছ এজেন্সীৰ বিৰুদ্ধে কলা বজাৰত চিলিণ্ডাৰ বিক্ৰী কৰাৰ অভিযোগ আছে।মৰিগাঁও জিলা যোগান বিভাগে শান্তি গেছ এজেন্সীৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে লক্ষণীয় হব। আনহাতে লাহৰীঘাট আৰু ভূৰাগাঁৱৰ বিভিন্ন অঞ্চলত মুকলি বজাৰত বিক্ৰী হয় ঘৰুৱা চিলিণ্ডাৰ।

প্ৰেৰক আবুল কালাম

You might also like