নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিগাঁৱত ক’ৰোনাত ১৩গৰাকী আক্ৰান্ত

নিয়মীয়া বাৰ্তা, ১৩ এপ্ৰিলঃ ৰাজ্যখনৰ আন আন একাংশ জিলাৰ লগতে মৰিগাঁও জিলাতো মহামাৰী ক’ৰো’নাত পুনৰ বহুকেইগৰাকী লোক আক্ৰান্ত হ’ব ধৰিছে। জিলা স্বাস্থ্য বিভাগৰ পৰা লাভ কৰা তথ্য মতে, জিলাখনত ১০, ১১ আৰু ১২ এপ্ৰিলত ৩২৪৬ গৰাকী লোকক ক’ভিড টেষ্ট কৰাত ১৩ গৰাকী লোক ক’ৰোনা পজিটিভ চিনাক্ত হয়।

জিলাখনৰ এইসকল লোক হৈছে জালুগুটি অঞ্চলৰ নখন্দা গাঁৱৰ লোহিত নাথ (৮০) ,খতেমাই দেৱী (৫৫), কোঁৱৰ গাঁৱৰ প্ৰদীপ চন্দ্ৰ ডেকা (৪৯), তৰালি মেধি ডেকা (৩৮), বহাৰ জিন্টু মেধি (২১), জ্যোতিকুছিৰ বিনয় কুমাৰ ৰয় (৫৪), মীৰা নন্দি ৰয় (৪৮), বোৱালগুৰিৰ আজিজুল হক, দলংঘাট ১৬নং অসম বেটেলিয়ানৰ গগন বৰুৱা (৩৩), কলবাৰীৰ আৰিফা খাতুন (২৪), চাৰিপুণীয়াৰ প্ৰিয়ংকা বৰদলৈ (২৩)। এই লোক সকল ঘৰতে থকা অৱস্থাতে ক’ভিডত আক্ৰান্ত হয়।

আনহাতে অঞ্চলটোৰ নগাবন্ধাৰ আব্দুল্লাহ (২১) আৰু লোচনাবড়িৰ ৰকিবুল ইছলাম (১৬) কেৰালাৰ পৰা আহিছিল। জানিব পৰা মতে, ক’ভিডত আক্ৰান্ত আটাইকেইগৰাকী লোককে হোম কোৱাৰেণ্টাইনত ৰাখিছে বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে জিলাখনত পুনৰ ক’ৰোনা মহামাৰী আৰম্ভ হোৱাত জিলাবাসীৰ মাজত এক আতংকই বিৰাজ কৰিছে।

You might also like