নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বুঢ়ীদিহিং নৈত গা ধুই থাকোঁতে প্ৰাণ গ’ল মাৰ্ঘেৰিটাৰ বাল্যভৱনৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰৰ

নিয়মীয়া বাৰ্তা, ১৩ এপ্ৰিলঃ মাৰ্ঘেৰিটা বুঢ়ীদিহিং বালুখাদত আজি এক শোকাৱহ ঘটনা সংঘটিত হয়। আজি পুৱা কেইটিমান শিশুৱে বুঢ়ীদিহিং নৈৰ মাৰ্ঘেৰিটা থানাৰ অন্তৰ্গত বালুখাদ ঘাটত গা ধুই থকা অৱস্থাত দুটি শিশু পানীত প্ৰথম অৱস্থাত ডুব যায়।

ইয়াৰে এটি শিশুক স্থানীয় ৰাইজে উদ্ধাৰ কৰে যদিও আন এটি শিশুক উদ্ধাৰ কৰিবলৈ সক্ষম নহয় । ঘটনাৰ খবৰ লাভ কৰি মাৰ্ঘেৰিটা আৰক্ষী থানাৰ আৰক্ষী তথা মহকুমা দণ্ডাধীশ ঘটনাস্থলী উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত উদ্ধাৰ অভিযান আৰম্ভ কৰে।

অৱশেষত কেইবা ঘন্টাৰ অন্তত স্থানীয় ৰাইজে ৰাহুল পৰ্জা নামৰ ১২ বছৰীয়া শিশুটিক মৃত অৱস্থাত উদ্ধাৰ কৰে।

মাৰ্ঘেৰিটা বাল্যভৱনৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰজনৰ মৃত্যুৱে অঞ্চলটোত শোকৰ ছাঁ‌ পৰিছে। ইতিমধ্যেই মাৰ্ঘেৰিটা আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰাৰ লগতে মৃতদেহ মৰণোত্তৰ পৰীক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিছে।

You might also like