নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিৰাপত্তাৰক্ষীৰ সন্মুখতে ঘৰ জ্বলালে উন্মত্ত জনতাই, চোতালত শৱদাহ

নিয়মীয়া বাৰ্তা ২৯ ডিচেম্বৰঃ  প্রায় ২৪ ঘণ্টাজুৰি আৰক্ষী–র্ধসামৰিক বাহিনীৰ নিশ্ছিদ্র পহৰাৰ মাজত সুৰক্ষিত হৈ থকা মঙলদৈ তামুলীপাৰাৰ পত্নীহন্তা গৌতম বৈশ্যৰ বাসগৃহ আজি নিশা ন–বোৱাৰী হত্যাৰ প্রতিশোধত জ্বলাই দিলে উন্মত্ত জনতাই৷ আনকি মৃত তৃষ্ণামণি ডেকাৰ নিঠৰ দেহো স্বামী গৌতমৰ চোতালতে দাহ কৰাৰ লগতে এপদ এপদকৈ সকলো সামগ্রী জুইত দলিয়াই দিয়ে৷ সমগ্র আজব কাণ্ডৰ নির্বাক–সাক্ষী হৈ ৰ’ল আৰক্ষী–র্ধসামৰিক বাহিনীৰ বিশাল দল৷ সমগ্র ঘটনাৰ ৰিপ’র্টিং কৰিব যোৱা ৩–৪জনীয়া দলকো দুর্ব্যৱহাৰ কৰি খেদি পঠিয়ায় সুৰামত্ত একাংশ যুৱকে৷ লক্ষণীয় যে দৰং আৰক্ষীৰ এটা বৃহৎ দলে দিনৰ ভাগতে তামুলীপাৰা আৰু বৰসত্র গাঁৱৰ সীমামূৰীয়া ক্ষিতেশ্বৰ বৈশ্যৰ বাসগৃহত উপস্থিত হয়৷ নিশাৰ পহৰাদাৰী দল আঁতৰি যায় যদিও সহকাৰী পৰিদর্শক এজনে পোনতে চম্ভালিব লগা হয় ২ সহস্রাধিক উন্মত্ত যুৱক–যুৱতীসহ বিশাল ৰাইজক৷ সন্ধিয়া ৫ বজালৈ পৰিস্থিতি আছিল স্বাভাৱিক৷ বৈশ্য পৰিয়ালৰ ঘৰৰ বাহৰ জপনা বন্ধ কৰি আৰক্ষীয়ে পহৰা দি কোনো লোককে প্রৱেশ কৰিবলৈ দিয়া নাছিল৷ কিন্তু ৫.৪০মান বজাত এখন অমনি এম্বুলেঞ্চত তৃষ্ণাৰ মৃতদেহ ডাঁহী নগাঁৱৰ বাসগৃহৰ পৰা পথাৰৰ মাজেৰে তামুলীপাৰা হৈ বৈশ্যৰ ঘৰৰ সন্মুখলৈ অনা হয়৷ বৰসত্র প্রাথমিক বিদ্যালয়ৰ সন্মুুখত উপস্থিত হোৱাৰ লগে লগে আৰম্ভ হয় প্রচণ্ড উত্তেজনা৷ আৰক্ষীয়ে ঘৰৰ চোতাললৈ অনাত পোনতে বাধা দিছিল যদিও একাংশ উন্মত্ত লোকে সন্মুুখৰ শিলগুটি পৰা পথৰ পৰা ধাৰাবাহিকভাৱে নিক্ষেপ কৰে কটা শিল৷ লগে লগে আত্মৰক্ষাৰ বাবে আৰক্ষীৰ ১২জনীয়া দলটো বৈশ্যৰ চোতালৰ পূব দিশত অৱস্থিত মন্দিৰৰ সমীপলৈ যাব বাধ্য হয়৷ কেইবাজনো আৰক্ষীয়ে শীতৰ নিশা সহিবলগীয়া হয় শিলৰ আঘাত৷ ইয়াৰ পাছৰ পৰিস্থিতি আছিল অবর্ণনীয়৷ গোহালি, শোৱা কোঠা সকলোতে প্রৱেশ কৰি কালিয়ে ভাঙি পেলোৱা আচবাব উলিয়াই আনে৷ পাছলৈ তৃষ্ণাক শুৱাই দি জাপি দিয়ে লেপ, তুলি সকলো৷ তেনেদৰেই নিশা ৬–১০ বজালৈ চলে শৱদাহ৷ ইয়াৰ মাজতে উন্মত্ত একাংশ যুৱকে সাংবাদিকক ভিডি’ লোৱাত বাধা দিয়ে৷ কাঢ়ি নিয়ে ম’বাইল৷ উপস্থিত দর্শকৰো ম’বাইল জুইলৈ দলিয়াই খেদি দিয়ে৷ নিশা ৬.৩০মান বজাত কেইবাখনো বাহনত উচ্চপদস্থ আৰক্ষী বিষয়া উপস্থিত হয়৷ লগতে ২খনকৈ অগ্ণিনির্বাপক বাহিনীৰ বাহন উপস্থিত হৈ জুই নুমুৱাবলৈ চেষ্টা কৰে যদিও উন্মত্ত ৰাইজৰ একাংশই পানী চটিওৱাতো বাধা দিয়ে৷ সমীপৰ পুখুৰীৰ পানী উঠোৱাতো বাধা দিবলৈ চেষ্টা কৰে৷ পৰিস্থিতি নিয়ন্ত্রণত পাছলৈ আৰক্ষী সফল হয় যদিও ইতিমধ্যে আৰক্ষীৰ কৰিব লগা একো নাছিল৷ কেৱল জুই, ধোঁৱা আৰু সুৰামত্তৰ কিৰিলিৰ মাজত সমাপ্ত হয় প্রতিশোধ৷
হত্যাৰ অভিযোগত গাঁওবুঢ়া গ্রেপ্তাৰঃ পলাতক স্বামী, শহুৰ–শাহু সকলো অভিযুক্ত
তৃষ্ণামণি ডেকাৰ মাতৃগৃহত ২১ দিন পূর্বে লিখা এখন পত্রৰ ভিত্তিত দৰং আৰক্ষীয়ে আজি কৈকাৰা গাঁৱৰ গাঁওবুঢ়া বিচিত্র বৰুৱাক দৰং আৰক্ষীয়ে কৰায়ত্ত কৰিছে৷ অৱশ্যে পত্রখনত উল্লেখ থকা শাহুৱেক দীপালী বৈশ্য, শহুৰ ক্ষিতেশ্বৰ বৈশ্য, হৰেন বৰুৱাসহ অন্যকেইটা পলাতক হৈ আছে৷ বিশেষ সূত্র মতে, আজি পাথৰিঘাট উপ–স্বাস্থ্য কেন্দ্রত দীপালী বৈশ্যই চিকিৎসা বিচাৰি উপস্থিত হয়৷ হাত আৰু ডিঙিৰ আঘাতৰ বাবেই চিকিৎসা বিচাৰি গৈছিল৷ ইপিনে, মঙলদৈ থানাই তৃষ্ণাৰ স্বামীসহ অভিযুক্তসকলক কৰায়ত্ত কৰি শাস্তি বিহাৰ প্রতিশ্রুতি দিয়াৰ পাছতো বৈশ্যৰ ঘৰত লংকাকাণ্ডৰ সৃষ্টি হোৱাত আৰক্ষী–প্রশাসনৰ দুর্বলতা ওলাই পৰিছে বুলি নিৰপেক্ষ মহলে মন্তব্য কৰিছে৷

You might also like