পাথৰিঘাটৰ পৰিদর্শন বাংলোৰ আন্তঃগাঁথনি উন্নীতকৰণৰ শুভাৰম্ভ
নিয়মীয়া বার্তা, ১৮ ডিচেম্বৰঃ ভাৰতৰ স্বাধীনতা আন্দোলনৰ প্রাককালৰ ঐতিহাসিক পথৰুঘাট ৰণৰ বর্বৰ হত্যাকাণ্ডৰ নীৰৱ সাক্ষী শতিকা প্রাচীন ডাকবঙলাৰ আন্তঃগাঁথনি উন্নীতকৰণৰ শুভাৰম্ভ কৰিলে বিধায়ক বিনন্দ কুমাৰ শইকীয়াই৷ ৰাজ্য চৰকাৰৰSOPD (G)আঁচনিৰ অধীনত ৪৭,২১,০৬৫ টকা ধার্য কৰা এই কামৰ জৰিয়তে পৰিদর্শন বঙলাটো সম্প্রসাৰিত ৰূপত নির্মাণ আৰু উন্নীতকৰণ কৰা হ’ব৷ প্রধানতঃ চৌহদৰ পকী বেৰ নির্মাণ, বিশুদ্ধ পানী যোগান, বিজ্ঞানসন্মত ৰন্ধনশালা নির্মাণ কৰা হ’ব৷ এইলৈ কালি পাথৰিঘাটত প্রায় পাঁচ শতাধিক ৰাইজৰ উপস্থিতিত বিধায়ক শইকীয়াই শুভাৰম্ভ কৰি ঐতিহ্যমণ্ডিত পৰিদর্শন বাংলো উন্নয়নৰ কার্যক সময়ৰ দাবী বুলি অভিহিত কৰি এই সংগ্রামী ঐতিহ্যৰ স্মাৰক নির্মাণৰ অংশীদাৰ হ’বলৈ পাই গৌৰৱবোধ কৰা বুলি উল্লেখ কৰে৷
উল্লেখ্য যে পাথৰিঘাটৰ পৰিদর্শন বাংলোটোৰ ঐতিহাসিক গুৰুত্বপূর্ণ শতিকা পুৰণি৷ কিয়নো এই বঙলাৰ সন্মুখৰ মুকলি পথাৰত বহি পথৰুঘাটৰ কৃষকে ইংৰাজ শাসকসকলক বর্ধিত খাজনাৰ বিৰুদ্ধে ওজৰ–আপত্তি দর্শাইছিল৷ এই ডাকবঙলাতে বহি ১৮৯৪ চনৰ ২৮ জানুৱাৰীত দৰং জিলাৰ তদানীন্তন জিলাধিপতি এণ্ডাৰচনৰ নির্দেশত আৰক্ষী অধীক্ষক বেৰিংটন চাহাব আৰু পুলিচ বাহিনীয়ে নিৰস্ত্র কৃষকৰ ওপৰত গুলীবর্ষণ কৰিছিল৷ এই হত্যাকাণ্ডৰ নীৰৱ সাক্ষী ডাকবঙলাটো স্বৰাজোত্তৰ কালত পাথৰিঘাট পৰিদর্শন বাংলোলৈ ৰূপান্তৰিত হৈছিল৷ অসমৰ প্রথমগৰাকী ৰাজ্যপাল জয়ৰাম দাস দৌলতৰামকে ধৰি অনেক ৰাজ্যপাল, মুখ্যমন্ত্রী , কেন্দ্রীয় মন্ত্রী, প্রখ্যাত সাংবাদিক কুলদীপ নায়াৰৰ উপস্থিতিৰ সাক্ষাৎ বহন কৰা পৰিদর্শন বাংলোৰ উন্নীতকৰণৰ পদক্ষেপক আদৰণি জনাইছে পথৰুঘাটৰ জনতাই৷ এই কার্যসূচীত দৰং জিলা পৰিষদৰ সভাপতি ধীৰেন্দ্র ডেকা আৰু লোকনির্মাণ বিভাগৰ বিষয়া বর্গ উপস্থিত আছিল৷