নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্বাধীনতা দিৱস উপলক্ষে মৰিয়নিত মাৰাথন দৌৰ

বিশেষ বাৰ্তা, ১৪ আগষ্টঃ দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱস উপলক্ষ্যে মৰিয়নিতো ৰাজহ চক্ৰ বিষয়া কাৰ্য্যালয়ৰ উদ্যোগত ইয়াৰ বাপুজী ষ্টেডিয়ামত কেন্দ্ৰীয়ভাৱে স্বাধীনতা দিৱস উদযাপনৰ আয়োজন কৰা হৈছে। সেই উপলক্ষ্যে বিভিন্ন কাৰ্য্যসূচীৰ মাজতে আজি মাৰাথন দৌৰ প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। মৰিয়নি পৌৰসভা আৰু মৰিয়নি ক্ৰীড়া সন্থাৰ উদ্যোগত আজি পুৱা অনুষ্ঠিত এই মাৰাথন দৌৰ প্ৰতিযোগিতাৰ ফ্লেগ অফ কৰে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। ইয়াৰ পূৰ্বে তেওঁ শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰে। চমু উদ্বোধনী অনুষ্ঠানত মৰিয়নি পৌৰসভাৰ পৌৰপতি বিশ্বপ্ৰভা শইকীয়া, কাৰ্য্যবাহী বিষয়া সমীৰণ নেওগ, পৌৰ সদস্যা গায়ত্ৰী চক্ৰৱৰ্তী, চুমকি মজুমদাৰ দত্ত, মৃদুল শইকীয়া, গোপাল গগৈ, প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ ঝৰ্ণা দেৱনাথ, আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াবিদ দ্বীপ দত্ত, যুৱ ক্ৰীড়া সংগঠক দীপেন দাস, শাৰীৰিক নিৰ্দেশক অদিতি দাস, ক্ৰীড়া সন্থাৰ দীপক দত্ত, মইনা গগৈ প্ৰমুখ্যে ব্যক্তিসকল উপস্থিত থাকে। বাপুজী ষ্টেডিয়ামৰ পৰা আৰম্ভ কৰা এই দৌৰ প্ৰতিযোগিতা মৰিয়নি নগৰৰ মাজেৰে ষ্টেচন তিনিআলিলৈকে গৈ তাৰ পৰা পুনৰ উভতি আহি ষ্টেডিয়ামত সমাপ্ত হয়। মৰিয়নিত থকা অসম আৰক্ষীৰ কামাণ্ডো বেটেলিয়নৰ জোৱান সকলেও এই দৌৰত অংশগ্ৰহণ কৰে। মাৰাথন দৌৰৰ ল’ৰাৰ শাখাত আদৰ্শ হিন্দী বিদ্যালয়ৰ অভিনয় কুমাৰে প্ৰথম, মৰিয়নি মহাবিদ্যালয়ৰ অৰবিন্দ কুমাৰে দ্বিতীয় আৰু মৰিয়নি মহাবিদ্যালয়ৰে নিখিল বাচফৰে তৃতীয় স্থান দখল কৰে। আনহাতে, ছোৱালীৰ শাখাত অ’লিভ উড্ স্কুলৰ এবলিন মুণ্ডাই প্ৰথম, মৰিয়নি মহাবিদ্যালয়ৰ সন্ধ্যা গোৱালাই দ্বিতীয় আৰু চিনামৰা মহাবিদ্যালয়ৰ ৰাধিকা গোৱালাই তৃতীয় স্থান দখল কৰে। এই দৌৰত অংশগ্ৰহণ কৰি চাৰে তিনি বছৰীয়া কণমানি উদ্বিকা বৰাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰে।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like