বুঢ়ীদিহিঙত তিনিখন খেলপথাৰৰ আধাৰশিলা স্থাপন
নিয়মীয়া বাৰ্তা, ৬ অক্টোবৰঃ ‘মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম উন্নয়ন যোজনা’ৰ অধীনত আৱণ্টন দিয়া তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত বুঢ়ীদিহিং মৌজাৰ তিনিখন পঞ্চায়তস্থিত তিনিখন খেলপথাৰৰ আধাৰশিলা স্থাপন কৰে।
উক্ত আঁচনিৰ অধীনত প্ৰতিখন খেলপথাৰৰ উন্নয়নৰ বাবে ২০ লাখকৈ টকাৰ আৱণ্টন দিছে। আজি প্ৰথমে পেঙেৰী অঞ্চলৰ জ্ঞানোদয় উচ্চ মাধ্যমিক বিদ্যালয় খেল পথাৰত আধাৰশিলা স্থাপন কৰে ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ তথা কেন্দ্ৰীয় খাদ্য সংসাধন মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে।
ইয়াৰ পাছতে উক্ত খেলপথাৰতে ২০১৮ বৰ্ষৰ বিধায়ক উন্নয়ন পুঁজিৰে ৫ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মিত আদৰ্শ গাঁও ৰাজহুৱা প্ৰেক্ষাগৃহটোৰ দ্বাৰ উদ্ঘাটন কৰে স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাই। এটি দশাৱতাৰ গীতেৰে মংগলাচৰণ কৰি স্থানীয় শিল্পী মিণ্টু কোঁৱৰে মঞ্চ মুকলি কৰাৰ পাছতেই এখন সভা অনুষ্ঠিত হয়।
জ্ঞানোদয় উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰবীন মৰাণে আঁত ধৰা অনুষ্ঠানটোত কেন্দ্ৰীয় মন্ত্ৰী তেলী, বিধায়ক শৰ্মাৰ উপৰি ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগ আৰু ৰাজ্যিক পৰ্যায়ৰ উপদেষ্টা সমিতিৰ সদস্য সচিব আৰু অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰ, ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সঞ্চালক ডি কে মিলি, ৰাজ্যিক বিজেপিৰ উপ-সভাপতি পুলক গোহাঁই, অসম চিকিৎসা মহাবিদ্যালয়, ডিব্ৰুগড়ৰ পঞ্জীয়ক তথা কেয়াৰ লুইত নামৰ স্বেচ্ছাসেৱী সংগঠনৰ নেত্ৰী, নেডাৰ প্ৰতিনিধি ডাঃ মীনাক্ষি শইকীয়া, অসম ফুটবল সন্থাৰ সহকাৰী সম্পাদক অতুল বৰা, ক্ৰীড়া প্ৰশিক্ষক নিপন দাস, জিলা ক্ৰীড়া বিষয়া প্ৰাঞ্জল দিহিঙ্গীয়া, জিলা বিজেপিৰ উপসভাপতি কুশ বৰা আৰু দুলাল চন্দ্ৰ ৰয়, সাধাৰণ সম্পাদক পুলক চেতিয়া আৰু দিগন্ত পাদুন, সম্পাদক শান্তনু দত্তকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
সভাত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, বিধায়ক ভাস্কৰ শৰ্মা, ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ লক্ষ্য কোঁৱৰ, ৰাজ্যিক বিজেপিৰ উপসভাপতি পুলক গোহাঁই, সঞ্চালক ডি কে মিলি, প্ৰশিক্ষক নিপন দাস আদিয়ে বক্তব্য প্ৰদান কৰে। সভাত চিকিৎসক মীনাক্ষি শইকীয়াই কেন্দ্ৰীয় মন্ত্ৰীৰ হাতত অক্সিমিটাৰৰ এটা টোপোলা প্ৰদান কৰে। ইয়াৰ পাছতেই ডিৰাক আৰু মহঙৰ দুখন খেল পথাৰৰ আধাৰশিলাও স্থাপন কৰে।