নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অৰুণাচলত গাৰ কাপোৰ আঁজুৰি নিৰ্যাতন মহিলাক, আটক ১৫

নিয়মীয়া বাৰ্তা, ৬ অক্টোবৰঃ মহিলা নিৰ্যাতনৰ প্ৰকোপ প্ৰতিদিনে বাঢ়ি গৈ আছে দেশত। হাথৰাছ কাণ্ড, তামিলনাডুত অসমীয়া যুৱতীক ধৰ্ষণ আদি নাৰী নিৰ্যাতনৰ ঘটনাই চাঞ্চল্য সৃষ্টি কৰি থকা সময়তে চুবুৰীয়া ৰাজ্য অৰুণাচলতো সংঘটিত হ’ল এক লজ্জাজনক ঘটনা।

অৰুণাচলৰ চাংলাৰ জিলাৰ দেউৰী গাঁৱত সংঘটিত হৈছে এই ঘটনা। গাঁওখনত নিশা আন্ধাৰত এগৰাকী মহিলাক শাস্তি বিহাৰ নামত গাৰ কাপোৰ খুলি দিয়া চেষ্টা চলোৱাৰ লগতে চুলি কাটি দিয়ে গাঁওবাসীয়ে।

দুৰ্ভাগ্যজনকভাৱে গাঁওখনৰ একাংশ মহিলায়ো এনে কাৰ্যত আগ-ভাগ লয়। চৰম অপমান আৰু লাঞ্ছনাৰ সন্মুখীন হোৱা মহিলাগৰাকীক অৱশেষত অৰুণাচল আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ঘটনাটোৰ লগত জড়িত ১৫গৰাকী লোকক ইতিমধ্যে আটক কৰা হৈছে বুলি জানিব পৰা গৈছে।

You might also like