এপিএছচিৰ অনিয়মৰ তদন্তক লৈ চৰকাৰৰ অনীহা
নিয়মীয়া বাৰ্তা, ২১ আগষ্টঃ অসম লোকসেৱা আয়োগ (এপিএছচি)ত সংঘটিত ব্যাপক দুর্নীতি–নিয়মৰ তদন্তৰ ক্ষেত্রত ৰাজ্য চৰকাৰৰ শেহতীয়া স্থিতিক লৈ অভিযোগ উত্থাপন কৰিছে একাংশ দল–সংগঠন তথা ভুক্তভোগী প্রার্থীয়ে৷ বিশেষকৈ আয়োগৰ ২০১৩ চনত অনুষ্ঠিত সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষাত অনিয়মৰ তদন্তৰ বাবে গঠন কৰা ন্যায়িক কমিটীৰ লেহেমীয়া গতিক লৈ ক্ষুণ্ণ হৈ পৰিছে ‘ফাইট এগেইনষ্ট ইনজাষ্টিচ অৱ এ পি এছ চি’ নামৰ সংগঠনটো৷ আজি এক বিবৃতিৰ জৰিয়তে এই সংগঠনটোৱে কয় যে চৰকাৰৰ ৰহস্যজনক ভূমিকাৰ বাবে ন্যায়িক কমিটীৰ তদন্ত লেহেমীয়া হৈ পৰিছে৷ এনে বিলম্বৰ জৰিয়তে এচাম প্রার্থীক সুৰক্ষা দিয়াৰ চেষ্টা চলিছে বুলি উল্লেখ কৰি সংগঠনটোৰ হৈ মানসপ্রতিম বৰুৱাই কয়, ‘চৰকাৰৰ দুর্নীতিবিৰোধী স্থিতিৰ আটাইতকৈ গুৰুত্বপূর্ণ দিশ আছিল অসম লোকসেৱা আয়োগৰ বিৰুদ্ধে গ্রহণ কৰা কঠোৰ সিদ্ধান্ত৷ কিন্তু শেহতীয়াকৈ চৰকাৰৰ ৰহস্যজনক কাম–কাজে এ পি এছ চিৰ কেলেংকাৰিৰ বহু দিশ উন্মোচিত হোৱাত বাধাৰ সৃষ্টি কৰিছে৷
বিয়াগোম এই কেলেংকাৰিৰ ন্যায়িক কমিটীৰ ক্ষেত্রত ৰহস্যজনকভাৱে বহু ক্ষেত্রত বিলম্ব কৰি এচাম প্রার্থীক সুৰক্ষা দিয়াৰ চেষ্টা কৰিছে৷ গৃহ আৰু ৰাজনৈতিক বিভাগ তথা অসম আৰক্ষীৰ সঞ্চালকপ্রধানে ন্যায়িক কমিটীৰ পৰা তিনিবাৰকৈ পত্র লাভ কৰাৰ পিছতো প্রতিবেদন দাখিল কৰাত পলম কৰাৰ বাবে ন্যায়িক কমিটীৰ তদন্ত লেহেমীয়া হৈ পৰিছে৷’ উল্লেখ্য যে ২০১৫ চনৰ ১৫ অক্টোবৰত উচ্চ ন্যায়ালয়ে ন্যায়িক তদন্তৰ নির্দেশ দিছিল৷ কিন্তু সেই সময়ত উচ্চতম ন্যায়ালয়ত এই সন্দর্ভত স্থগিতাদেশ লাভ কৰিছিল আয়োগৰ প্রাক্তন অধ্যক্ষ তথা দুর্নীতিৰ খলনায়ক ৰাকেশ পালে৷ অৱশ্যে পৰৱর্তী সময়ত এই স্থগিতাদেশ প্রত্যাহাৰ হোৱাৰ পিছত উচ্চ ন্যায়ালয়ে পুনৰ ন্যায়িক তদন্ত ঘোষণা কৰে৷ এই নির্দেশনাৰ ভিত্তিত ২০১৯ চনৰ ১৯ জুলাইত প্রাক্তন ন্যায়াধীশ বি কে শর্মাৰ নেতৃত্বত ন্যায়িক কমিটী গঠন কৰা হৈছে৷ বিবৃতিত মানসপ্রতিম বৰুৱাই এইবুলিও কয়, ‘১৯ জুলাইতে গঠন হোৱা ন্যায়িক কমিটীখনে চৰকাৰৰ হেমাহিৰ বাবে লেহেমীয়া গতিত কাম আগবঢ়াবলগীয়া হৈছে৷
উচ্চতম ন্যায়ালয়ত ন্যায়িক তদন্তৰ ক্ষেত্রত চৰকাৰে বিলম্ব কৰাৰ প্রয়াস চলাইছিল৷ ইয়াৰ জৰিয়তে এচাম দুর্নীতিগ্রস্ত প্রার্থীক যেন চৰকাৰে সুৰক্ষিত কৰিব বিচাৰিছে, সেয়া স্পষ্ট হৈ উঠিছে৷’ ইপিনে শেহতীয়াকৈ আয়োগৰ অনিয়মত অভিযুক্ত নৱকান্ত পাটিৰক জেৰা কৰা প্রসংগটোৰ প্রতিক্রিয়া প্রকাশ কৰিছে সংগঠনটোৱে৷ এই সন্দর্ভত বৰুৱাই কয় যে গ্রেপ্তাৰৰ ৪ বছৰৰ অন্তত নতুন তথ্য লাভ কৰা বুলি কোৱাটো হাস্যকৰ৷ এয়া মূল বিষয়ৰ পৰা আঁতৰি থকাৰ এখন নতুন নাটক৷