নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু চৰাইদেউৰ শিলঘাগৰি জলপ্ৰপাত

নিয়মীয়া বাৰ্তা, ১ জানুৱাৰী : চৰাইদেউ জিলাৰ বিভিন্ন প্ৰান্তত সিঁচৰতি হৈ আছে নানান ঐতিহাসিক সমলৰ লগতে পৰ্যটকৰ কেন্দ্ৰবিন্দু। জিলাখনৰ বৰহাট থানাৰ অন্তৰ্গত তথা বৰুৱাছালি  মৌজাৰ এলেকাধীন অসম-অৰুণাচল ৰাজ্যৰ সীমান্তৱর্তী এলেকাত অৱস্থিত দিল্লী সংৰক্ষিত বনাঞ্চল। এই বনাঞ্চলৰ মুঠ মাটিকালি ৫,৫০৮ হেক্টৰ, তাৰে ৩,১০৮ হেক্টৰ মাটি সংৰক্ষিত বনাঞ্চল আৰু ২,৪০০ হেক্টৰ মাটি আনক্লাছ ষ্টেট ফৰেষ্ট হিচাপে আছে । বৰহাট আঞ্চলিক বন সংমণ্ডল লাহদৈগড়ৰ সমীপত হালােৱা ন নং খণ্ডৰ পৰা প্ৰায় চাৰি কিল’মিটাৰৰ ভিতৰত শিলঘাগৰি জলপ্রপাত। নৈসর্গিক সৌন্দর্যৰে ভৰপূৰ শিলঘাগৰি জলপ্রপাতৰ প্ৰাংগণত ইংৰাজী নৱবৰ্ষৰ প্রথম দিনটোত অসমৰ বিভিন্ন প্ৰান্তৰৰ পৰা বনজোজ খাবলৈ অহা লােকে ভিৰ কৰে। এই স্থানলৈ ডিব্ৰুগড় জিলাৰ পৰা নামৰূপ হৈ লাহদৈগড় পথেৰে আহি হালােৱা বন কার্যালয় সমীপত আৰু সােণাৰিৰ পৰা ধােদৰ আলিৰে আহি বৰহাট চাহ বাগিচাৰ হালােৱা তিনিআলি হৈ সােমাই হালােৱা কন কার্যালয়ত উপস্থিত হৈ প্রায় চাৰি কিলমিটাৰ পাহাৰৰ ভিতৰলৈ গ’লেই পােৱা যায় শিলঘাগৰি জলপ্রপাত। বহু বছৰ ধৰি জলপ্রপাতটো আছিল যদিও কেৱল বৰহাট অঞ্চলৰ লােকেহে বনভােজ খাবলৈ গৈছিল। সেই সময়ত উক্ত স্থানলৈ যাবলৈ পথ নাছিল। শিলঘাগৰিলৈ যাবলৈ পাহাৰ বগাই যাব লাগিছিল। জিলাখনৰ সাংবাদিকসকলে এই সন্দৰ্ভত ধাৰাবাহিক ভাবে বাতৰি পৰিৱেশন কৰাৰ পাছত বিভাগীয় কর্তৃপক্ষই এটা পথ নির্মাণ কৰি দিলে। বিগত বৰ্ষত বৰহাট প্ৰেছ ক্লাবৰ উদ্যোগত শিলঘাগৰি বন মহোৎসৱৰ আয়োজন কৰি জলপ্রপাতটো পর্যটনস্থলীলৈ ৰূপান্তৰিত কৰিবলৈ অসম চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষক স্মাৰক – পত্র প্রদান কৰিছিল । বর্তমান শিলঘাগৰিলৈ যােৱা পথটো নির্মাণ কৰিবলৈ আধাৰশিলা স্থাপন কৰিছিল যদিও আজি পর্যন্ত পথটোৰ নিৰ্মাণৰ কাম আৰম্ভ হােৱা নাই। চৰকাৰে এই জলপ্ৰপাতটোৰ আন্ত:গাঁথনি উন্নত কৰাৰ ক্ষেত্ৰত সদিচ্ছা প্ৰকাশ কৰিলে প্ৰত্যেক বছৰে ইয়াত পৰ্যটকৰ সংখ্যা বৃদ্ধি পোৱাটো খাটাং। শেহতীয়াকৈ অসম চৰকাৰে অসম দৰ্শন আঁচনীৰ তালিকাত শিলঘাগৰি জলপ্ৰপাতৰ নাম সন্নিৱিষ্ট কৰিছে বুলি জানিব পৰা গৈছে ।
প্ৰেৰক দীপাংকৰ পাল
You might also like