নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যৰ চাৰি জিলাৰ বিলুপ্তি ৰাজ্য চৰকাৰৰ

বিশেষ বাৰ্তা, ৩১ ডিচেম্বৰঃ আজি দিল্লীত অনুষ্ঠিত ৰাজ্যিক কেবিনেটে ৪ জিলাৰ বিলুপ্তি ঘটালে৷ সেই অনুসৰি বিলুপ্ত কৰা হল বজালী, বিশ্বনাথ, তামুলপুৰ আৰু হোজাই জিলাৰ।কেবিনেট বৈঠকত লোৱা সিদ্ধান্তৰ বাবে অসমবাসীৰ ওচৰত ক্ষমা বিচাৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। বিলুপ্তি ঘটোৱা ৪খন নতুন জিলাক সংশ্লিষ্ট মূল অবিভক্ত জিলাৰ সৈতে একত্রীকৰণৰ সিদ্ধান্ত লয়৷ সেই অনুসৰি হোজাইক নগাঁৱৰ সৈতে, বিশ্বনাথক শোণিতপুৰৰ সৈতে, বজালীক বৰপেটাৰ সৈতে আৰু তামুলপুৰক বাক্সা জিলাৰ সৈতে সংলগ্ন কৰে৷ বিলুপ্তি ঘটা এই চাৰি জিলাৰ পূর্বৰ অসামৰিক মহকুমাসমূহৰ নেতৃত্বত বিশেষ প্রশাসনিক ক্ষমতাৰ সৈতে এজন জ্যেষ্ঠ অতিৰিক্ত উপায়ুক্তক প্রদান কৰা হ’ব৷ এই সিদ্ধান্তৰ কথা ঘোষণা কৰাৰ পূর্বে মুখ্যমন্ত্রীয়ে কয়– কেবিনেটত আজি আমি যথেষ্ট বেদনা লৈ আৰু মনত দুখ লৈ কঠোৰ সিদ্ধান্ত ল’বলগা হ’ল৷ কিন্তু অসমৰ জাতীয় জীৱনৰ স্বার্থত আৰু জাতি–মাটি–ভেটি, প্রশাসনক শক্তিশালী কৰা দিশৰ ওপৰত আলোকপাত কৰি অত্যন্ত দুখসহকাৰে এই সিদ্ধান্ত ল’বলগা হৈছে৷ এই সিদ্ধান্তৰ বাবে মই অসমবাসী ৰাইজৰ ওচৰত বিনম্রতাৰে আবেদন কৰিম যে গ্রহণ কৰা এই সিদ্ধান্ত কোনো ব্যক্তিগত লাভালাভ বা দলীয় লাভালাভৰ কাৰণে গ্রহণ কৰা নাই৷ এয়া অত্যন্ত এৰাব নোৱাৰা কামৰ বাবে বছৰটোৰ শেষ দিনটোত গ্রহণ কৰা হ’ল এই সিদ্ধান্ত৷ মই নিজেই এই সিদ্ধান্তত অত্যন্ত দুখী৷ কিন্তু কেতিয়াবা দেশৰ স্বার্থত, সমাজৰ স্বার্থত প্রয়োজন হ’লে চৰকাৰে কঠোৰ সিদ্ধান্ত ল’বলৈ বাধ্য হয়৷ উল্লেখ্য যে সমষ্টি পুনৰ নির্ধাৰণৰ বাবে শেহতীয়াকৈ নির্বাচন আয়োগে জাৰি কৰা অধিসূচনাৰ পাছতেই ৰাজ্যজুৰি সৃষ্টি হৈছে বিশেষ ৰাজনৈতিক তৎপৰতা৷ এনে সময়তে ৰাজ্য চৰকাৰে চাৰিখন জিলা বিলুপ্তি ঘটাই পূর্বৰ জিলাৰ সৈতে সংযোগ ঘটোৱা বিষয়টোৱে স্বাভাৱিকতে বিশেষ চর্চাৰ সৃষ্টি কৰিছে৷ মুখ্যমন্ত্রীয়ে আজি ৰাজ্যিক কেবিনেটে গ্রহণ কৰা এই সিদ্ধান্তৰ বাবে অসমৰ যিসকল লোক দুখী হ’ব, তেওঁলোকৰ ওচৰত ক্ষমাও বিচাৰে৷ তেওঁ কয়– এয়া এক সাময়িক সিদ্ধান্ত৷ অসমৰ ৰাইজে নিশ্চিতভাৱে চৰকাৰৰ এই সিদ্ধান্তৰ কথা বুজি পাব৷ অসমৰ স্বার্থ তথা প্রশাসনিক স্বার্থত এই সিদ্ধান্ত ল’বলগা হৈছে৷ এই সিদ্ধান্ত উপযুক্ত সময়ত আমি পুনৰ বিচাৰ–বিবেচনা কৰিব পাৰিম৷ কিন্তু এইক্ষেত্রত সুকীয়া আৰক্ষী জিলা চলি থাকিব৷ তদুপৰি যিসমূহ জিলা পর্যায়ৰ কার্যালয় গঠন হৈছে বা আৰম্ভ হৈছে সেইসমূহ চলি থকাৰ লগতে উপায়ুক্ত কার্যালয়ৰ নির্মাণৰ কামো পূর্বৰ দৰে চলি থাকিব৷ এটা সামান্য সময়ৰ বাবে এই সিদ্ধান্ত গ্রহণ কৰা হৈছে৷ এয়া সদায়ৰ কাৰণে লোৱা সিদ্ধান্ত নহয়৷ উল্লেখ্য যে আজিৰ কেবিনেটে ১৪খন জিলাত এখন জিলাৰ পৰা আন এখনলৈ বিভিন্ন ৰাজহ চক্র, উন্নয়ন খণ্ড, গাঁও পঞ্চায়ত–পৌৰ পৰিষদ আৰু গাঁও–নগৰৰ কিছু বিশেষ এলেকা–গাঁও অন্তর্ভুক্ত–বহিঃভুত কৰাত অনুমোদন জনায়৷ সেই অনুসৰি উত্তৰ গুৱাহাটী নগৰ সমিতি কামৰূপ মহানগৰলৈ হস্তান্তৰ হ’ব৷ কেবিনেটে ১৪টা প্রস্তাৱক আজি অনুমোদন দিয়ে৷ কেবিনেটৰ সিদ্ধান্ত অনুসৰি কামৰূপ জিলাৰ উত্তৰ গুৱাহাটী অন্তর্ভুক্ত হ’ব কামৰূপ (মহানগৰ) জিলাত৷ একেদৰে কামৰূপ মহানগৰ জিলাৰ কিছু গাঁও–অঞ্চল অন্তর্ভুক্ত হ’ব মৰিগাঁও জিলাত৷ হাইলাকান্দি জিলাৰ কিছু গাঁও–অঞ্চল অন্তর্ভুক্ত হ’ব কাছাৰ জিলাত৷ কৰিমগঞ্জ জিলাৰো কিছু গাঁও–অঞ্চল অন্তর্ভুক্ত হ’ব কাছাৰ জিলাত৷ তেনেদৰে মৰিগাঁও জিলাৰ কিছু গাঁও–অঞ্চল অন্তর্ভুক্ত হ’ব নগাঁও জিলাত৷ কাছাৰ জিলাৰ কিছু গাঁও–অঞ্চল অন্তর্ভুক্ত হ’ব কৰিমগঞ্জ জিলাত৷ বৰপেটা জিলাৰ কিছু গাঁও–অঞ্চল অন্তর্ভুক্ত হ’ব নলবাৰী জিলাত৷ দৰং জিলাৰ দুটা ভৌগোলিক ক্ষেত্র অন্তর্ভুক্ত হ’ব ওদালগুৰি জিলাত৷ যোৰহাট জিলাৰ কিছু গাঁও–অঞ্চল অন্তর্ভুক্ত হ’ব গোলাঘাট জিলাত৷ তিনিচুকীয়া জিলাৰ কিছু গাঁও–অঞ্চল অন্তর্ভুক্ত হ’ব ডিব্রুগড় জিলাত৷ মন কৰিবলগীয়া যে সমষ্টি পুনৰ নির্ধাৰণক লৈ নির্বাচন আয়োগে জাৰি কৰা অধিসূচনাৰ পাছতে ১ জানুৱাৰীৰ পৰা কোনোধৰণৰ প্রশাসনিক গোট সৃষ্টিত বাধা দিছে৷ সমষ্টিৰ সীমা নির্ধাৰণ নোহোৱাপর্যন্ত এই বাধা থাকিব৷ আজি মুখ্যমন্ত্রীয়ে এই বিষয়টো উল্লেখ কৰি কয়– নির্বাচন আয়োগে জাৰি কৰা নির্দেশনাৰ পূর্বেই কেবিনেটে আজি ১৪খন জিলাৰ কিছু গাঁও পৰিৱর্তনৰ প্রস্তাৱত অনুমোদন জনায়৷ যিহেতু ১ জানুৱাৰীৰ পৰা প্রশাসনিক গোট সৃষ্টিত বাধা প্রদান কৰা হৈছে৷ সেয়েহে নির্বাচন আয়োগৰ নীতি–নির্দেশনাৰ ক্ষেত্রত যাতে কোনোধৰণৰ উলংঘন নহয়, সেই দিশটোৰ প্রতিও ৰাজ্য চৰকাৰে গুৰুত্ব আৰোপ কৰিছে৷

You might also like