নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমতে অসমীয়াক মুছলমানে আক্ৰমণ কৰাটো দুৰ্ভাগ্যজনক : পীয়ুষ হাজৰীকা

🎯 উপ-নিৰ্বাচনত মুখ্যমন্ত্ৰীৰ নেতৃত্বত বিজেপিয়ে ভাল ফলাফল লাভ কৰিব

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৮ আগষ্টঃ বিশ্বনাথ জিলাৰ অভিভাৱক মন্ত্ৰী তথা অসম চৰকাৰৰ মন্ত্ৰী পীযূষ হাজৰিকাই আজি বিহালী সমষ্টিত উপস্থিত হৈ দলৰ কাৰ্যকৰ্তাসকলৰ সৈতে মত-বিনিময় অনুষ্ঠানত অংশ লয়। আগন্তুক উপ-নিৰ্বাচনত বিহালী সমষ্টিত বিজেপিৰ জয় নিশ্চিত বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰিকাই চামগুৰি সমষ্টিতো দলটোৰ ভাল ফলাফল হ’ব বুলি মন্তব্য কৰে। ইফালে বিজেপিত প্ৰাৰ্থিত্বক লৈ অন্তকন্দল সন্দৰ্ভত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে আমাৰ দলত কাৰোৰে মাজত বিভেদ নাই। যদিও মই মন্ত্ৰী তথাপি ময়ো এজন সাধাৰণ কাৰ্যকৰ্তা। দলৰ সিদ্ধান্ত শীৰ্ষ নেতৃবৃন্দই লয়। মুখ্যমন্ত্ৰী, দলৰ সভাপতি আৰু সাংসদসকলে লয়। দলে যাক প্ৰাৰ্থিত্ব দিব আমি তাৰ কাৰণে কষ্ট কৰিম। যিদিনাই প্ৰাৰ্থিত্ব তালিকা প্ৰকাশ পায় সেইদিনাই সকলো একলগ হৈ যায়। দলে যি সিদ্ধান্ত লয় আমাৰ সকলো কাৰ্যকৰ্তাই সেয়া মানি লৈ আগবাঢ়ি যায়। আমাৰ কাৰ্যকৰ্তাসকলোৱে নিজেই একোজন প্ৰাৰ্থী বুলি নিৰ্বাচনত অংশ লব, ইয়াতে কোনো বাদ-বিবাদ, মতবিভেদ নাই ইয়াৰ উপৰি বৰপেটাৰ দঙৰকুচিত খিলঞ্জীয়া লোকৰ ওপৰত সন্দেহযুক্ত নাগৰিকে দলবদ্ধ আক্ৰমণ চলোৱা ঘটনা সন্দৰ্ভত মন্ত্ৰী হাজৰিকাই দুখ প্ৰকাশ কৰি কয় যে এনে ঘটনা অতি দুৰ্ভাগ্যজনক। অসমীয়া মানুহ অসমতে মুছলমানৰ আক্ৰমণৰ বলি হ’ব লগাটো অত্যন্ত বেয়া খবৰ। অসমৰ এই পৰিৱেশটো দিনে দিনে বেয়া হৈ গৈ আছে। এই পৰিৱেশৰ লগত যুঁজিবলৈ আমি সাহসী পদক্ষেপ ল’ব লাগিব বুলিও মন্তব্য কৰে মন্ত্ৰী হাজৰিকাৰ। অনুষ্ঠানত মন্ত্ৰী হাজৰিকাক সংগ দিয়ে শোণিতপুৰৰ সাংসদ ৰঞ্জিত দত্তই।

You might also like