নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত জাবেদ ইছলামৰ হৈ নিৰ্বাচনী প্ৰচাৰ ভবেশ কলিতাৰ

নিয়মীয়া বাৰ্তা, ৩০ এপ্ৰিলঃ আজি ধুবুৰীত মিত্ৰজোঁটৰ অসম গণ পৰিষদ (অগপ) দলৰ প্ৰাৰ্থী জাবেদ ইছলামৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাই। সেই উপলক্ষে ধুবুৰী চহৰৰ ৩নং ৱাৰ্ডৰ সীমান্ত ভৱন চৌহদত আয়োজিত এক নিৰ্বাচনী সভাত নিজৰ ভাষণত ধুবুৰী লোকসভা সমষ্টিৰ এনডিএৰ প্ৰাৰ্থী জাবেদ ইছলামক ভোট দিবলৈ ৰাইজক আহ্বান জনায় বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে। সভাখনৰ অন্তত সাংবাদিকে ধুবুৰীত কি হ’ব বুলি সোধা এক প্ৰশ্নৰ উত্তৰত কলিতাই কয় যে, “ইয়াত বিগত ১৫ বছৰ আজমল ডাঙৰীয়া থাকিলে। তেওঁ আহিছে হোজাইৰ পৰা। কংগ্ৰেছৰ গৰাকী চামুগুৰিৰ বিধায়ক এজন; আগতে তেওঁ মন্ত্ৰীও আছিলে। কিন্তু যেতিয়া মন্ত্ৰী আছিলে ধুবুৰীলৈ অহাৰ কথা পাহৰি গৈছিলে তেওঁ। এতিয়া তেওঁ ইয়াত ভোট ভিক্ষা কৰি ঘূৰি আছে।” তেওঁ লগতে কয়, “ইয়াত যিখিনি কাম-কাজ কৰি দিছে মোদীয়েহে কৰি দিছে। ইয়াত যি ১৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ দলংখন কোনে দিলে? যেতিয়া কংগ্ৰেছৰ চৰকাৰ আছিল তেতিয়া কিয় পাহৰি গৈছিল? সংখ্যালঘু ৰাইজতো কংগ্ৰেছৰ ল’গতে আছিল। সেই কাৰণে সংখ্যালঘু ৰাইজ এতিয়া ওলাই আহিছে। তেওঁলোকে মোদীজীৰ লগত। কৈছে মোদীজী যিদৰে সন্মান দিছে সবকা সাথ সবকা বিকাশ নীতিৰে; ইয়াত কোনো জাত-পাতজাত-পাত, সম্প্ৰদায়ৰ কথা নাই; আমি বিকাশৰ লগত আছোঁ।” আজি ধুবুৰীৰ এই নিৰ্বাচনী সভাখনত অগপৰ কেন্দ্ৰীয় কমিটিৰ উপ-সভাপতি অপূৰ্ব ভট্টাচার্য, ধুবুৰী জিলা বিজেপিৰ সভাপতি প্ৰসেনজিৎ দত্ত, জিলাখনৰ গোলকগঞ্জৰপ্ৰাক্তন বিজেপি বিধায়ক অশ্বিনী ৰায় সৰকাৰ, দলটোৰ জ্যেষ্ঠ নেতা বিমল কুমাৰ ওচৱাল, ডাঃ দেৱময় সান্ন্যাল, দীপক কুমাৰ সাহা প্ৰমুখ্যে বিজেপি আৰু অগপৰ বিভিন্ন স্তৰৰ কাৰ্যকৰ্তাসকল উপস্থিত আছিল।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like