নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজেপিৰ দিনত মুছলমানৰ কোনো অসুবিধা হোৱা নাই : মুখ্যমন্ত্ৰী

🎯সোণতলীত বিজয় সংকল্প সমাৱেশত ড০ হিমন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা, ৩০ এপ্ৰিলঃ বিজেপি চৰকাৰৰ দিনত ৰাজ্যৰ মুছলমান লোকসকলৰ কোনো ধৰণৰ অসুবিধা হোৱা নাই৷ -এই মন্তব্য মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ৷ নৱগঠিত ছমৰীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত সোণতলী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আজি অনুষ্ঠিত হোৱা বিজয় সংকল্প সমাৱেশত মুখ্য অতিথি হিচাপে হেলিকাপ্টাৰযোগে উপস্থিত হৈ কংগ্ৰেছ দলক ক্ষুৰধাৰ সমালোচনা কৰি অহা ৫০ বছৰলৈ কংগ্ৰেছে শাসনৰ ক্ষমতা দখল কৰিবলৈ সক্ষম নহ’ব বুলি উল্লেখ কৰে৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী হোৱাৰ পিছত প্ৰথমবাৰলৈ সোণতলী অঞ্চললৈ আহি এইবাৰো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিব বুলি উল্লেখ কৰি বিজেপি চৰকাৰে ৰাজ্য তথা দেশৰ উন্নয়নৰ বাবে সদায় কাম কৰি অহা বুলিও মন্তব্য কৰে৷ এশ শতাংশ ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ লোকৰ বসতিস্থল সোণতলীত অনুষ্ঠিত বিজেপিৰ বিজয় সংকল্প সমাৱেশত কেইবাসহস্ৰ লোকৰ উপস্থিতত মুখ্যমন্ত্ৰীগৰাকীয়ে “আকৌ এবাৰ মোদী চৰকাৰ” শীৰ্ষক গীতৰ নৃত্য কৰি লোকসভা নিৰ্বাচনৰ পিছতেই ছমৰীয়া বিধানসভা সমষ্টিৰ বিভিন্ন ধৰণৰ উন্নয়নমূলক কাম কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে৷ ৫নং গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ সমৰ্থনত অনুষ্ঠিত হোৱা বিজয় সংকল্প সমাৱেশত আদৰণী ভাষন প্ৰদান কৰে দক্ষিণ কামৰূপ জিলা বিজেপিৰ সভাপতি অঞ্জন গোস্বামীয়ে৷ সভাত প্ৰাক্তন মন্ত্ৰী ডা: কমলাকান্ত কলিতা, পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া, অগপৰ ছমৰীয়া সমষ্টি কমিটিৰ সভাপতি আব্দুৰ ৰহমান, গৰৈমাৰী মণ্ডল বিজেপিৰ সভাপতি আনিছ আহমেদ ভূঞা, মুস্তাক আহমেদ, মতিয়ৰ ৰহমানকে ধৰি বিজেপিৰ ভালেসংখ্যক নেতাই অংশ গ্ৰহণ কৰে ৷

প্ৰেৰক নুৰুল ইছলাম, নয়ান আলী

You might also like