জাগীৰোডৰ কুমৈত অঘটনঃ পথাৰমুখী কৃষকৰ বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু
নিয়মীয়া বাৰ্তা, ২ আগষ্ট: জাগীৰোডৰ কুমৈত সংঘটিত হৈছে কৰুণ ঘটনা৷ বিদ্যুৎস্পৃষ্ট হৈ এজন কৃষকৰ কৰুণ মৃত্যু হয়৷ পুৱাই হাল বাবলৈ যোৱাৰ সময়তে ৰাস্তাতে বিদ্যুতৰ তাঁৰত লাগি মৃত্যু হয় ৫২ বছৰীয়া শিৱ গগৈৰ৷
তদুপৰি এটা হালোৱা গৰুৰো মৃত্যু হয় এই ঘটনাত৷ আনহাতে বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবেই এই অঘটন হোৱাৰ অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে৷ পুৱা প্রায় ৪.৩০ বজাতেই এই ঘটনা সংঘটিত হৈছিল যদিও বিদ্যুৎ বিভাগৰ কর্মচাৰী ১০ বজালৈ উপস্থিত নোহোৱাক লৈ ক্ষুব্ধ জনতাই জাগীৰোড–মৰিগাঁও পথ অৱৰোধ কৰে৷ অৱৰোধস্থলীত জাগীৰোড আৰক্ষী উপস্থিত হোৱাৰ পিছতো ক্ষুব্ধ ৰাইজে উঠাই লোৱা নাছিল প্রতিবাদী কার্যসূচী৷ স্থানীয় লোকে ঘটনাস্থলীত বিদ্যুৎ বিভাগৰ কর্মচাৰী উপস্থিত হোৱাৰ দাবী কৰাৰ লগতে মৃত লোকজনৰ পৰিয়ালক ক্ষতিপূৰণ দিবলৈও দাবী উত্থাপন কৰিছিল৷
প্রায় দুই ঘণ্টা পথ অৱৰোধৰ পিছত মায়ং ৰাজহ চক্রৰ চক্র বিষয়া আৰু বিদ্যুৎ বিভাগৰ বিষয়া উপস্থিত হোৱাৰ পিছতহে স্থানীয় ৰাইজে এই পথ অৱৰোধ কার্যসূচী উঠাই লয়৷