নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছেমিত প্রৱেশেৰে ইতিহাস ৰচিলে ভাৰতীয় মহিলা হকী দলে

নিয়মীয়া বাৰ্তা ২ আগষ্টঃ শতাব্দী প্রাচীন অলিম্পিকত ইতিহাস ৰচাৰ লক্ষ্যৰে আজি ভাৰতীয় মহিলা হকী দলটো কোৱার্টাৰ ফাইনেলত অষ্ট্রেলিয়াৰ মুখামুখি হৈছিল৷ গ্রুপ পর্যায়ত আয়াৰলেণ্ড আৰু দক্ষিণ আফ্রিকাক পৰাস্ত কৰি সুদীর্ঘ ৪১ বছৰৰ প্রতীক্ষাৰ অন্তত অলিম্পিকৰ কোৱার্টাৰ ফাইনেলত প্রৱেশ কৰা দলটোৱে অষ্ট্রেলিয়াক পৰাস্ত কৰি প্রথমবাৰৰ বাবে ছেমিফাইনেলত প্ৰৱেশ  কৰিছে৷

গ্রুপ পর্যায়ৰ প্রথম তিনিখন মেচত নেদাৰলেণ্ডছ, জার্মানী আৰু ডিফেণ্ডিং চেম্পিয়ন গ্রেট ব্রিটেইনৰ হাতত পৰাস্ত হোৱাৰ পিছতো দুর্দান্ত প্রত্যাৱর্তনেৰে কোৱার্টাৰ ফাইনেলত প্রৱেশ কৰি দলটোৱে ইতিমধ্যে যুঁজাৰু মানসিকতাৰ পৰিচয় দিছে৷

উল্লেখ্য যে ভাৰতে কালি বন্দনা কাটাৰিয়াৰ হেটট্রিকৰ সহায়ত গ্রুপৰ অন্তিম মেচত দক্ষিণ আফ্রিকাক ৪–৩ গ’লত পৰাস্ত কৰি কোৱার্টাৰ ফাইনেলত স্থান সুৰক্ষিত কৰিছিল

You might also like