মৰিগাঁৱৰ জালুগুটি গাঁও পঞ্চায়তত সভানেত্ৰী স্বামীৰ শক্তি প্ৰদৰ্শনঃ উপ সভাপতিক শাৰীৰিক অপমান
স্বামীৰ ব্যৱহাৰত অতিস্থ ৱাৰ্ড সদস্য
নিয়মীয়া বাৰ্তা, ৭ জুলাইঃ মৰিগাঁও জিলাৰ কপিলী উন্নয়ন খণ্ডৰ অন্তগত জালুগুটি গাওঁ পঞ্চায়তত সোমবাৰে দিনৰ ২ মান বজাত পঞ্চায়তটোৰ কাৰ্যালয়ৰ ভিতৰতে এক উত্তপ্ত পৰিস্থিতি সৃষ্টি হয়|ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি সভানেত্ৰী কক্ষত প্ৰথমে উপ সভাপতি ৰাহুল দেউৰী আৰু সভানেত্ৰীৰ মাজত এক প্ৰকাৰৰ কথাৰ কতা-কটি হয় যদিও তাৰ পিছত সভানেত্ৰী ৰিতামনি বনীয়াৰ স্বামী মাধৱ বনিয়া নামৰ যুৱকজনে পঞ্চায়তটোৰ উপসভাপতিক শাৰিৰীক ভাৱে প্ৰহাৰৰ চেষ্টা চলাই | লগে লগে সমগ্ৰ পঞ্চায়তটোত এক প্ৰকাৰৰ যুদ্ধ ক্ষেত্ৰলৈ পৰিনত হয়|
আনহাতে সভানেত্ৰী গৰাকীৰ স্বামী মাধৱ বনৰীয়া এগৰাকী গড়কাপ্তানী বিভাগৰ কৰ্মচাৰী হৈ কেনেদৰে পঞ্চায়তটোৰ আভ্যন্তৰীণ বিবাদৰ মাজত লিপ্ত হল তাক লৈ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে | উল্লেখ যে বিগত সময়চোৱাতো মাধৱ বনীয়াই গড়কাপ্তানী বিভাগৰ কৰ্মক ফাকি দি পঞ্চায়তটোৰ বিভিন্ন আঁচনি কামটো হস্তক্ষেপ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে | উপ সভাপতি ৰাহুল দেউৰীৰ অভিযোগ অনুসৰি সভানেত্ৰীয়ে কামৰ ক্ষেত্ৰত গুৰুত্ব নিদি নিজৰ স্বামীৰ কথা গুৰুত্ব দিয়ে৷ লগতে কিছু আচনিৰ ক্ষেত্ৰত FTO ত স্বাক্ষৰ নকৰে ৷ইয়াৰ বিষয়ে শোধপোছ কৰাৰ বাবেই এই পৰিৱেশ সৃষ্টি হয় আৰু সভানেত্ৰীৰ স্বামী মাধৱ বনিয়াই শাৰীৰিকভাৱে অপদস্থ কৰে উপসভাপতি জনক৷ আনহাতে সভানেত্ৰীৰ মতে সৰু কথাতে মেম্বাৰ জনে টেবুলত ধকীয়াই ধকীয়াই অপমান কৰে৷ FTO ক্ষেত্ৰত সভানেত্ৰীয়ে নজনাকৈ কৰা আচনিৰ বাবে স্বাক্ষৰ কৰা নাই৷ স্বামীয়ে মোক গাইড দিয়ে৷ মহিলা সকল পাকঘৰত আবদ্ধ গতিকে মোক বাহিৰত হে পৰামৰ্শ দিয়ে৷
এফালে ৰাইজৰ অভিযোগ মতে পঞ্চায়তত লবি কেন্দ্ৰীক ৰাজনীতি আৰম্ভ হৈছে যাৰ বাবে উন্নয়ন স্থবিৰ হৈ পৰিছ৷ BJP দলৰ দায়িত্ব থকা পঞ্চায়তৰ এই কাজিয়াই আচলতে দাঙি ধৰিছে গ্ৰামাঞ্চলৰ উন্নয়নৰ আছল ছবি খন৷ প্ৰথমে কংগ্ৰেছ দলৰ টিকট লৈ জয় হৈছিল সভানেত্ৰী গৰকী আৰু তাৰ পিছতে ক্ষমতাৰ লোভত ৰাজনৈতিক নীতি আদৰ্শ বিসৰ্জন দি BJP ত যোগদান কৰে৷ যাৰ বাবে সভানেত্ৰী ৰিতামনী আৰু তেওঁৰ স্বামী মাধৱ বনিয়াই উঠিৰজা বহিৰজা নীতি প্ৰদৰ্শন কৰি আহিছে৷ আনকি সভানেত্ৰী গৰাকী স্বামীয়ে কমিচনৰ নামটো হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰে উপসভাপতি জনে৷ উন্নয়নত পিঠি দি নিজৰ উন্নয়ন কৰাত ব্যস্ত এই গৰাকী সভানেত্ৰী৷ সমান্তৰালভাৱে ১০ টা ওৱাৰ্ডত সম বিতৰণৰ বিপৰীতে স্বজনপ্ৰীতি নীতি অৱলম্বন কৰি আহিছে পঞ্চায়তৰ সভানেত্ৰী আৰু ইয়াৰ ক্ষেত্ৰত হাত উজান দিছে পঞ্চায়তৰ সচিব শোকদেৱ নাথ ৷
উদাহৰণ স্বৰুপে পঞ্চায়তটোৰ ৯ আৰু ১০ নং ওৱাৰ্ডত পঞ্চায়তি ৰাজৰ বিধস্ত ৰূপয়ে ইয়াৰ উদাহৰণ বুলি মন্তব্য কৰে সাধাৰণ ৰাইজে৷ উক্ত ওৱাৰ্ড কেইটাতত ৰাইজে পথত একাঠু পানী পাৰ হৈ চলাচল কৰিব লগীয়া হয় যদিও ইয়াৰ প্ৰতি কোনো ভোক্ষেপ নাই সভানেত্ৰী গৰাকীৰ৷ তাৰ বিপৰীতে আন আন ওৱাৰ্ডত বিত্তীয় বৰ্ষৰ অধিকাংশ ধন দিয়াৰ এক উভিযোগ ওৱাৰ্ড কেইটাক ভোটাৰ ৰাইজৰ৷ সমগ্ৰ ঘটনাৰ ক্ষেত্ৰত বিভাগীয় তদন্ত বিচাৰিছে পঞ্চায়তটোৰ ৰাইজে|