জালুকবাৰী সমষ্টিৰ পঞ্চায়তে পঞ্চায়তে পদযাত্রা বিজেপি কর্মীৰ
ড০ হিমন্ত বিশ্ব শর্মা জিন্দাবাদ ধ্বনিৰে মুখৰ বেজেৰা–শুৱালকুছি–জলাহ
নিয়মীয়া বাৰ্তা ২ এপ্ৰিলঃ যিমানে তৃতীয় পর্যায়ৰ নির্বাচনৰ দিন চমু চাপি আহিছে সিমানে দল আৰু প্রার্থীসকলৰ নির্বাচনী প্রচাৰ তীব্রতৰ হৈ উঠিছে৷ ভোটাৰক আকর্ষিত কৰাৰ বাবে প্রার্থীসকলে বিভিন্ন ধৰণে প্রচাৰ চলাইছে৷ইয়াৰ ভিতৰত ব্যতিক্রম হৈছে ৫১ নম্বৰ জালুকবাৰী সমষ্টি৷ সমষ্টিটোত ভাৰতীয় জনতা পার্টীৰ প্রার্থী ড০ হিমন্ত বিশ্ব শর্মা আজিলৈকে নির্বাচনী প্রচাৰত নমা নাই৷ ইয়াৰ বিপৰীতে ড০ শর্মাৰ সমর্থকসকলে দিনে–নিশাই একাকাৰ কৰি সমষ্টিটোত নির্বাচনী প্রচাৰ অব্যাহত ৰাখিছে৷ সমষ্টিটোত যুৱ মর্চা, মহিলা মর্চা, এছ চি মর্চা, কিষাণ মর্চা আদি সকলোৱে ড০ হিমন্ত বিশ্ব শর্মাৰ হকে প্রচাৰত নামি পৰা পৰিলক্ষিত হৈছে৷ আজি সমষ্টিটোৰ অন্তর্গত ১০৪ নম্বৰ পশ্চিম শুৱালকুছি পঞ্চায়তৰ বিজেপিৰ নির্বাচনী সমিতিৰ উদ্যোগত উলিওৱা হয় বিশাল পদযাত্রা৷ প্রার্থী ড০ হিমন্ত বিশ্ব শর্মা অবিহনে উলিওৱা পদযাত্রাত অগণন লোকে হাতে হাতে বিজেপিৰ পতাকা আৰু বিজেপিৰ টুপি পৰিধান কৰি অংশগ্রহণ কৰে৷
স্থানীয় লক্ষ্মীনাথ নগৰ খেলপথাৰৰ পৰা উলিওৱা শোভাযাত্রা ভাটিপাৰা, শান্তিতোল, আই বি হৈ পশ্চিম শুৱালকুছিৰ শ্রীহাটীলৈ গৈ তাৰ পৰা ৰাজগড পথৰে আহি শ্রীশ্রী ঈশ্বৰ হাটীসত্রত সামৰণি পেলায়৷ শোভাযাত্রাত অংশগ্রহণকাৰীসকল্ ড০ হিমন্ত বিশ্ব শর্মা জিন্দাবাদ, জালুকবাৰী সমষ্টিৰ নয়নৰ মণি ড০ শর্মাক বিপুল ভোটত জয়ী কৰক, বিজেপি জিন্দাবাদ আদি ধ্বনিৰে শুৱালকুছি মুখৰিত কৰি তোলে৷ শোভাযাত্রাৰ সন্মুখত ‘হিমন্ত আহিছে আশাৰে বতৰা লৈ’ আৰু পিছত ‘আকৌ এবাৰ বিজেপি চৰকাৰ’ শীর্ষক গীতটি বজাই শুৱালকুছিৰ আকাশ–বতাহ মুখৰ কৰি তোলে৷ পিছত শ্রীশ্রী ঈশ্বৰ হাটীসত্রত সকলোৱে সমৱেত হৈ ড০ হিমন্ত বিশ্ব শর্মাক অভিলেখ সংখ্যক ভোটত বিজয়ী কৰাবলৈ সংকল্প গ্রহণ কৰে৷ অনুৰূপ পদযাত্রা শিঙিমাৰীতো অনুষ্ঠিত হয়৷ তাতো বহুসংখ্যক লোকে অংশগ্রহণ কৰি ড০ হিমন্ত বিশ্ব শর্মা জিন্দাবাদ ধ্বনিৰে শিঙিমাৰি মুখৰ কৰি তোলে৷
জালুকবাৰী সমষ্টিত প্রার্থী অবিহনে বিশাল পদযাত্রা পঞ্চায়তে পঞ্চায়তে
বৃহস্পতিবাৰে জালুকবাৰী সমষ্টিৰ বেজেৰা মণ্ডলৰ অন্তর্গত বেজেৰা, আগডলা, মান্দাকাটা পঞ্চায়তৰ চুবুৰিয়ে চুবুৰিয়ে পদযাত্রা উলিয়ায় বিজেপি কর্মী–সমর্থকে৷ বেজেৰা পঞ্চায়তৰ অন্তর্গত প্রতিখনৰ গাঁৱৰ সহস্রাধিক বিজেপি কর্মী–সমর্থক ওলাই আহি বেজেৰা চ’কত সমৱেত হৈ শালমাৰা হাইস্কুললৈ পদযাত্রা কৰে৷ ঠিক একেদৰে শৰাইঘাট, ভোমোলাহাটী, আল্ট্রা আদি গাঁৱৰ পৰা পদযাত্রা কৰি শালমাৰা হাইস্কুল প্রাংগণত মিলিত হৈ এখন নির্বাচনী সভা অনুষ্ঠিত হয়৷ দুই সহস্রাধিক লোক উপস্থিত থকা সভাখনৰ আঁত ধৰে বেজেৰা জিলা পৰিষদৰ সদস্য অনিল ৰাজ ডেকা আৰু বেদান্ত বৰুৱাই৷ সভাত বেজেৰা মণ্ডলৰ সভাপতি দিলীপ ডেকাই কয়– ড০ হিমন্ত বিশ্ব শর্মাৰ দৰে প্রভাৱশালী মন্ত্রী পোৱাটো আমাৰ জালুকবাৰী সমষ্টিৰ বাবে ভাগ্যৱান৷ আমি মন্ত্রী ড০ শর্মাৰ পৰা বহুত পাইছেছা৷ আমি এতিয়া সময় দিব লাগিব৷ জালুকবাৰী সমষ্টিৰ উন্নয়নৰ বাবেই বহুত কৰিছে৷ এতিয়া আমি সকলোৱে মন্ত্রীগৰাকীৰ হাত শক্তিশালী কৰিব লাগিব৷
সভাত জ্যেষ্ঠ কর্মী ৰমেন্দ্র নাথ শর্মাই কয় যে ড০ হিমন্ত বিশ্ব শর্মাই জালুকবাৰী সমষ্টিৰ উন্নয়নৰ বাবে অহোপুৰুষার্থ কৰি আহিছে৷ আমি আৰু কৰিবলৈ সাহস দিব লাগিব৷ ভাৰতীয় জনতা পার্টীৰ বেজেৰা পঞ্চায়তৰ নির্বাচনী সমিতিৰ সভাপতি কিৰণ চন্দ্র ডেকাই কয় যে বেজেৰা গাঁও পঞ্চায়তত ১০,৯০৭জন ভোটাৰ আছে৷ মানুহৰ অভূতপূর্ব সঁহাৰি দেখি আমি নিশ্চিত যে ৰাইজে এইবাৰ আমাৰ প্রার্থী ড০ হিমন্ত বিশ্ব শর্মাক পূর্বতকৈ অধিক ভোটদান কৰি ৰেকর্ড গঢ়িব৷ সভাত জ্যেষ্ঠ কর্মী ৰজনীকান্ত তালুকদাৰ,বতহু কুমাৰ, মহেশ্বৰ ডেকা, চন্দনা মহন্ত বণিয়া, সত্যব্রতী ডেকা, বেজেৰা পঞ্চায়তৰ সভানেত্রী ভৱানী ডেকা, গণেশ ডেকা, দেৱেন বৰুৱা, যুৱ মর্চাৰ সম্পাদক মানৱেন্দ্র ডেকা উপস্থিত থাকে৷ সভাত বেজেৰা পঞ্চায়তৰ নির্বাচনী কার্যালয়ৰ সম্পাদক দণ্ডধৰ ভূঞা, বনজিৎ ডেকাই কয়– আমাৰ জননেতা সকলোৰে হিয়াৰ আমঠু ড০ হিমন্ত বিশ্ব শর্মাক বিপুল ভোটত জয়ী কৰাব লাগিব আৰু এখন সুন্দৰ অসম গঢ়াৰ সপোন বাস্তবায়িত কৰিব লাগিব৷
আনহাতে আগডলা পঞ্চায়ততো বিজেপি কর্মী–সমর্থকে ড০ শর্মাৰ ভোটৰ পৰিমাণ অভিলেখ সংখ্যক বৃদ্ধি কৰিবলৈ এলেকাটোত বিভিন্ন ধৰণে চলাইছে নির্বাচনী প্রচাৰ৷ আজি ভাৰতীয় জনতা পার্টীৰ আগডলা পঞ্চায়তৰ উদ্যোগত বাইহাটা চাৰিআলি ছোৱালী হাইস্কুলৰ পৰা আৰম্ভ কৰা এক পদযাত্রাত অংশগ্রহণ কৰিবলৈ শ শ লোক স্বতঃফূর্তভাৱে ওলাই অহা পৰিলক্ষিত হয়৷ গুৱাহাটী মহানগৰ জিলা বিজেপিৰ সভাপতি, গুৱাহাটীৰ প্রাক্তন মেয়ৰ মৃগেন শৰণীয়াই শুভ উদ্বোধন কৰা ৰেলীত প্রায় তিনি সহস্রাধিক বিজেপি কর্মী–সমর্থকে অংশগ্রহণ কৰি সমগ্র অঞ্চলটো ড০ হিমন্ত বিশ্ব শর্মা জিন্দাবাদ, বিজেপি জিন্দাবাদ, ড০ হিমন্ত বিশ্ব শর্মাক অভিলেখ সংখ্যক ভোটৰ ব্যৱধানত জয়ী কৰক আদি ধ্বনিৰে পৰিৱেশ মুখৰ কৰি তোলে৷ বাইহাটা চাৰিআলি হাইস্কুলৰ পৰা আৰম্ভ হোৱা এই নির্বাচনী ৰেলীয়ে দক্ষিণ আগডলা ডেকা চুবুৰি হৈ বণিয়া চুপা তথা উত্তৰ আগডলা ব্রাক্ষণ চুবুৰিৰ লগতে গোগ গাঁৱৰ মাজেৰে গৈ বৰপলহা কামৰূপ বিদ্যাপীঠ হাইস্কুলৰ সমীপত সামৰণি পেলায়৷ দুহেজাৰতকৈ অধিক পুৰুষ–মহিলাই পদব্রজে আৰু পাঁচ শতাধিক বাইক, সৰু গাডীৰে নির্বাচনী প্রচাৰ চলাই আজি সমগ্র পঞ্চায়ত এলেকাটোত ড০ হিমন্ত বিশ্ব শর্মাৰ হৈ এক জাগৰণ সৃষ্টি কৰিবলৈ সক্ষম হয়৷
এই বিশাল নির্বাচনী প্রচাৰত আগডলা পঞ্চায়তৰ সভাপতি তিলক শর্মা, আঞ্চলিক পঞ্চায়তৰ সদস্য মনোজ কাকতি, নির্বাচনী প্রচাৰ সমিতিৰ সম্পাদক নৰেন কাকতি, ধনঞ্জয় ডেকা, সভাপতি পবিত্র দেৱ শর্মা, জ্যেষ্ঠ বিজেপি কর্মী দিলীপ ডেকা, বিচিত্র নাৰায়ণ ভূঞা, বেজেৰা মণ্ডলৰ সম্পাদক ভাস্কৰজ্যোতি কলিতা, বনিতা ডেকা, ৰিতুৰাজ ডেকা, চন্দনা মহন্ত বণিয়া, ৰথী ডেকা, চণ্ডীসেন ডেকা, কনক ডেকা, সৰোজ ডেকা, লটিফ আহমেদ, তিলক নাথ, ইউনিছ আহমেদ, চন্দন শর্মা, অচ্যুত দাস আদিয়ে ভাগ লয়৷ ঠিক তেনেকৈ মান্দাকাটা পঞ্চায়ত এলেকাত মান্দকাটা বিজেপি কর্মীৰ উদ্যোগত উলিওৱা হয় এটা বিশাল বাইক ৰেলী৷ এহেজাৰ বাইকেৰে বিজেপি কর্মী–সমর্থকসকল্ ড০ হিমন্ত বিশ্ব শর্মাক পদুম ফুলৰ ছবিত ভোট দিবলৈ সমগ্র পঞ্চায়ত এলেকাটোত নির্বাচনী প্রচাৰ অভিযান চলোৱা দেখা যায়৷
জালুকবাৰীৰ জলাহ সাতগডত ড০ হিমন্ত বিশ্ব শর্মাৰ সমর্থনত সহস্রাধিকৰ পদযাত্রা
অহা ৬ এপ্রিলত অনুষ্ঠিত হ’বলগীয়া অসম বিধানসভাৰ তৃতীয় পর্যায়ৰ নির্বাচনৰ প্রতি লক্ষ্য ৰাখি এতিয়া তৎপৰ হৈ পৰিছে জালুকবাৰী সমষ্টিৰ ভোটাৰ৷ ড০ হিমন্ত বিশ্ব শর্মাৰ অনুৰাগী–শুভাকাংক্ষীৰ লগতে বিজেপিৰ কর্মকর্তাসকলৰ মাজত ব্যাপক উৎসাহ পৰিলিত হৈছে৷ নির্বাচনী প্রচাৰ চলাবলৈ সমষ্টিত ভৰি নিদিলেও ড০ শর্মাক লৈ আত্মহাৰা সমষ্টিবাসীয়ে নিজে দলে–বলে নির্বাচনী প্রচাৰ অভিযান তীব্রতৰ কৰি তুলিছে৷ এইবাৰৰ নির্বাচনত বিৰোধীৰ ভূমিকা বুলি বিশেষ কোনো তৎপৰতা বিৰাজমান নহ’লেও সকলোৰে মৰমৰ, আপোন ড০ হিমন্ত বিশ্ব শর্মাক যাতে অভিলেখ সংখ্যক ভোট প্রদানেৰে বিজয়ী কৰি আনিব পাৰে তাৰ বাবে অনুগামীসকলে নির্বাচনৰ দিন ঘোষণা কৰা দিনৰে পৰা সমষ্টিত ব্যাপক তৎপৰতা অৱলম্বন কৰিছে৷
আনকি মন্ত্রী ড০ শর্মাক লৈ এইবাৰ সংখ্যালঘু লোকেও ব্যাপক উৎসাহ জনোৱা পৰিলক্ষিত হৈছে৷ ইতিমধ্যে সকলোৱে সমন্বয়ৰে গাঁৱে গাঁৱে প্রচাৰত ভাগ লৈছে৷ আজি তাৰ অংশ হিচাপে শৰাইঘাট গাঁও পঞ্চায়তৰ অন্তর্গত জলাহ সাতগডৰ সহস্রাধিক বিজেপি কর্মী–নুৰাগীয়ে পদযাত্রা আৰু সমদলেৰে সমগ্র অঞ্চলটো বিজেপি আৰু হিমন্তময় কৰি তোলে৷ সমদলটো ভেটামুখ, টাঙনি, জলাহ,বলাইবিল হৈ পিছত জলাহ সাতগড হাইস্কুল প্রাংগণত সমৱেত হয় আৰু নির্বাচনী গীতৰ তালে তালে সকলোৱে আত্মহাৰা হৈ পৰে৷ কার্যসূচীত ভাগ লৈ বিজেপি সংখ্যালঘু মর্চাৰ ৰাজ্যিক উপ–সভাপতি তবিবৰ ৰহমান, জলাহ সাতগড আঞ্চলিকৰ নির্বাচনী সমিতিৰ সভাপতি দিলীপ বডাকে ধৰি ড০ শর্মাৰ অনুৰাগী মতিউৰ ৰহমানে (ইদুল) সকলোকে ৬ এপ্রিলৰ নির্বাচনত এশ শতাংশ ভোটদানেৰে ড০ শর্মাক অভিলেখ সংখ্যক ভোটত জয়ী কৰিবলৈ আহ্বান জনায়৷ কাইলৈ বেজেৰা মণ্ডলৰ অন্তর্গত ধোপাতাৰী, আগডলা, বেজেৰা, মান্দাকাটা, লাচিতগড আৰু ৰুদ্রেশ্বৰ পঞ্চায়তো ভাগে ভাগে পদযাত্রা উলিওৱা হ’ব৷ তদুপৰি শুৱালকুছি মণ্ডলৰ অন্তর্গত আঠটা পঞ্চায়ততো ৩ এপ্রিলৰ ভিতৰত পদযাত্রা উলিওৱা হ’ব৷