নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্ব জনসংখ্যা দিৱসৰ সৈতে সংগতি ৰাখি দেশৰ ১৬২ খন জিলাৰ পৰা প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী, বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষলৈ স্মাৰক পত্ৰ প্ৰেৰণ

নিয়মীয়া বাৰ্তা, ২৪ আগষ্ট: দেশত কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণ আইন প্ৰযোজ্য কৰিবলৈ জনসংখ্যা সমাধান ফাউণ্ডেশ্যনে ২০১৭ বৰ্ষৰে পৰা সমগ্ৰ দেশতে একাধিক অনুষ্ঠানৰ আয়োজন কৰি আহিছে। যোৱা ১১ জুলাইত বিশ্ব জনসংখ্যা দিৱসৰ সৈতে সংগতি ৰাখি দেশৰ ১৬২ খন জিলাৰ পৰা প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী, বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষলৈ এই সন্দৰ্ভত স্মাৰক পত্ৰ প্ৰেৰণ কৰা হৈছে। বৰ্তমানো দেশৰ বাকী জিলাসমূহৰ পৰা স্মাৰক পত্ৰ প্ৰদানৰ কাম চলি আছে।

যোৱা ১০ আগষ্টত অসমৰ গুৱাহাটীত এক অনুষ্ঠানৰ জৰিয়তে উত্তৰ-পূব ভাৰতত ফাউণ্ডেশ্যনৰ জনজাগৰণ অভিযানৰ শুভাৰম্ভ কৰা হয়। এতিয়ালৈকে অসম আৰু উত্তৰ-পূবৰ বাকী ৰাজ্যসমূহৰ অতিকমেও ২০ খন জিলাত ফাউণ্ডেশ্যনৰ কাম আৰম্ভ হৈছে। অনাগত সময়ত উত্তৰ-পূব ভাৰতৰ প্ৰতিখন জিলাতে এই কাৰ্যসূচী অনুষ্ঠিত কৰাৰ যো-জা চলাই থকা হৈছে। আগন্তুক বৰ্ষৰ ফেব্ৰুৱাৰী মাহত গুৱাহাটীত এই বিষয়ে এখন আলোচনাচক্ৰও অনুষ্ঠিত কৰা হ’ব।

আপোনালোক সকলোৱেই জ্ঞাত যে, মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অহা ৩০ আগষ্ট দেওবাৰে সম্প্ৰচাৰ হ’বলগীয়া ‘মন কী বাত’ অনুষ্ঠানৰ বাবে প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা জনতাৰ পৰা পৰামৰ্শ আহ্বান কৰিছে। ইয়াৰ বাবে 1800-11-7800 টল-ফ্ৰী নম্বৰ মুকলি কৰা হৈছে, এই নম্বৰত ফোন কৰি যিকোনো লোকে ২৬ আগষ্টলৈকে প্ৰধানমন্ত্ৰী নিজৰ মনৰ কথা জনাব পাৰিব।

এই আপাহতে জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ তৰফৰ পৰা অসমৰ ৰাইজক উক্ত টল-ফ্ৰী নম্বৰযোগে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক দেশত দুটা সন্তান নীতি আৰু এখন কঠোৰ জনসংখ্যা নীতি কাৰ্যকৰী কৰা বিষয়টো উত্থাপন কৰিবলৈ আহ্বান জনোৱা হ’ল। প্ৰতিজন নাগৰিকৰ কণ্ঠ সন্মিলিত হৈয়েই দেশৰ কণ্ঠত পৰিগণিত হয়। সেয়ে আমি সকলোৱে এই বিষয়টোক গুৰুত্বসহকাৰে ল’লে চৰকাৰেও শীঘ্ৰেই কাৰ্যব্যৱস্থা হাতত ল’ব বুলি আশা কৰিব পাৰি।

You might also like