নগৰবেৰাত জাপানিজ এনকেফেলাটিছ-ডেংগুৰ প্ৰাদুৰ্ভাৱ
নিয়মীয়া বাৰ্তা, ২৮ জুলাইঃ শেহতীয়াকৈ জাপানিজ এনকেফেলাইটিছ আৰু ডেংগু ৰোগত বৃহত্তৰ নগৰবেৰা অঞ্চলৰ একাধিক লোক আক্ৰান্ত হোৱাত ৰাইজৰ মাজত চিন্তাৰ উদ্ৰেক ঘটিছে। জানিব পৰা মতে অঞ্চলটোৰ দুগৰাকী ৰোগী সম্প্ৰতি জিএমচিএইচ’ৰ আইচিইউ’ত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে। তেনেস্থলত জিলা প্ৰশাসন তথা সংশ্লিষ্ট স্বাস্থ্য বিভাগে শীঘ্ৰে এই ৰোগ প্ৰতিৰোধৰ দিহা কৰাৰ লগতে মহ নিয়ন্ত্ৰণৰ ব্যৱস্থা নকৰিলে আগলৈ জনস্বাস্থ্যলৈ অশনি সংকেত দেখা যায়। একেদৰে অঞ্চলটোৰ চুবুৰিয়ে-চুবুৰিয়ে অস্বাস্থ্যকৰ পৰিবেশত গড়াল অবিহনে পোহা গাহৰি বোৰৰ ক্ষেত্ৰতো কিছু কঠোৰ নিয়ম অনা আৰু ঘৰৰ চৌপাশৰ জংঘল, নলা-নৰ্দমা পৰিষ্কাৰৰ ক্ষেত্ৰতো জনসচেতনতাৰ দৰকাৰ। এইক্ষেত্ৰত এনে সজাগতা সৃষ্টিত বেচৰকাৰী সংস্থাসমূহৰ ভূমিকাও যথেষ্ট দেখা যায় যদিও তেনে একো পদক্ষেপ চকুত নপৰাত সচেতন ৰাইজৰ মনলৈ চিন্তাৰ উদ্ৰেক ঘটিছে। আনহাতে জিলা স্বাস্থ্য বিভাগৰ তৰফৰ পৰা নগৰবেৰা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু নগৰবেৰা বজাৰ এলেকাত ফ’গিং মেচিন’ৰ সহায়ত ধোঁৱা ছটিয়াই দায়িত্ব সামৰা বুলিও ৰাইজৰ মাজত সৰৱ চৰ্চা চলিছে। উল্লেখিত ৰোগ দুবিধ সংক্ৰমক আৰু মাৰাত্মক হোৱালৈ লক্ষ্য কৰি বৃহত্তৰ নগৰবেৰা অঞ্চলৰ প্ৰতিখন গাঁৱতেই ডিডিটি আদিৰ দৰে কীটনাশক ছটিওৱা আৰু ফ’গিং’ কৰি মহ নিৰ্মূলৰ ব্যৱস্থা কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে স্বাস্থ্য সচেতন অঞ্চলবাসীয়ে।
প্ৰেৰক সঞ্জীৱ কুমাৰ দাস