তনয়া ৰক্ষীতলৈ জাতীয় বিদ্যালয় ৰাজ্যিক বৃত্তি
নিয়মীয়া বাৰ্তা, ৫ ফেব্ৰুৱাৰী : শোণিতপুৰৰ বালিপৰালৈ গৌৰৱ কঢ়িয়ালৈ এগৰাকী ছাত্ৰীয়ে। ছাত্ৰীগৰাকীৰ নাম তনয়া ৰক্ষীত। বালিপৰাৰ বাসিন্দা মানস ৰক্ষীত আৰু দীপান্বিতা কৰৰ কন্যা তনয়া ৰক্ষীতে অসম জাতীয় বিদ্যালয়ৰ সদ্যঘোষিত ৰাজ্যিক বৃত্তি পৰীক্ষা ২০২৪-২৫ত সুখ্যাতিৰে উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। তনয়া ৰক্ষীত বালিপৰাৰ জ্ঞানজ্যোতি জাতীয় বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰী। ছাত্ৰীগৰাকীৰ এই সফলতাত বিদ্যালয়খনৰ সমূহ শিক্ষাগুৰু, অভিভাৱক, পৰিচালনা সমিতিৰ বিষয়ববীয়া, শিক্ষা সচেতন ৰাইজে সন্তোষ প্ৰকাশ কৰিছে।
প্ৰেৰক প্ৰাঞ্জল বৰা