হাজোত দিব্যাংগক ভেকচিন প্রদান যাদৱ চন্দ্র ভূঞা স্মৃতি ন্যাসৰ
নিয়মীয়া বাৰ্তা, ২ জুনঃ তীর্থনগৰী হাজোত মঙলবাৰৰে পৰা শুভাৰম্ভ হয় ৪৫ বছৰ ঊর্ধ্বৰ দিব্যাংগ ব্যক্তিক ক’ভিড ভেকচিন প্রদান প্রক্রিয়া৷ কামৰূপ জিলা প্রশাসনৰ সৌজন্যত জিলা সমাজ কল্যাণ বিভাগ, স্বাস্থ্য বিভাগ আৰু যাদৱ চন্দ্র ভূঞা স্মৃতি ন্যাসৰ উদ্যোগত হাজো উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মঙলবাৰে ভেকচিন প্রদান কৰা হৈছে দিব্যাংগ ব্যক্তিক৷
মঙলবাৰৰে পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত এই বিশেষ শিবিৰত মুঠ ছশগৰাকী দিব্যাংগ ব্যক্তিক ক’ৰোনা ভেকচিন প্রদান কৰা হ’ব বুলি জানিবলৈ দিয়ে হাজো মহকুমা স্বাস্থ্য বিষয়াৰ লগতে হাজোৰ সমাজ কল্যাণ বিভাগৰ বিষয়াই৷