নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লংকাৰ ওদালীত চিকিৎসকক আক্ৰমণৰ ঘটনাৰ সন্দৰ্ভত ২৪ আক্রমণকাৰীক গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা, ২ জুনঃ মহামাৰীৰ সময়ত দিনে–নিশাই ৰাইজৰ সেৱাত ব্রতী হৈ থকা চিকিৎসকক আক্রমণৰ ঘটনা সংঘটিত হৈছে হোজাই জিলাৰ লংকাৰ ফুলতলী ক’ভিড চিকিৎসালয়ত৷ এজন ক’ভিড ৰোগীৰ মৃত্যুক লৈ সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিৰ পিছতে উক্ত চিকিৎসালয়খনৰ চিকিৎসক সেউজ কুমাৰ সেনাপতিক বর্বৰভাৱে আক্রমণ কৰে একাংশ উন্মত্ত লোকে৷ যাৰ বাবে গুৰুতৰভাৱে আঘাতপ্রাপ্ত হৈছে চিকিৎসক সেনাপতি৷

ইপিনে কর্মৰত অৱস্থাতে চিকিৎসকক আক্রমণৰ ঘটনাই ৰাজ্যজুৰি প্রতিক্রিয়াৰ সৃষ্টি কৰাৰ পিছতে এই ঘটনাত জড়িত ২৪ জন লোকক আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে বুলি জানিব পৰা গৈছে৷

আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক টুইটযোগে চিকিৎসক সেউজ কুমাৰ সেনাপতিক বর্বৰভাৱে আক্রমণ কৰা ২৪ জন লোকক গ্ৰেপ্তাৰ কৰা বুলি প্ৰকাশ কৰে।

চিকিৎসক ড০ সেউজ কুমাৰ সেনাপতিৰ ওপৰত হোৱা বৰ্বৰ আক্ৰমণত জড়িত ২৪ জন অপৰাধীক হোজাই আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে ৷ এই ঘটনা সন্দৰ্ভত অতি শীঘ্ৰে দাখিল কৰা হ’ব অভিযোগনামা ।
ইতিমধ্যে চিনাক্ত কৰা অপৰাধীসকলৰ তালিকা :
১. ম: কামাৰুদ্দিন
২. ম: জৈনালুদ্দিন
৩. ম: ৰাহানুদ্দিন
৪. চাইফুল আলম
৫. ৰহিমুদ্দিন
৬. ৰিজুল ইছলাম
৭. টাইবুৰ ৰহমান
৮. ৰহিমুদ্দিন
৯. আব্দুল কালাম
১০. নুৰজুল ইছলাম
১১. আব্দুল গুমি
১২. দিলৱাৰ হুছেইন
১৩. আব্দুল হুছেইন
১৪. আনোৱাৰ হুছেইন
১৫. ইক্ৰামুল হুছেইন
১৬. আলিমুদ্দিন
১৭. জামিল আহমেদ
১৮. চাহিল ইছলাম
১৯. চৰিফুদ্দিন
২০. চাফিকুদ্দিন
২১. মতিবুৰ ৰহমান
২২. মিছ মিচবা বেগম

You might also like