নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বকোত জিলমিল ডান্স এণ্ড এক্টিং ফ্ল’ৰৰ গ্ৰীষ্মকালীন শিশুনাট কৰ্মশালা

নিয়মীয়া বাৰ্তা, ১৩ জুলাই: নৃত্য-অভিনয় আদিৰ জৰিয়তে শিশুৰ সুপ্ত প্ৰতিভা বিকাশৰ বাট মুকলি কৰিবলৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ ৷ সেই পদক্ষেপৰ অংশ হিচাপে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু কামৰূপৰ বকোৰ অন্যতম সাংস্কৃতিক অনুষ্ঠান ‘জিলমিল ডান্স এণ্ড এক্টিং ফ্লো’ৰৰ সহযোগত আজিৰ পৰা বকোত আৰম্ভ হৈছে গ্ৰীষ্মকালীন শিশুনাট কৰ্মশালাৰ৷ আজিৰে পৰা বকো হাইস্কুলত ২৭ জুলাই লৈকে বকো-ছয়গাঁৱ সমষ্টি ভিত্তিক অনুষ্ঠিত হ’ব লগা ১৫ দিনীয়া গ্ৰীষ্মকালীন শিশুনাট কৰ্মশালাখনৰ বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰে বকো ৰাজহ চক্ৰৰ চক্ৰ বিষয়া দিৱস বৰদলৈয়ে। জিলমিল ডাণ্স এণ্ড এক্টিং ফ্লোৰ অধ্যক্ষ তথা নৃত্য পৰিচালক মনোজ (মন) দাসে আঁত ধৰা উদ্বোধনী অনুষ্ঠানটোত কলেজ অৱ এডুকেশ্বন বকোৰ সচিব প্ৰধান-শিক্ষাবিদ ড° গণেশ্বৰ চহৰীয়া, বকোৰ বিশিষ্ঠ অভিনেতা-নাট্যকাৰ চন্দন শৰ্মা, বকো সাংস্কৃতিক কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত সাংস্কৃতিক বিষয়া অনুজ বৰুৱা, বকো হাইস্কুলৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক ৰাজেশ মহন্ত, কৰ্মশালাৰ প্ৰশিক্ষক ৰিতুপূৰ্ণ কলিতা, অৱসৰপ্ৰাপ্ত জিলা বন বিষয়া প্ৰহ্লাদ বড়ো, অৱসৰপ্ৰাপ্ত শিক্ষক তথা ফটোগ্ৰাফাৰ জনাথন মাৰাক, বকোৰ বড়িপাৰা প্ৰাথমিক বিদ্যালয়ৰ বঁটা প্ৰাপক প্ৰধান শিক্ষক অমিয় ৰয় প্ৰমূখ্যে কেবাগৰাকী সাংস্কৃতিক কৰ্মী ও বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷ উল্লেখ্য, উক্ত শিশুনাট কৰ্মশালাখনত প্ৰশিক্ষণ ল’ব লগা সমষ্টি ভিত্তিক বাচনিভুক্ত ৩০গৰাকী প্ৰশিক্ষাৰ্থীক কেবাগৰাকী অভিজ্ঞসম্পন্ন প্ৰশিক্ষকে প্ৰশিক্ষণ প্ৰদান কৰিব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে৷

প্ৰেৰক প্ৰীতম বায়ন

You might also like