নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱত ৫জিৰ নামত ৪জিৰ স্পীড হ্ৰাস জিঅৰ : ৩ লাখ গ্ৰাহকৰ বিপৰীতে ৩৫০টা টাৱাৰ

বিশেষ বাৰ্তা, ১১ ফেব্ৰুৱাৰী : ৰিলাইঞ্চ জিঅ মবাইল নেটৱৰ্কৰ গ্ৰাহক সকলে দ্ৰুত নেটৱৰ্কৰ ক্ষেত্ৰত শেহতীয়াকৈ চৰম সমস্যাৰ সন্মুখীন হৈ আহিছে। বিশেষকৈ ৪ জি নেটৱৰ্কৰ জৰিয়তে যি ধৰণৰ স্পীড গ্ৰাহকে পাব লাগে সেই ধৰণে স্পীড গ্ৰাহকে লাভ নকৰাৰ অভিযোগ সৰ্বত্ৰ উঠিছে। জিঅ’ৰ ৪জি নেটৱৰ্ক সেৱাই সৰ্বসাধাৰণ ৰাইজক জ্বলাকলা খোৱাই থকাৰ সময়ত জিঅ’ ৫ জি নেটৱৰ্ক সেৱা দেশৰ আন প্ৰান্তৰ লগতে নগাঁৱতো আৰম্ভ হৈছে। তেনে অৱস্থাত ৪জি নেটৱৰ্কৰ পুতৌজনক স্পীড দেখিবলৈ পোৱা গৈছে। এই বিষয়টোত ৰাইজে ৰহস্যৰ গোন্ধ পাইছে। কাৰণ ৫জি আৰম্ভ হোৱাৰ সময়ত হঠাৎ কিয় ৪জি নেটৱৰ্কৰ স্পীড ক্ৰমান্বয়ে হ্ৰাস পালে এই লৈ বিভিন্ন প্ৰশ্নৰ অৱতাৰণা হৈছে। নগাঁৱত জিঅ’ ৫জিয়ে যেনেকৈ গ্ৰাহকৰ সহাৰি পাব লাগিছিল। সেই হাৰত সহাঁৰি পোৱা পৰিলক্ষিত হোৱা নাই। যাৰ বাবে জিঅ’ ৫জি নেটৱৰ্কৰ প্ৰতি ৰাইজৰ আকৰ্ষণ বৃদ্ধিৰ বাবে ৪জি নেটৱৰ্কৰ সেৱাত কৌশলেৰে টেলিকম কোম্পানীটোৱে নেটৱৰ্কৰ স্পীড কিছু পৰিমাণে হ্ৰাস কৰিছে নেকি সেই প্ৰশ্নৰ উদ্বেগ ৰাইজৰ মাজত ঘটিছে।জিঅ’কোম্পানীৰ এক সুত্ৰই জনোৱা মতে, নগাঁও জিলাত জিঅ’ৰ গ্ৰাহকৰ সংখ্যা তিনি লক্ষাধিক। ইয়াৰ বিপৰীতে  জিলাখনৰ বিভিন্ন স্থানত ৩৫০ টা মবাইল নেটৱৰ্ক টাৱাৰ স্থাপন কৰা হৈছে। ভাৰত চৰকাৰৰ টেলিকম ৰেগুলেটৰী অফ ইণ্ডিয়াৰ অধীনত আৰু অগ্ৰণী স্বেচ্ছাসেৱী অনুষ্ঠান গ্ৰাম বিকাশ পৰিষদৰ উদ্যোগত আজি নগাঁও চহৰৰ এলফিনিষ্টনস্থ এফ জি আই প্ৰেক্ষাগৃহত অনুষ্ঠিত এখন গ্ৰাহক সজাগতা সভাত এগৰাকী জিঅ’ গ্ৰাহকৰ এক প্ৰশ্নৰ উত্তৰত এই তথ্য সদৰী কৰে কোম্পানীটোৰ এগৰাকী বিষয়াই। এটা টাৱাৰৰ জৰিয়তে কিমান সংখ্যক গ্ৰাহকক সংযোগ দিব পাৰি সেই তথ্য সদৰী কৰাৰ পৰা তেওঁ বিৰত থাকে যদিও এক বিশেষ সুত্ৰে জানিব পৰা মতে, এটা জিঅ’ টাৱাৰৰ জৰিয়তে পা‍ঁচ শতাধিক গ্ৰাহকক মবাইল সংযোগ দিব পাৰি। যদি সেয়াই হয় তেন্তে তিনি লক্ষাধিক গ্ৰাহকৰ বাবে জিলাখনত টাৱাৰৰ সংখ্যা হ’ব লাগে ৬ শতাধিক। কিন্তু জিলাখনত বৰ্তমান জিঅ’ টাৱাৰৰ সংখ্যা আছে মাত্ৰ ৩৫০ টা। এইদৰে গ্ৰাহক অনুপাতে টাৱাৰৰ সংখ্যা কম হোৱাৰ বাবেই জিঅ’ নেটৱৰ্কৰ স্পীড লাভত যথেষ্ট ব্যাঘাত জন্মিছে। স্বেচ্ছাসেৱী সংগঠনৰ মুখ্য উপদেষ্টা ছিৰাজ উদ্দিন আহমেদে সঞ্চালনা কৰা সজাগতা সভাত জিঅ’ কোম্পানীৰ হৈ পাৰ্থ প্ৰতীম গগৈ আৰু বসন্ত গায়ন, এয়াৰটেলৰ হৈ হেমন্ত শ্বিনসা, ভডাফোন-আইডিয়াৰ হৈ দিলীপ ৰয় উপস্থিত থাকে। এয়াৰটেল নেটৱৰ্কৰ প্ৰতিনিধি গৰাকীয়ে সংবাদ মাধ্যমক জনোৱা মতে, নগাঁও জিলাত এয়াৰটেলৰ বৰ্তমান গ্ৰাহকৰ সংখ্যা পাঁচ লক্ষাধিক। ইয়াৰ বিপৰীতে টাৱাৰৰ সংখ্যা আছে ৭০০। আনহাতে, ভ’ডাফোন-আইডিয়াৰ গ্ৰাহকৰ সংখ্যা ১.১২ লাখ আৰু টাৱাৰৰ সংখ্যা ২০৮ টা। টাৱাৰ সংস্থাপনৰ নামত কোনো প্ৰৱঞ্চকৰ বলি নহ’বলৈ গ্ৰাহক সকলক সজাগ থাকিবলৈ আহ্বান জনায় টেলিকম কোম্পানীৰ সৈতে পোনপটীয়াকৈ যোগাযোগ কৰাৰ সুবিধা আছে। টাৱাৰ সংস্থাপনৰ ক্ষেত্ৰত টেলিকম কোম্পানীসমুহে বাতৰি কাকত যোগে বিজ্ঞাপন দিবলৈ ৰাইজে পৰামৰ্শ দিয়ে। অনুষ্ঠানত শতাধিক সচেতন গ্ৰাহক ৰাইজ উপস্থিত থাকি তেওঁলোকে সন্মুখীন হৈ অহা বিভিন্ন সমস্যাৰ বিষয়ে কোম্পানীসমুহৰ প্ৰতিনিধি সকলক অৱগত কৰে।

 

প্ৰেৰক কনক হাজৰিকা

You might also like