বঢ়মপুৰত একেদিনাই তিনিখনকৈ পানী যোগান আঁচনিৰ আধাৰশিলা স্থাপন
নিয়মীয়া বাৰ্তা, ৩১ অক্টোবৰঃ ঘৰে ঘৰে বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ উদ্দেশ্যে চৰকাৰে গ্ৰহণ কৰা জলজীৱন মিছনৰ অধীনত দ্ৰুতগতিত চলিছে পানী যোগান আঁচনি নিৰ্মাণৰ কাম। জলজীৱন মিছনৰ অধীনত বঢ়মপুৰ বিধানসভা সমষ্টিত একেদিনাই তিনিখনকৈ পানী যোগান আঁচনিৰ আধাৰশিলা স্থাপন কৰে স্থানীয় বিধায়ক জিতু গোস্বামীয়ে। দেওবাৰে বঢ়মপুৰ বিধানসভা সমষ্টিত জিলা উপায়ুক্ত কবিথা পদ্মনাভন, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ নগাঁও সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা পংকজ বৰদলৈৰ উপস্থিতিত আধাৰশিলা স্থাপন কৰে তিনিখনকৈ পানী যোগান আঁচনিৰ।
সমষ্টিটোৰ বঢ়মপুৰ উন্নয়ন খণ্ডৰ অধীনৰ কালাযোগী পানীযোগান আঁচনি, কঠীয়াতলী উন্নয়ন খণ্ডৰ অধীনৰ শগুণবাহী গ্ৰাণ্ট আৰু শগুণবাহী গাওঁ পানীযোগান আঁচনিৰ আধাৰশিলা স্থাপন কৰা হয়। কালাযোগী পানীযোগান আঁচনিৰ পৰা ৪১০ টা পৰিয়াল, শগুণবাহী গ্ৰাণ্ট পানীযোগান আঁচনিৰ পৰা ৩৫৯ টা পৰিয়াল আৰু শগুণবাহী গাঁও পানীযোগান আঁচনিৰ পৰা ৪৮০ টা পৰিয়ালক সামৰিব পৰাকৈ মুঠ ১২৪৯ টা পৰিয়ালক বিশুদ্ধ খোৱাপানীৰ নলীৰ সংযোগ সংযোগ স্থাপন কৰিব পৰা কাৰ্যক্ষমতাৰ লক্ষ্যৰে আঁচনি কেইখনৰ নিৰ্মাণকাৰ্য্য ইতিমধ্যেই আৰম্ভ কৰা হৈছে। ইয়াৰে কালাযোগী পানীযোগান আঁচনিৰ পৰা ৬ টা চুবুৰী, শগুণবাহী গ্ৰাণ্ট পানীযোগান আঁচনিৰ পৰা এটা চুবুৰী আৰু শগুণবাহী গাঁও পানীযোগান আঁচনিৰ পৰা ৯ টা চুবুৰী সামৰি মুঠ ১৬ টা চুবুৰীৰ ৰাইজ উপকৃত হোৱাকৈ আঁচনিকেইখনৰ গ্ৰহণ কৰা হৈছে বুলি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ নগাঁও সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা পংকজ বৰদলৈয়ে জানিবলৈ দিছে।
উল্লেখ্য যে যে অতি কম সময়ৰ ভিতৰত আঁচনিকেইখনৰ নিৰ্মাণকাৰ্য্য সম্পূৰ্ণ কৰি ৰাইজক বিশুদ্ধ খোৱাপানী যোগান ধৰা হ’ব বুলি উল্লেখ কৰে বিধায়ক জিতু গোস্বামীয়ে।