স্বস্তিৰ নিশ্বাস : বৰছলাত JJMৰ যন্ত্ৰপাতি সক্ৰিয়, পানী যোগান ব্যৱস্থা আৰম্ভ
নিয়মীয়া বাৰ্তা, ২ ডিচেম্বৰঃ যোৱা ২৭ নৱেম্বৰত প্ৰকাশিত— বগা হাতীত পৰিণত বৰছলাৰ মিছামাৰীৰ ধানমাৰা গাঁৱৰ জলজীৱন আঁচনি…. শীৰ্ষক বাতৰি জনপ্ৰতিনিধি, বিভাগীয় কৰ্তৃপক্ষৰ দৃষ্টি গোচৰ হোৱাত আৰু বিষয়া, কৰ্মচাৰী সকলৰ মাজত বাতৰিটোৱে একপ্ৰকাৰে জোকাৰণি সৃষ্টি কৰাৰ ফলত বিগত প্ৰায় ৫-৬ মাহে নিষ্ক্ৰিয় হৈ পৰা জলজীৱন আঁচনিটো অৱশেষত হঠাৎ প্ৰাণ পাই উঠিল আৰু এটুপি বিশুদ্ধ তথা পৰিষ্কাৰ পানীৰ কাৰণে হাহাকাৰ কৰা সকলৰ মাজত স্বস্তিৰ নিশ্বাস এৰা পৰিলক্ষিত হৈছে ৷ উল্লেখ্য যে শোণিতপুৰ জিলাৰ বৰছলা বিধানসভা সমষ্টিৰ অন্তৰ্গত আৰু বৃহত্তৰ মিছামাৰী অঞ্চলৰ ১নং ধানমাৰা গাঁৱৰ প্ৰাথমিক বিদ্যালয়ৰ সমীপত অৱস্থিত চৰকাৰৰ অভিলাষী আঁচনি জলজীৱন মিছনৰ পানী যোগান আঁচনিটো যোৱা কেইবামাহ ধৰি আঁচনিটোৰ যন্ত্ৰপাতি অনিষ্ট হোৱাৰ দোহাই দি বিভাগীয় কৰ্তৃপক্ষই সেইবোৰ মেৰামতি নকৰি আঁচনিটো বন্ধ কৰি ৰাখিছিল ৷ ফলত গাওঁখনৰ বিশেষকৈ একাংশ ৰাইজ এটুপি বিশুদ্ধ তথা পৰিষ্কাৰ পানীৰ পৰা বঞ্চিত হ’বলগীয়া হৈছিল ৷ অতিকৈ দুখৰ বিষয় যিবোৰ পৰিয়ালৰ ঘৰত কুঁৱা, দমকল আদিৰ ব্যৱস্থা আছে কিন্তু বিশুদ্ধ তথা পৰিষ্কাৰ পানী পাবলৈ নাই ৷ আনহাতে দুখীয়া, নিছলা পৰিয়াল যিবোৰে এটুপি বিশুদ্ধ তথা পৰিষ্কাৰ পানীৰ কাৰণে কোনোদিনে এটা দমকল বা কুঁৱা নিজাববীয়াকৈ স্থাপন কৰি ল’ব পৰা নাই তেওঁলোকে এটুপি পৰিষ্কাৰ তথা বিশুদ্ধ পানীৰ কাৰণে কেনেদৰে হাহাকাৰ কৰি ঢপলিয়াই ফুৰিবলগীয়া হৈছিল সেই দৃশ্য স্থানীয় লোকে ভালদৰে উপলব্ধি কৰিছিল৷ জলজীৱন আঁচনিটো বিকল হোৱাৰ পাছত এটুপি পৰিষ্কাৰ তথা বিশুদ্ধ পানীৰ কাৰণে হাহাকাৰ কৰা দুৰ্ভগীয়া লোকসকলৰ দৃশ্য দেখি গুণীজ্ঞানী, সচেতন লোকসকলে বিভাগীয় কৰ্তৃপক্ষৰ সৈতে উক্ত বিষয়টোৰ সন্দৰ্ভত যোগাযোগ কৰিছিল কিন্তু বিভাগটোৰ বিষয়া- কৰ্মচাৰীসকলে বিভিন্ন অজুহাতৰ দোহাই দি দায় সাৰি দিন পাৰ কৰি গৈছিল৷ অৱশেষত দুৰ্ভগীয়া ৰাইজৰ পানীৰ সমস্যা আৰু বিকল জলজীৱন আঁচনিটোৰ বাতৰি সবিস্তাৰে প্ৰকাশ হোৱাৰ লগেলগে বিভাগীয় কৰ্তৃপক্ষৰ মাজত হুৱাদুৱা লাগে আৰু লগেলগে ১নং ধানমাৰা গাঁৱৰ জলজীৱন মিছন আঁচনিত উপস্থিত হৈ ব্যাহত হৈ পৰা আঁচনিটো সক্ৰিয় কৰি তুলে আৰু বাতৰি প্ৰকাশৰ দ্বিতীয় দিনাৰ পৰাই পানী যোগান আঁচনিটো প্ৰাণ পায় উঠে আৰু সেইদিনাৰ পৰাই বুলি আঁচনিটোৰ পানী যোগান ধৰা পাইপ আৰু নল, টেপ আদি সক্ৰিয় হৈ পৰে ৷ ইয়াৰ লগেলগে এটুপি পৰিষ্কাৰ তথা বিশুদ্ধ পানীৰ কাৰণে হাহাকাৰ কৰা লোক সকলে মাহৰ পাছত মাহ ধৰি অভাৱনীয় ভাৱে দিন পাৰ কৰা সমস্যাটো ওৰ পৰে ৷
প্ৰেৰক বগা তপ্ন