নিবনুৱা যুৱক–যুৱতীলৈ সুখবৰঃ মুঠ ২৬,৪৪১টা খালী পদ পূৰণৰ বাবে বিজ্ঞাপন
নিয়মীয়া বাৰ্তা, ২৬ মার্চঃ এক লাখ যুৱক–যুৱতীক চৰকাৰী চাকৰি প্রদানৰ প্রতিশ্রুতি পূৰণৰ ক্ষেত্রত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে বৃহৎ পদক্ষেপ গ্রহণ কৰিছে৷ ৰাজ্যৰ নিবনুৱা যুৱক–যুৱতীসকলল্ সুখবৰ কঢ়িয়াই অসম চৰকাৰে তৃতীয় আৰু চতুর্থবর্গৰ ২৬,৪৪১টা পদৰ বাবে বিজ্ঞাপন প্রকাশ কৰিলে৷ দুটাকৈ বিজ্ঞাপনৰ জৰিয়তে পূৰণ কৰিবলৈ বিচৰা ২৬,৪৪১টা পদৰ ভিতৰত তৃতীয়বর্গৰ মুঠ পদৰ সংখ্যা ১৩,১৪১টা আৰু চতুর্থবর্গৰ পদৰ সংখ্যা হৈছে ১৩,৩০০টা৷ বিজ্ঞাপন অনুসৰি ১১ এপ্রিলৰ পৰা অনলাইনৰ জৰিয়তে আবেদনকাৰীয়ে আবেদন কৰিব পাৰিব আৰু আবেদনৰ অন্তিম দিন ৩০ মে’৷ তৃতীয়বর্গৰ একাউণ্টেণ্ট, কেচিয়াৰ, জুনিয়ৰ এছিছটেণ্ট, এল ডি এ আৰু ষ্টেন’গ্রাফাৰৰ মুঠ পদৰ সংখ্যা ৮,৩৩১টা৷ ইয়াৰ বাবে প্রার্থী স্নাতক ডিগ্রীধাৰী হোৱাৰ লগতে কমেও ৬ মাহৰ কম্পিউটাৰ চার্টিফিকেট থাকিব লাগিব৷ ফিল্ড এছিছটেণ্ট, ফিল্ডমেন, ফৰমেন, ছেকচন এছিছটেণ্ট, ছইল কনজাৰভেচন, ফিল্ড ৱর্কাৰ, জুনিয়ৰ এগ্রিকালচাৰ এক্সটেনচন অফিচাৰৰ মুঠ পদৰ সংখ্যা ৩,৬৯০টা৷ আনহাতে ড্রাইভাৰৰ মুঠ পদৰ সংখ্যা ১,১২০টা৷