চামগুৰিত কংগ্ৰেছত খহনীয়া : দুই শতাধিকৰ বিজেপিত যোগদান
নিয়মীয়া বাৰ্তা, ২০ জানুৱাৰীঃ আগন্তুক পঞ্চায়ত নিৰ্বাচনক লৈ প্ৰতিটো ৰাজনৈতিক দলসমূহৰ মাজত আৰম্ভ হৈছে কুচ-কাৱাজ। প্ৰতিটো ৰাজনৈতিক দলসমূহে নিজৰ নিজৰ সাংগঠনিক ভেটি শক্তিশালী কৰিবলৈ আৰম্ভ কৰিছে ব্যাপক তৎপৰতা। চামগুৰি সমষ্টিৰ অন্তৰ্গত ৰূপহী-ৰৌমাৰী পঞ্চায়তত বিজেপিৰ এক যোগদান সভা অনুষ্ঠিত হয়৷ উক্ত সভাত কংগ্ৰেছ দল ত্যাগ কৰি প্ৰায় দুই শতাধিক কংগ্ৰেছ দলৰ নেতা কৰ্মী বিজেপিৰ নীতি আদর্শৰ প্রতি আকৃষ্ট হৈ বিজেপিত আনুষ্ঠানিকভাবে যোগদান কৰে। বিজেপিত যোগদান কৰাসকলক বিজেপি নেতা সুৰেশ বৰা, মজিবুৰ ৰহমান, অগপ নেতা আমিনুল ইছলামে বিজেপিৰ দলীয় টুপী আৰু গামোছাৰে আদৰি লয়৷ উল্লেখ্য যে চামগুৰি সমষ্টিৰ উপ নিৰ্বাচনৰ পিছৰে পৰা সমষ্টিটোত কংগ্ৰেছত খহনীয়া অব্যাহত আছে৷
প্ৰেৰক জহিৰুল ইছলাম