জোনাইত ১৯.৯২ গ্ৰাম ব্ৰাউন চুগাৰসহ নগদ পোন্ধৰশ টকা জব্দ
নিয়মীয়া বাৰ্তা, ১০ নৱেম্বৰঃ ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে জোনাই মহকুমা আৰক্ষীয়ে । অসম অৰুণাচল সীমান্ত জোনাই অন্তৰ্গত লেকু গাৱত মহকুমা আৰক্ষী বিষয়া ভাৰ্গৱমুনি দাসৰ নেতৃত্ব আৰু উপপৰিদৰ্শক আৰ আৰ দাসৰ সহযোগত গোপন সুত্ৰৰ ভিত্তিত যোৱা মংগলবাৰ নিশা ড্ৰাগছৰ বিৰূদ্ধে আভিযান চলায়৷ অভিযানত জোনাই আৰক্ষীয়ে লেকু জেলেম গাঁৱত লেকু জেলেম গাওঁৰ নিবাসী মিলং পাইতৰ নামৰ ব্যক্তিজনৰ ঘৰৰ পৰা ১৯.৯২ গ্রাম ওজনৰ ব্ৰাউন চুগাৰ জব্দ কৰে। কিন্ত আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰীৰ মিলং পাইত আৰু তেওঁৰ পৰিবাৰৰ আটক কৰিব সক্ষম নহল৷ দুয়ো আৰক্ষীৰ অহা খৱৰ পাই পলায়ন কৰে বুলি জানিব পৰা গৈছে৷ সেই সন্দৰ্ভত জোনাই আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰি ড্ৰাগছ ব্যৱসায়ী জড়িত মিলং পাইত আৰু পৰিবাৰক আটক কৰিবলৈ জোৰদাৰ অভিযান অব্যাহত ৰাখিছে জোনাই আৰক্ষীয়ে৷