নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মিছামাৰীৰ কিশোৰী দিল্লীত কাম কৰা ঠাইৰ পৰা ঘৰলৈ পলায়ন

মানৱ সৰবৰাহকাৰীয়ে দিল্লীত কাম দিয়াৰ চলেৰে লৈ গৈছিল নেহা মাহলি নামৰ কিশোৰী গৰাকীক

নিয়মীয়া বাৰ্তা  ১০ নৱেম্বৰঃ – শোণিতপুৰ জিলাৰ মিছামাৰী আৰক্ষী থানাৰ অন্তৰ্গত আৰু সোণাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যৰ কাষৰ গোলাই চেণ্টাৰ সমীপৰ কানপুৰৰ বাসিন্দা বিজয় মাহলি নামৰ লোকজনৰ কন্যা নেহা মাহলি (১৬)ক ওচৰৰে বেঙেনাজুলি গাঁৱৰ বিজয় ঠাকুৰীয়া নামৰ লোকজনে দিল্লীত কাম দিয়াৰ চলেৰে ফুচুলাই নিয়াৰ পাছত অৱশেষত তাৰ পৰা তাই পলায়ন কৰি আহি সম্প্ৰতি ঠেলামৰা থানাৰ আৰক্ষীৰ জিম্মাত থকা কিশোৰী গৰাকীক লৈ ৰহস্যৰ সৃষ্টি হৈছে ৷ আৰক্ষীৰ জিম্মাত থকা নেহা মাহলি নামৰ কিশোৰী গৰাকী জানিবলৈ দিয়ামতে প্ৰায় তিনি মাহ পূৰ্বে উল্লেখিত বিজয় ঠাকুৰীয়া নামৰ লোকজনে নেহা মাহলিৰ লগতে তাইৰ ভণ্টি ইফনিতা মাহলিক দিল্লীত কাম দিয়াৰ চলেৰে লৈ গৈছিল ৷

দিল্লীত গৈ পোৱাৰ পাছতে দুই বাই ভনীয়েকক পৃথকে কৰি নেহা মাহলিক মানুহৰ ঘৰত বনকৰা কামত লগাই দিয়ে ৷ আনহাতে তাইৰ ভণ্টি ইফনিতা মাহলিক বিজয় ঠাকুৰীয়াই ক’ত কি কাম দিয়ে সেইটো নেহা মাহলিয়ে অৱগত নহয় বুলি প্ৰকাশ কৰিছে ৷

উল্লেখ্য যে ঠেলামৰা থানাৰ আৰক্ষীৰ জিম্মাত থকা নেহা মাহলিয়ে মানুহৰ ঘৰত বনকৰা কামত ভাল নলগাৰ বাবেই তাৰপৰা পলায়ন কৰিছে বুলি জনাইছে যদিও তাই সদৰি কৰা কথা বাৰ্তাত ৰহস্য লুকাই আছে বুলি জানিবলৈ দিছে ৷ প্ৰায় তিনিমাহ পূৰ্বে দুই বাই-ভনীয়েকক মানৱ সৰবৰাহকাৰী বিজয় ঠাকুৰীয়া নামৰ লোকজনে দিল্লী লৈ নিয়াৰ পাছত নেহা মাহলি ৰেল গাড়ীত উঠি কালি গুৱাহাটী আহি পাই ৷ তাই জানিবলৈ দিয়ামতে তাইৰ হাতত কোনো ধৰণৰ টকা পইছা নাছিল ৷ গুৱাহাটী অভিমুখী ৰেলত উঠি আহোঁতে টিটিয়ে গাড়ী ভাড়াৰ টিকট বিচৰাত তাই সকলো কথা বিবৰি কোৱাত ৰেলৰ টিটিয়ে গুৱাহাটীলৈকে বিনা ভাড়াতে অহাত সহায় কৰে ৷

দিল্লীৰ পৰা গুৱাহাটীলৈকে কিশোৰী গৰাকী ৰেলেৰে কোনোমতে আহি পোৱাৰ পাছত মিছামাৰীৰ ঘৰলৈ আহিবলৈ তাই চিন্তা কৰি থাকোঁতে প্লেটফৰ্মত টহলদাৰি ৰেল আৰক্ষীয়ে তাইক পাই সোধপোছ কৰাত নেহা মাহলিয়ে আৰক্ষীৰ দলটোক সকলো বিবৰি কোৱাত তেওঁলোকে তাইক হাতত গাড়ী ভাড়া দিয়াৰ লগতে কিশোৰী গৰাকীক তেজপুৰ লৈ অহা বাছ গাড়ীত তুলি দিয়ে ৷

ইফালে কিশোৰী গৰাকীৰ লগত কোনো লোক নথকাত বাছ গাড়ীখনৰ পৰিচালক সকলে ঠেলামৰা আৰক্ষী থানাত নিশা প্ৰায় ৮ বজাত গতাই দি থৈ যায় ৷ বাতৰি যুগত কৰা সময়লৈকে কিশোৰী নেহা মাহলি ঠেলামৰা আৰক্ষী থানাতে আছিল আৰু আৰক্ষীয়ে তাইক সোধপোছ কৰি থকা বুলি জানিবলৈ দিছে ৷ নেহা মাহলি মানৱ সৰবৰাহকাৰী হাতৰ কবলৰ পৰা কোনোমতে উদ্ধাৰ হোৱাৰ পাছত তাইৰ ভণ্টি ইফনিতা মাহলি কেনেকৈ উদ্ধাৰ কৰে সেইটো পৰৱৰ্তী সময়ত দেখিবলৈ পোৱা যাব ৷ উল্লেখ্য যে যিসময়ত মানৱ সৰবৰাহকাৰীৰ বিৰুদ্ধে চৰকাৰ, আৰক্ষী প্ৰশাসন, চৰকাৰী বেচৰকাৰী বিভিন্ন দল সংগঠনে সজাগতা সভা অনুষ্ঠিত কৰি ৰাইজক সজাগ কৰাৰ প্ৰচেষ্টা দেখিবলৈ পোৱা গৈছে তেনে সময়ত সময় সুযোগ চাই মানৱ সৰবৰাহকাৰী সকলে কিশোৰী, যুৱতীৰ উপৰি কিশোৰ যুৱক সকলক কাম দিয়াৰ চলেৰে ফুচুলাই বহিঃৰাজ্যত নিয়া ধাৰাবাহিকতা বিষয়টো দুৰ্ভাগ্যজনক ৷

You might also like