নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাইত নাবালিকাৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱা ২যুৱক গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা,  ৩ ফেব্ৰুৱাৰী:: ৰাজ্যত ক্ষীপ্ৰ গতিত আৰম্ভ হৈছে বাল্য বিবাহ বিৰোধী অভিযান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাল্য বিবাহৰ বিৰুদ্ধে ৰাজ্যৰ আৰক্ষী-প্ৰশাসনক তৎপৰ ভূমিকা ল’বলৈ নিৰ্দেশ প্ৰদানৰ পিচতেই তৎপৰ হৈছে অসম আৰক্ষী ৷ বৃহস্পতিবাৰৰ নিশাৰে পৰা অসম আৰক্ষীয়ে বাল্য বিবাহৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে ।
জোনাইতো মুখ্যমন্ত্ৰীৰ ঘোষনাৰ পাছতেই বাল্য বিবাহৰ বিৰুদ্ধে সৰৱ জোনাই আৰক্ষী জোনাইত নাবালিকাৰ সৈতে বিবাহ পাশত আৱদ্ধ হোৱা ২জনকৈ যুৱক গ্ৰেপ্তাৰ জোনাই আৰক্ষীৰ । যুৱক দুজনজোনাইৰ বৰবালি গাঁৱৰ টেলজিত সোণোৱাল আৰুজোনাই মহমৰা গাওঁৰ ৰাজা চাৰহ  বুলি জানিব পৰা গৈছে৷
উল্লেখ্য যে জোনাই থানাত  মুঠ ২২ টা বাল্যবিৱাহৰ গোচৰ ৰুজু হোৱাৰ বিপৰীতে জোনাই অসামৰিক চিকিৎসালয় আৰু জোনাই খণ্ড প্ৰাৰ্থমিক স্বাস্থ্য কেন্দ্ৰৰ তথ্য মতে জোনাই মহকুমাত মুঠ ২৬৮ জন নাবালিকাক বিবাহ কৰোৱা স্বামী থকা বুলি জানিব পৰা গৈছে৷  জোনাই আৰক্ষীয়ে নাবালিকাক বিবাহ কৰোৱাৰ  যুৱকৰ বিৰুদ্ধে তদন্ত অব্যাহত ৰাখিছে৷
You might also like