নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উন্নয়নৰ পৰা বঞ্চিত জোনাইৰ ২ নং মিৰি টাক গাঁওঃ দান-বৰঙনি আৰু শ্ৰমদানেৰে ৰাইজে নিৰ্মাণ কৰিলে বাঁহৰ দলং

নিয়মীয়া বাৰ্তা, ২৩ মে’: জোনাই মহকুমাৰ অন্তৰ্গত ২ নং মিৰি টাক গাঁৱৰ ৰাইজে আজিও দেখিবলৈ নাপালে উন্নয়নৰ পোহৰ। প্রায় শতাধিক পৰিয়ালে বসবাস কৰা ২নং মিৰি টাক গাঁৱৰ ৰাইজে বছৰ বছৰ ধৰি জীয়াতু ভুগি আহিছে যাতায়াত, চিকিৎসা, শিক্ষা আদিৰ ক্ষেত্ৰত। গাঁওখনৰ কাষেদি বৈ যোৱা ডেঃতাগ নদী আৰু বিধ্বস্ত বাট-পথৰ ফলত বাৰিষাত গাঁৱখনৰ ৰাইজে প্ৰায়ে কটাব লাগে গৃহবন্ধিৰ দৰে জীৱন। ডেঃতাগ নদীৰ ওপৰত দলং এখন নিৰ্মাণৰ বাবে বিভিন্ন সময়ত বিধায়ক, সাংসদ, মিচিং স্বায়ত্তশাসিত পৰিষদ তথা পঞ্চায়ত প্রতিনিধিক আবেদন-নিবেদন কৰি অহাৰ পিছতো আজি কোপতি কোনোধৰণৰ গুৰুত্ব নিদিয়াত গাঁৱখনৰ ৰাইজে নদীখনক কেতিয়াবা একাঠু, এককাল আৰু কেতিয়াবা এডিঙি বা সাতুৰি হলেও পাৰাপাৰ কৰি অব্যাহত ৰাখিছে বহিঃজগতৰ সৈতে যোগাযোগ।

ইফালে গাঁৱখনৰ কণকণ ছাত্র-ছাত্রীসকলে ডেঃতাগ নদীৰ সিপাৰে থকা টাক গিটুং চৰকাৰী প্ৰাথমিক বিদ্যালয়লৈ দৈনিক নদীখনক বিপদ সংকুলভাৱে পাৰাপাৰ কৰি যাবলগীয়া হোৱাত চিন্তিত হৈ পৰিছে অভিভাৱক ৰাইজে। যাৰ ফলত বাৰিষা বা পানী বাঢ়িলে কণকণ ছাত্ৰ-ছাত্ৰীৰ বন্ধ হৈ পৰে বিদ্যালয়লৈ যোৱাও। ইফালে গাঁওখনৰ বিধ্বস্ত বাট-পথ তথা ডেঃতাগ নদীৰ ওপৰত দলং নথকাত গাঁৱখনৰ ৰাইজে ৰোগীক চিকিৎসালয়লৈ নিয়াৰ ক্ষেত্ৰতো ভুগিছে চৰম যাতনা।

অকল নির্বাচনৰ সময়ত বিভিন্ন ভুৱা প্ৰতিশ্ৰুতিৰে বিধায়ক, সাংসদ, মিচিং স্বায়ত্তশাসিত পৰিষদকে ধৰি পঞ্চায়ত প্রতিনিধিসকলে ৰাইজৰ ভোট বিছাৰি আহে যদিও জয়ী হোৱাৰ পিছত ৰাইজক দিয়া প্ৰতিশ্ৰুতিবোৰ বাস্তৱ ৰূপায়নৰ বাবে কাৰোৰে নোলাইগে আহৰি। যাৰ ফলত দেওবাৰে ২ নং মিৰি তাক গাঁৱৰ ৰাইজে চৰকাৰ কিম্বা জনপ্রতিনিধিলৈ আৰু বৰসা নকৰি ৰাইজৰ দান-বৰঙণিৰে ডেঃতাগ নদীৰ ওপৰত পুৰুষ-মহিলা উভয়ে ওলাই আহি বাহেৰে এনেদৰে দলং সাজি ৰূপায়ন কৰে শ্ৰমদান কাৰ্যসূচী।

You might also like